চিটাৰা ডেস্ক, 6 আগষ্ট : আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম সন্তান নীলোৎপল বৰাৰ দ্বাৰা ৰচিত গান Shaabaash ৷ সংগীত ক্ষেত্ৰখনত উৎকৃষ্ট কামেৰে থিতাপি লোৱা নীলোৎপল বৰা বৰ্তমানে সকলোৰে মাজত এজন সুপৰিচিত গায়ক, সংগীত প্ৰযোজক, গীতিকাৰ, সুৰকাৰ ৷ মাজুলী বুলি ক’লেই ঠাইডোখৰতকৈয়ো প্ৰথমে অসমৰ প্ৰতিজনলোকৰে মনলৈ আহে নীলোৎপলৰ কণ্ঠেৰে নিগৰা সেই মাজুলী শীৰ্ষক গীতটি, ‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে ঐ....’ ৷
আজি সেই নীলোৎপল বৰাৰেই এটি গান বাজি উঠিল বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছ-2022 ত ৷ কমনৱেল্থ গেমছত ভাৰতীয় এথলিট সকলক উৎসাহ যোগোৱাৰ নিমিত্তে বাজি উঠিল Shaabaash শীৰ্ষক গানটো ৷ ভাৰতীয় এথলিটসকলৰ বাবে তেওঁৰ এই গানটো এনথেম হিচাপে বিবেচিত হৈছে ৷ ই নিশ্চয়কৈ আমাৰ বাবে গৌৰৱৰ বিষয় ৷
- " class="align-text-top noRightClick twitterSection" data="
">
নীলোৎপল বৰাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷ খবৰটো বিয়পি পৰাৰ লগে লগেই অজস্ৰ শুভকামনাৰে ভৰি পৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ৷
নীলোৎপলৰ ইতিমধ্যেই বহু কেইটা হিন্দী গানে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ TVF's Yeh Meri Family ৰ Dhaaga, Aspirants: Season 1 ৰ De Mauka Zindagi, Tripling: Season 2 ৰ Ishq Ka Haafiz, Saas Bahu Achaar Pvt. Ltd ৰ Boondo Ka Jharna, এই গান সংগীতৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিজন ব্যক্তিৰে প্লে লিষ্টত যোগ হৈ আছে ৷
নীলোৎপল বৰা আমাৰ গৌৰৱ, প্ৰতিজন অসমীয়াৰ গৌৰৱ ৷ তেওঁৰ এই সুন্দৰ যাত্ৰা অটুট থাকক সদায় ৷
লগতে পঢ়ক : টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত প্ৰিমিয়াৰ হ’ব ৰীমা দাসৰ Tora‘s Husband