ETV Bharat / entertainment

Oscars 2024 Date : ২০২৪ ৰ অস্কাৰ বঁটাৰ তাৰিখ ঘোষণা, জানি লওক কেতিয়া হ’ব অস্কাৰ ?

author img

By

Published : Apr 25, 2023, 10:48 AM IST

অস্কাৰ ২০২৪ বঁটাৰ বাবে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে চলাইছে প্ৰস্তুতি । এই খণ্ডত একাডেমী বঁটা ২০২৪ (৯৬ সংখ্যক একাডেমী বঁটা)ৰ সূচী আয়োজক সমিতিৰ দ্বাৰা জাৰি কৰা হৈছে (Oscars 2024 Date) ।

Oscars 2024 to take place on this date
একাডেমী বঁটা ২০২৪ ৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 25 এপ্ৰিল: অস্কাৰ ২০২৩ ৰ জনপ্ৰিয়তা এতিয়াও শেষে হোৱা নাই (Oscars 2023) ৷ ইয়াৰ মাজতে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে ৯৬ সংখ্যক সংস্কৰণৰ বঁটা প্ৰদান অনুষ্ঠানৰ তাৰিখ ঘোষণা কৰিছে । ভেৰাইটিৰ বাতৰি অনুসৰি সোমবাৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে আৰু এবিচিয়ে এই কথা ঘোষণা কৰে । ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছে (Oscars 2024 Date)।

দ্য একাডেমীৰ অফিচিয়েল ইনষ্টাগ্ৰামত একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেৰ ছ’চিয়েল মিডিয়াই ঘোষণা কৰিছে অস্কাৰ ২০২৪ (Oscars 2024) । অহা ১০ মাৰ্চত অনুষ্ঠিত হ’ব ৯৬ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান । অস্কাৰ ২০২৪ ৰ সাধাৰণ শাখাৰ বাবে আবেদন দাখিলৰ শেষ তাৰিখ ১৮ নৱেম্বৰ ২০২৩ । চৰ্টলিষ্টৰ প্ৰাৰম্ভিক ভোটদান ১৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২১ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব । মনোনয়নৰ বাবে ভোটদান ২০২৪ চনৰ ১১-১৬ জানুৱাৰীলৈ নিৰ্ধাৰণ কৰা হৈছে (Academy Awards 2024) ।

বিশ্বৰ ২০০ খন দেশৰ ডলবি থিয়েটাৰৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত হ’ব অস্কাৰ, ২৩ জানুৱাৰীত আনুষ্ঠানিক মনোনয়ন ঘোষণা কৰা হ’ব আৰু ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চূড়ান্ত ভোটৰ মাজত চাৰি সপ্তাহ সময় থাকিব । এই অনুষ্ঠানটো হলিউডৰ ডলবি থিয়েটাৰৰ পৰা এবিচিত আৰু বিশ্বৰ ২০০ ৰো অধিক টেৰিটৰীত লাইভ প্ৰচাৰ কৰা হ’ব (Academy awards 2024)।

৯৬ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ১০ মাৰ্চ, ২০২৪ গভৰ্ণৰ বঁটা (শনিবাৰ) ১৮ নৱেম্বৰ, ২০২৩ ৰ পুৱা ৯ বজাৰ পৰা আগতীয়া ভোটদান আৰম্ভ হ’ব । ২০২৩ চনৰ ২১ ডিচেম্বৰত সন্ধিয়া ৫ বজাত প্ৰাথমিক ভোটগ্ৰহণৰ অন্ত পৰিব । ২০২৩ চনৰ ২১ ডিচেম্বৰত ঘোষণা কৰা হ’ব অস্কাৰৰ চৰ্টলিষ্ট । যোগ্যতাৰ সময়সীমা ২০২৩ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব ।

ইয়াৰ পিচত ২০২৪ চনৰ ১১ জানুৱাৰীৰ পৰা পুৱা ৯ বজাৰ পৰা মনোনয়ন ভোটদান আৰম্ভ হ’ব । ২০২৪ চনৰ ১৬ জানুৱাৰীত সন্ধিয়া ৫ বজাত ভোটদানৰ অন্ত পৰিব । ২০২৪ চনৰ ২৩ জানুৱাৰীত ঘোষণা কৰা হ’ব অস্কাৰৰ মনোনয়ন । ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা পুৱা ৯ বজাৰ পৰা চূড়ান্ত ভোটগ্ৰহণ আৰম্ভ হ’ব ।

২০২৪ চনৰ ২৩ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব এই বৈজ্ঞানিক আৰু কাৰিকৰী বঁটা । ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজাত চূড়ান্ত ভোটদানৰ অন্ত পৰিব । ২০২৪ চনৰ ১০ মাৰ্চত প্ৰদান কৰা হ’ব ৯৬ সংখ্যক অস্কাৰ বঁটা । (ANI)

লগতে পঢ়ক : Salman Khan: মেনে প্যাৰ কিয়াৰ সহ অভিনেতা ভাগ্যশ্ৰী-মহনীশৰ কন্যাৰ লগত ছলমানৰ ছবি; ভাগ্যশ্ৰীয়ে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.