ETV Bharat / entertainment

Nora Fatehi FIFA 2022, ফিফা ৱৰ্ল্ডকাপত দেখিবলৈ পাব নোৰাৰ নৃত্য

হলীউড তাৰকা জেনিফাৰ লোপেজৰ পিছত শ্বাকিৰা আৰু এতিয়া গ্ল’বেল আইকন নোৰা ফাতেহীয়ে ফিফা (FIFA 2022) বিশ্বকাপত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাইছে (Nora Fatehi FIFA 2022) ৷ সবিশেষ পঢ়ক-

Nora Fatehi FIFA 2022
ফিফা ৱৰ্ল্ডকাপত দেখিবলৈ পাব নোৰাৰ নৃত্য
author img

By

Published : Oct 7, 2022, 6:03 PM IST

Updated : Oct 29, 2022, 2:56 PM IST

চিটাৰা ডেস্ক, 7 অক্টোবৰ: গ্ল’বেল আইকন নোৰা ফাতেহীয়ে গৌৰাৱান্বিত কৰিলে ভাৰত বাসীক ৷ নোৰা বুলিলেই সকলোৰে মনলৈ আহে নৃত্য ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আচৰিত নৃত্য ভংগীমাৰ বাবে পৰিচিত নোৰা ফাতেহী । শেহতীয়াকৈ নোৰাই আকৌ এবাৰ বিশ্বৰ মানচিত্ৰত ভাৰতৰ নাম পঞ্জীয়ন কৰিছে । হলীউড তাৰকা জেনিফাৰ লোপেজৰ পিছত শ্বাকিৰা আৰু এতিয়া গ্ল’বেল আইকন নোৰা ফাতেহীয়ে ফিফা (FIFA 2022) বিশ্বকাপত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাইছে ।

ডিচেম্বৰত হ’বলগীয়া ফিফা ৱৰ্ল্ডকাপত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব । নোৰাৰ এই খবৰে আনন্দিক কৰি তুলিছে অনুৰাগীক ৷ আনহাতে বিশ্বৰ মঞ্চত ভাৰত আৰু দক্ষিণ-পূব এছিয়াক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে নোৰা । ইয়াৰ পূৰ্বে ফিফা ৱৰ্ল্ডকাপত শ্বাকিৰা আৰু জেনিফাৰ লোপেজে অনুষ্ঠান পৰিৱেশন কৰিছিল । ফিফাৰ মিউজিক ভিডিঅ’ত অন্তৰ্ভূক্ত হোৱা পৰৱৰ্তী শিল্পী নোৰা ফাতেহীক এইবাৰৰ ফিফাৰ মঞ্চত নৃত্য কৰা দেখিবলৈ পোৱা যাব (Nora Fatehi news) ।

নোৰাই যি গীতত নৃত্য পৰিবেশন কৰিব সেই গীতটোৰ ৰচনা কৰিছে বিশ্ববিখ্যাত সংগীত প্ৰযোজক ৰেডনে, বিশ্বৰ অন্যতম বিখ্যাত সংগীত প্ৰযোজক । বিগত সময়ছোৱাত ৰেডনে ফিফাৰ গান যেনে শ্বাকিৰাৰ ৱাকা ৱাকা, লা লা লা আদি গীততো কাম কৰি অনুৰাগীক মুহিবলৈ সক্ষম হৈছিল ।

উল্লেখযোগ্য যে ফিফাৰ উদ্বোধনী আৰি সামৰণি দুয়োটা অনুষ্ঠান দুয়োটাতে নোৰাই নৃত্য পৰিৱেশন কৰিব (Nora Fatehi to preform at FIFA world cup 2022)। ইয়াৰ বাবে তেওঁ চুক্তিবদ্ধ হৈছে ৷ ই যিকোনো এজন শিল্পীৰ বাবে বিৰল তথা গৌৰৱৰ বিষয় । সংবাদ মাধ্যমৰ খবৰবোৰ বিশ্বাস কৰিবলৈ হ’লে উদ্বোধনী অনুষ্ঠানত নোৰাক এটা জনপ্ৰিয় হিন্দী গীতত নৃত্য কৰা দেখিবলৈ পোৱা যাব ।

কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে নোৰাক বৰ্তমান টিভি শ্ব’ ঝলক দিখলা যাত বিচাৰক হিচাপে দেখা গৈছে । ইয়াৰ উপৰিও নোৰাই সিদ্ধাৰ্থ আৰু অজয় ​​দেৱগণৰ ‘থেংক গড’ ছবিখনতো নৃত্য কৰিছে ।

লগতে পঢ়ক : Deepika Padukone on racism,হলীউডত বৰ্ণবাদৰ সন্মুখীন হৈছিল দীপিকা পাডুকন

Last Updated : Oct 29, 2022, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.