ETV Bharat / entertainment

Nitin Desai Funeral: কেতিয়া হ’ব নীতিন দেশাইৰ শেষকৃত্য় ?

author img

By

Published : Aug 3, 2023, 2:17 PM IST

জনপ্ৰিয় কলা নিৰ্দেশক নীতিন দেশাইৰ মৃত্যুত সমগ্ৰ বলীউড স্তম্ভিত হৈ পৰিছে । জানিব পৰা অনুসৰি য’ত নীতিন দেশাই জীৱনৰ শেষ মুহূৰ্ত পাৰ কৰিছে, তাতেই তেওঁৰ শেষকৃত্য হ’ব ।

Nitin Desai Funeral: Art Directors Last Rites To Take Place At ND Studios
নীতিন দেশাইৰ দেহাৱসান

চিটাৰা ডেস্ক, 3 আগষ্ট: কলা নিৰ্দেশক নীতিন দেশাইৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁক ভাল পোৱা লোকসকল ৷ বলীউডৰ বহু তাৰকাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ বহু ছবিত নিজৰ উৎকৃষ্ট কলা প্ৰদৰ্শন কৰিছে নীতিন দেশাইয়ে । কিন্তু যেন নিমিষতে সকলো শেষ হৈ পৰিল ৷ যোৱা ০২ আগষ্টত নীতিন দেশাইয়ে নিজৰ এন ডি ষ্টুডিঅ’ত চিপ লৈ আত্মহত্যা কৰে । ইফালে তেওঁৰ অকৎস্মাত মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গ আৰু অনুৰাগীয়ে ৷ এতিয়া কোৱা হৈছে যে য’ত নীতিন দেশাইয়ে জীৱনৰ শেষ মুহূৰ্ত পাৰ কৰিছে, সেই একেটা স্থানতে অৰ্থাৎ এন ডি ষ্টুডিঅ’তে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ।

উল্লেখ্য যে নীতিন দেশাইৰ সন্তান আমেৰিকাত থাকে । পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতে আমেৰিকাৰ পৰা ভাৰতলৈ ৰাওনা হৈছে তেওঁৰ সন্তান । পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে যে যেতিয়া তেওঁৰ সন্তান আহি পাব তেতিয়া নীতিন দেশাইৰ তেওঁৰ ষ্টুডিঅ’ত সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া । অনুমান কৰা হৈছে যে শুকুৰবাৰে নীতিন দেশাইৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে পৰিয়ালে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই ৷

শেষ দৰ্শনৰ বাবে উপস্থিত হ’ব বলীউডৰ বহু তাৰকা

অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি আমিৰ খানলৈকে বহু মহান অভিনেতাৰ সৈতে কাম কৰিছে নীতিন দেশাইয়ে । ৪ বাৰ ৰাষ্ট্ৰীয় বঁটা আৰু ৯ বাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা নীতিন দেশাই বলীউডৰ তাৰকাসকলৰ হৃদয়ৰ ঘনিষ্ঠ আছিল । অক্ষয় কুমাৰৰ লগত তেওঁৰ বন্ধুত্ব অতি গভীৰ আছিল । খবৰ অনুসৰি বলীউডৰ বহু তাৰকাই তেওঁৰ শেষ ভ্ৰমণৰ সময়ত উপস্থিত থাকিব ৷

ND studio ত আত্মহত্যা

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি কাৰ্জাতত অৱস্থিত নিজৰ এন ডি ষ্টুডিঅ’ৰ ফেনত চিপ লৈ আত্মহত্যা কৰে নীতিন দেশাইয়ে । এই বিষয়ত সকলো দিশৰ তদন্তত এতিয়া ব্যস্ত হৈ পৰিছে আৰক্ষী । নীতিন দেশাইৰ ফোনত আৰক্ষীয়ে এটা অডিঅ’ ক্লিপো উদ্ধাৰ কৰিছে, য’ত একাংশ লোকৰ নাম উল্লেখ আছে। এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

মাতৃ, পত্নী আৰু কন্যাৰো চিনেমাৰ লগত আছে সম্পৰ্ক

নীতিন দেশাইৰ পিতৃৰ নাম চন্দ্ৰকান্ত গণপত দেশাই আৰু মাতৃৰ নাম মীনা চন্দ্ৰকান্ত দেশাই । তেওঁৰ মাতৃও আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। চলচ্চিত্ৰৰ পটভূমিৰ পৰা অহা নীতিন দেশাইৰ পত্নী নাইনা নীতিন দেশাই এগৰাকী চলচ্চিত্ৰ প্ৰযোজক । ২০১৮ চনত তেওঁ প্ৰযোজনা কৰে ট্ৰাকভৰ স্বপ্না ছবি । নীতিন দেশাইৰ ২টা সন্তান, এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে ।

লগতে পঢ়ক: Nitin Desai Postmortem report: নীতিন দেশাইৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ মৃত্যুৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.