চিটাৰা ডেস্ক, ৫ জানুৱাৰী : বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ নিজৰ পেছাগত জীৱনতকৈ অধিক নিজৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনামত থাকে । যোৱা বছৰ মাতৃ হৈছিল ইলিয়ানা । ২০২৩ চনৰ ১ আগষ্টত এটি পুত্ৰ সন্তান জন্ম দিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু ইলিয়ানাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ পিচৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কাৰণ ইলিয়ানা অবিবাহিত ৷
গতিকে বিবাহ নোহোৱাকৈ মাতৃ হোৱাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে চৰ্চা লাভ কৰি আহিছে ৷ অৱশ্যে ইলিয়ানাই নিজৰ প্ৰেমিক মাইকেলৰ সন্দৰ্ভত কিছুদিন পূৰ্বে এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ যিটোত বহু কথা প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷
এতিয়া ইলিয়ানা মাইকেল আৰু পুত্ৰ ক’য়াৰ সৈতে আমেৰিকাত থাকে । কিন্তু পুত্ৰৰ জন্মৰ পিচত প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ দিছে ইলিয়ানাই । এই সাক্ষাৎকাৰত পোনপ্ৰথমবাৰৰ বাবে পুত্ৰ আৰু সংগীৰ কথা উল্লেখ কৰে ৷ ইফালে বিয়াৰ বিষয়ে চলি বাতৰিক লৈও ইলিয়ানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সংবাদ মাধ্যমৰে হোৱা এক বিশেষ বাৰ্তালাপত ইলিয়ানাই কয়, ‘‘প্ৰসৱৰ পিচত যি হতাশা হয়, ইয়াৰ বাবে কোনেও আপোনাক প্ৰস্তুত কৰিব নোৱাৰে । মোৰ ভাগ্য ভাল যে মোৰ ঘৰত সহায়ক ব্যৱস্থা আছে আৰু মোৰ বিশেষ যত্ন লোৱা চিকিৎসকৰ এটা দল আছে’’ ।
ইলিয়ানাই আৰু ক’লে- মোৰ মনত আছে মই মোৰ কোঠাত আছিলো আৰু কান্দিবলৈ ধৰিছিলো । মোৰ সংগীয়ে যেতিয়া মোক কিয় কান্দিছো বুলি সুধিলে, মই ক’লোঁ - কাৰণ মোৰ শিশুটো আনটো কোঠাত শুই আছে আৰু মই তাক মিছ কৰি আছো ।
বিবাহপাশত আৱদ্ধ হ’ল নেকি ইলিয়ানা ?
ইলিয়ানাই মাতৃত্বৰ কথা শ্বেয়াৰ কৰে যদিও তেওঁৰ সংগীৰ বিষয়ে বৰ বিশেষ কথা উল্লেখ নকৰে । যেতিয়া ইলিয়ানাক সোধা হৈছিল যে ২০২৩ চনত মাইকেলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নেকি ? ইয়াৰ উত্তৰত ইলিয়ানাই ক’লে- এনে বহু উৰাবাতৰি প্ৰকাশ পাইছে, গতিকে ইয়াক থাকিবলৈ দিয়ক ।
অলপ ৰহস্য থকাটো গুৰুত্বপূৰ্ণ । সঁচা কথা ক’বলৈ গ’লে মই এতিয়াও সিদ্ধান্ত লোৱা নাই যে মই মোৰ জীৱনৰ এই অংশটোৰ বিষয়ে কিমান ক’ব বিচাৰো । ইলিয়ানাই লগতে ক’লে- মোৰ ভাল নালাগে যিবিলাক মানুহে মোৰ বিষয়ে মোৰ পিছফালে বেয়াকৈ কয় । নিজৰ বিষয়ে কোৱা কথাবোৰ মই চম্ভালিব পাৰো, কিন্তু মোৰ সংগী বা পৰিয়ালৰ বিষয়ে আজে বাজে কথাবোৰ মই শুনিব নোৱাৰো ।
লগতে পঢ়ক : Ileana D Cruz: নিজৰ দুমহীয়া সন্তানক লৈ চিন্তাত পৰিছে ইলিয়ানা ডি ক্ৰুজ, কি হৈছে ফিনিক্স ডোলানৰ ?