ETV Bharat / entertainment

OMG 2 Release Date: ভগৱান শিৱৰ অৱতাৰত দেখা যাব অক্ষয় কুমাৰক, জানি লওক অ এম জি 2ৰ মুক্তিৰ তাৰিখ

author img

By

Published : Jun 9, 2023, 2:25 PM IST

অক্ষয় কুমাৰ আৰু য়ামি গৌতমৰ অভিনীত ছবি ‘Oh My God 2’ৰ মুক্তিৰ তাৰিখ ঘোষণা । ছবিখনৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি অক্ষয় কুমাৰে জনালে ছবিখনৰ মুক্তিৰ তাৰিখ ৷

OMG 2 to hit big screens on THIS date
OMG 2 মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 9 জুন: ২০১২ চনত মুক্তি পোৱা অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালৰ অভিনীত ছবি ‘অ’ মাই গড’ বক্স অফিচত ছুপাৰহিট ৰূপে পৰিগণিত হৈছিল ৷ অ’ মাই গড ছবিখনৰ সফলতাৰ ১১ বছৰৰ পাচত পুনৰ অক্ষয় কুমাৰে অনুৰাগীক দিলে সুখবৰ ৷ অতি সোনকালেই আহি আছে ‘অ’ মাই গড ২’ । প্ৰথম খণ্ডত অক্ষয় কুমাৰক ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত দেখা পোৱা গৈছিল ৷ কিন্তু 'অ মাই গড ২'ত অক্ষয়ক ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব । শেহতীয়াকৈ মুকলি হ’ল ছবিখনৰ পোষ্টাৰ (Akshay Kumar in OMG 2) ৷

উল্লেখ্য যে 'অ মাই গড ২'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰ, অভিনেত্ৰী য়ামি গৌতম আৰু পংকজ ত্ৰিপাঠীয়ে । একে সময়তে অক্ষয় কুমাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নতুন পোষ্টাৰ শ্বেয়াৰ কৰি ছবিখনৰ চিত্ৰগৃহত মুক্তিৰ তাৰিখ ঘোষণা কৰিছে (OMG 2 Release Date)।

'অ মাই গড ২'ৰ মুক্তিৰ তাৰিখ ঘোষণা অক্ষয় কুমাৰৰ

শুকুৰবাৰে পুৱা অক্ষয় কুমাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ কৰে যে ২০২৩ চনৰ ১১ আগষ্টত ছবিখন ছবিগৃহত মুক্তি পাব । অক্ষয় কুমাৰে পোষ্টটোত লিখিছে, "আ ৰাহে হে হাম, আয়েগা আপ ভি । ১১ আগষ্টত ।’’ অভিনেতাজনে মুকলি কৰা 'অ মাই গড ২'ৰ নতুন পোষ্টাৰত তেওঁক ভগৱান শিৱৰ ৰূপত দেখা গৈছে । ইফালে ছবিখনৰ মুক্তিৰ তাৰিখ লিখা আছে পোষ্টাৰত ।

ইফালে য়ামীয়েও শ্বেয়াৰ কৰে ছবিখনৰ পোষ্টাৰ

অভিনেত্ৰী য়ামী গৌতমেও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত একেখন পোষ্টাৰ শ্বেয়াৰ কৰিছে (Akshay kumar upcoming film)। তেওঁ লিখিছে, "তাৰিখ লক ! OMG 2 11 আগষ্টত ছবিগৃহত মুক্তি পাব । ছবিগৃহত লগ পাম সকলোকে !"

'অ মাই গড ২'ত সামাজিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা ছবি

ভাৰতৰ যৌন শিক্ষাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে Oh My God 2 । অশ্বিন ভাৰ্ডে, ভায়াকম ১৮ আৰু জিঅ’ ষ্টুডিঅ’ হৈছে অ’ মাই গড ২ৰ প্ৰযোজক। অক্ষয় কুমাৰে ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা মধ্যপ্ৰদেশত ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছিল ।

ইয়াৰ পিচত তেওঁ ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, "কৰ্তা কৰে না কৰে শিৱ কৰে ছ' হ'য়ে । অ'এম জি ২ৰ বাবে আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লাগে, আমাৰ এটা গুৰুত্বপূৰ্ণ সামাজিক বিষয়ৰ ওপৰত চিন্তা কৰাৰ আন্তৰিক আৰু বিনম্ৰ প্ৰচেষ্টা । হৰ হৰ মহাদেৱে আমাক এই যাত্ৰাৰ মাজেৰে আশীৰ্বাদ কৰক ।"

লগতে পঢ়ক: Adipurush Free Tickets : সঁচাকৈ বিনামূলীয়া হ’ব নেকি আদিপুৰুষৰ টিকট ? ক’ত উপলব্ধ হ’ব এই টিকট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.