ETV Bharat / entertainment

Mur xekh gaan: 14 অক্টোবৰত আহি আছে মোৰ শেষ গান

মুক্তিৰ পিছতেই দৰ্শকৰ পৰা প্ৰচুৰ পৰিমাণে সমাদৰ বুটলিবলৈ সক্ষম হৈছিল নতুন অসমীয়া ছবি মোৰ শেষ গানৰ শীৰ্ষগীত আৰু প’ষ্টাৰে ৷ গুৱাহাটীত মোৰ শেষ গান ছবিখনৰ শীৰ্ষ গীত আৰু প’ষ্টাৰ মুকলি কৰা হৈছিল ৷ শীৰ্ষ গীতটি মুকলি কৰিছিল প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱাই ৷ জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা গীতটিয়ে সকলো শ্ৰেণীৰ শ্ৰোতাকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে ৷

author img

By

Published : Oct 12, 2022, 5:02 PM IST

Mur xekh gaan release date
14 অক্টোবৰত আহি আছে মোৰ শেষ গান

চিটাৰা ডেস্ক, 12 অক্টোবৰ : মুক্তিৰ পথত নতুন অসমীয়া চলচ্চিত্ৰ মোৰ শেষ গান ৷ ছবিখনৰ কথা ঘোষণা হোৱাৰে পৰা চৰ্চাত আছিল ছবিখন ৷ আমিষ (Aamis) খ্যাত অভিনেতা অৰ্ঘদীপ বৰুৱা এইবাৰ আহি আছে মুম্বাইস্থিত প্ৰীতম ফুকনৰ ৰূপত ৷ 14 অক্টোবৰত সমগ্ৰ অসমৰে ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷

14 অক্টোবৰত আহি আছে মোৰ শেষ গান
Mur xekh gaan release date
14 অক্টোবৰত আহি আছে মোৰ শেষ গান

Sony TV ত সম্প্ৰচাৰিত হোৱা CID ৰ নিৰ্দেশনা কৰা প্ৰবাল বৰুৱাৰ নিৰ্দেশনাত এইখন প্ৰথম অসমীয়া ছবি ৷ প্ৰবাল বৰুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে প্ৰস্তুত ‘মোৰ শেষ গান’ ছবিখনৰ মূল কাহিনীটো এনে এজন মানুহৰ যি 25 বছৰ ধৰি অসমৰ বাহিৰত আছে কিন্তু অসমলৈ এবাৰলৈও যোৱা নাই । কিন্তু অসমলৈ আছে মানুহজনৰ অফুৰন্ত হেঁপাহ । মুম্বাইত থাকিবলৈ লোৱা মানুহজনৰ পুতেক মুম্বাইতে ডাঙৰ হৈছে । হেঁপাহৰ অসমখনলৈ বাৰু মানুহজন যাব পাৰিবনে ? পুতেকে বাৰু অসমত কি বিচাৰি পাব ? দেউতাকে নিজ জন্মস্থানলৈ কেতিয়াও ঘূৰি নোযোৱাৰ কাৰণটো জানিবলৈ পাবনে ? এনেকুৱা বহুত সাঁথৰৰে নিৰ্মাণ হৈছে ছবিখনৰ কাহিনী । মৰম, ভালপোৱা, প্ৰতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘৰ্ষৰ কথাৰে আগবাঢ়ে ছবিখনৰ কাহিনী । সমন্বয়ৰ এটি বাৰ্তা দৰ্শকে দেখিবলৈ পাব ছবিখনত ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই ছবিখনক লৈ আশাবাদী ছবিখনৰ লগত জড়িত প্ৰতিজন কৰ্মী ৷ ‘মোৰ শেষ গান’ ৰ গীতৰ কথা এসময়ৰ অতি সফল গীতিকাৰ বিজয় দুৱৰাৰ ৷ আনহাতে সুৰ দিছে আন এজন সফল সুৰকাৰ অজয় সিংহই । এওঁলোক দুয়ো মুম্বাইৰ নিবাসী ।

90 ৰ দশকৰ অত্যন্ত জনপ্ৰিয় শিল্পী জিতুল সোণোৱালৰ বেচিভাগ গীতৰ কথা বিজয় দুৱৰাই লিখা । কোনে পাহৰিব পাৰে মৰমী লগৰী, যদি কেতিয়াবা অকলে, মৰমে ধুৱাই নিয়া আদি গীতবোৰ ! প্ৰবাল বৰুৱাৰ এই ছবিখনৰ সংলাপ আৰু গীত লিখাৰ উপৰিও ছবিখন প্ৰযোজনাও কৰিছে বিজয় দুৱৰাই ৷

আনহাতে অজয় সিংহৰ সফলতাৰ কাহিনী কিন্তু লিখা হৈছিল মুম্বাই চহৰত । অসমীয়া আৰু বাংলা ভাষাত প্ৰস্তুত “ৰংগীলা মন” গানটো নুশুনা লোক কমেই আছে । সেইটো অজয় সিংহই লিখা গান । পাহাৰগঞ্জ ছবিখনৰ মন পৰশা গীতবোৰো অজয় সিংহই লিখা । টেলিভিচনত অজয়ৰ সফলতা একেবাৰে শীৰ্ষ স্থানত । ইণ্ডিয়ান আইডল, ইণ্ডিয়াজ গট টেলেণ্ট, ঝলক দিখলা জা, জো জিটা ৱহি চুপাৰষ্টাৰ আদি প্ৰতিটো ৰিয়েলিটী শ্ব’ৰেই সংগীত পৰিচালনা কৰিছে অজয় সিংহই !

