ETV Bharat / entertainment

Papon health condition: কেনে আছে পাপন ? ছ‘চিয়েল মিডিয়াযোগে জনালে স্বাস্থ্যৰ আপডেট

author img

By

Published : May 14, 2023, 3:41 PM IST

শেহতীয়াকৈ স্বাস্থ্যজনিত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে মুম্বাই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল জনপ্ৰিয় কণ্ঠশিল্পী পাপন (Papon health condition)। অৱশ্যে এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কিয়নো দ্ৰুতগতিত সুস্থ হৈ উঠিছে কণ্ঠশিল্পীগৰাকী ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Papon makes swift recovery from stomach ailment, heads to UK
সুস্থ হৈয়ে ব্ৰিটেইনলৈ ৰাওনা হ’ল পাপন

চিটাৰা ডেস্ক, ১৪ মে’: শেহতীয়াকৈ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত স্বাস্থ্যজনিত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল (Papon hospitalized) । বৃহস্পতিবাৰে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পাপনক ৷ কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল এই খবৰ ৷ ইয়াৰ পিচতে চিন্তিত হৈ পৰিছিল অনুৰাগীসকল (Papon health condition) ৷ কিন্তু অনুৰাগীৰ বাবে এতিয়া আহিছে এটা ভাল খবৰ ৷ কিয়নো এতিয়া আৰু চিন্তাৰ কাৰণ নাই ৷ কাৰণ সুস্থ হৈ উঠিছে পাপন ৷

হয়, অসুস্থ হৈছিল যদিও দ্ৰুতগতিত সুস্থ হৈ উঠিছে কণ্ঠশিল্পীগৰাকী ৷ এতিয়া কৰ্ম আৰু অবসৰৰ বাবে পৰিয়ালৰ সৈতে যুক্তৰাজ্য ভ্ৰমণলৈ গৈছে পাপন। উল্লেখ্যে যে ১১ মে’ৰ পুৱতি নিশা পাপনক পেটৰ অসুস্থতাৰ বাবে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Papon was admitted to Mumbai hospital) । এদিনৰ পাচত ১২ মে’ৰ সন্ধিয়া তেওঁক ডিচচাৰ্জ দিয়া হয়, কিয়নো অতি সোনকালেই সুস্থ হৈ উঠিছিল কণ্ঠশিল্পীগৰাকী ৷

ইফালে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ফলত পাপনে নিজৰ যাত্ৰা কিছুদিনৰ বাবে পিছুৱাই দিব লগা হৈছিল (Papon hospitalised due to stomach ailment)। অনুৰাগীৰ পৰা পোৱা সমৰ্থন আৰু শুভেচ্ছাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি পাপনে ইনষ্টাগ্ৰামত বিমানখনৰ পৰা এখন ছবি শ্বেয়াৰ কৰিছে (Papon recent news) ।

ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, "শ্ব'টো চলিবই লাগিব ! মোৰ আৰোগ্যৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ বাবে সকলোকে ধন্যবাদ ! মোলৈ পঠোৱা সকলো মৰমৰ বাবে ধন্য অনুভৱ কৰিছো !! লাভ বেক টু ইউ অল । মই এতিয়া পূৰ্বতকৈ বহুত সুস্থ হৈ উঠিছো আৰু পোনে পোনে আগবাঢ়িলোঁ বিমানবন্দৰলৈ ! চিন্তা নকৰিব ঘৰৰ পৰা অহা দাল খিচিৰি মোৰ লগত যাত্ৰা কৰি আছে !"

ইয়াৰ পিচতে অনুৰাগীয়ে পোষ্টটোত কমেন্ট কৰা দেখা যায় ৷ এজন অনুৰাগীয়ে লিখিছে ,"বহুত মৰম আৰু শুভেচ্ছা প্ৰেৰণ কৰিছো। আমি ৰৈ থাকিব নোৱাৰো যে আপোনাক সোনকালে পুনৰ কৰ্মত দেখা পাম !" আন এজন অনুৰাগীয়ে লিখিছে,"আপোনাক আকৌ দেখা পাই সুখী হৈছো ৷ আমি ভাল পাওঁ আপোনাক গতিকে ৷ যত্ন লওক ৷ এতিয়া কেইদিনমানৰ বাবে 'দাল খিচিৰি' আপোনাৰ বন্ধু হওক ৷"

লগতে পঢ়ক: Angarag Papon Mahanta hospitalized: হাস্পতালত ভৰ্তি অংগৰাগ পাপন মহন্ত , কি হ’ল পাপনৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.