অটিটি’ত জী ফাইভৰ পৰচায়ী আৰু অভয় এই দুখন চিৰিজত অজয়ে কাম কৰিছে । আনকি জানি আচৰিত হ’ব যে জুবিন গাৰ্গৰ প্ৰথম হিন্দী গীতৰ এলবাম “য়ুহীঁ কভি”ৰ সুৰ আৰু সংগীতো অজয় সিংহৰ । মোৰ শেষ গানৰ শীৰ্ষগীতটিৰ মাষ্টাৰিং UK’ৰ ৱেল্চৰ প্ৰখ্যাত হেফড মাষ্টাৰিঙত কৰা হৈছে । ছবিখনত গীতত সুৰ দিয়াৰ লগতে আবহ সংগীতৰ কামো কৰিছে অজয় সিংহই ৷

ছবিখনত শব্দ ব্যৱস্থাপনাৰ কাম কৰিছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে । এওঁলোক আটাই কেইজনেই মুম্বাইৰ নিবাসী । নিজ জন্মস্থানৰ প্ৰতি থকা হেঁপাহৰ বাবেই প্ৰতিজনেই ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছে ছবিখনৰ লগত ৷ ছবিখনৰ সহ প্ৰযোজক হ’ল অসমৰ চিনেমা জগতৰ এক সুপৰিচিত ব্যক্তি প্ৰিয়ংকা বৰুৱা ।

ছবিখনৰ লগত মুম্বাইৰ আৰু বহুতো কলাকুশলী জড়িত হৈ আছে । চিনেমেটোগ্ৰাফাৰ অৰুণ ৱাৰ্মা, সম্পাদক সংকল্প মেশ্বৰাম আৰু ডি আই বিশেষজ্ঞ মলয় ৰয়ে ছবিখনৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকাপালন কৰিছে । তিনিও পুণেৰ এফ টি আই আই’ত চিনেমাৰ প্ৰশিক্ষণ লোৱা মুম্বাইৰ সুপ্ৰতিস্থিত ব্যক্তি ।

মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই (Mur xekh gaan movie cast) । নতুন চিনাকীৰে বন্ধু হৈ পৰা দুয়োৰে চৰিত্ৰ দুটাৰ সম্পৰ্ক কোন দিশে যাব সেয়া দৰ্শকৰ বাবে বেচ আমোদজনক হ’ব বুলি ছবিখনৰ নিৰ্মাতাই আশা প্ৰকাশ কৰিছে । অভিনয়ত আৰু আছে অসমৰ ন পুৰণি বহুতো শিল্পী । সুপ্ৰতিস্থিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱা আছে দুটা অতি গুৰুত্বপুৰ্ণ ভূমিকাত ।

Mur xekh gaan release date
প্ৰবাল বৰুৱাৰ সৈতে জুবিন গাৰ্গ

নৱ-প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচনোকো দেখিবলৈ পোৱা যাব আছে এটা মৰমলগা চৰিত্ৰত । কমলক চাগৈ এনে ৰূপত আগেয়ে দেখা পোৱা হোৱা নাই চিনেমাত । অন্য এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে বিভূতি ভূষণ হাজৰীকা । লগতে প্ৰতিভা চৌধুৰী, ৰনাল্ড হুচেইন, অচিন্ত শঙ্কৰ, প্ৰণৱজ্যোতি বৰ্মণ, প্ৰৱীণ দত্ত , ফাৰহান হুচেইন চৈয়দ আৰু সকলোৰে পৰিচিত কৌশিক নাথেও অভিনয় কৰিছে ছবিখনত ।

Mur xekh gaan release date
মোৰ শেষ গানৰ শীৰ্ষ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে

সংগীতত আৰু এজন বিশেষ ব্যক্তি জড়িত হৈ আছে । আয়ান আলি বাংগাশ্ব । শীৰ্ষগীতটি সৰোদত বজাইছে আয়ানে । আয়ান হ’ল প্ৰথম অসমীয়া ছবি জয়মতীত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু বিশ্ববিশ্ৰুত সৰোদ বাদক আমজাদ আলি খানৰ পুতেক । দুটা জ্যোতি সংগীতো আছে ছবিখনত । তাত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী দীপলিনা ডেকা আৰু ৰিত্ৰিচা শৰ্ম্মাই । ছবিখনত থকা ঘোষা এটিত কণ্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ।

14 অক্টোবৰত গোটেই অসমৰ ছবিঘৰত ছবিখনৰ শুভমুক্তি দিয়া হ’ব (Mur xekh gaan release date) ।

লগতে পঢ়ক : বেলকনিত ভগৱানে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.