গুৱাহাটী, ২১ ডিচেম্বৰ: শেহতীয়াকৈ অসমীয়া ছবিজগতলৈ আহিছে ইটোৰ পিচত সিটোকৈ ভাল খবৰ ৷ ইখনৰ পিচত সিখনকৈ নতুন ছবি মুক্তি লাভ কৰিছে ৷ কেৱল ছবিগৃহত মুক্তি পোৱাই নহয়, ছবিসমূহ বক্স অফিচত সফলতাও লাভ কৰিছে ৷ ইয়াৰ মাজতে এতিয়া শীঘ্ৰেই আহিব আন এখন অসমীয়া ছবি ‘ইমন’ ।
বৃহস্পতিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্পন্ন হয় ইমন ছবিখনৰ শুভ মহুৰত অনুষ্ঠান । ইমন ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী পৰিচালনা অসীম বৈশ্যৰ ৷ চিত্ৰনাট্য-সংলাপ মৃদুল কুমাৰ বৰাৰ ৷ আনহাতে ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈ দাসে ।
ইমন ছবিখনৰ কাহিনী কি ?
এগৰাকী সৰু ছোৱালীৰ কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হ’ব এই ৰোমান্টিক নাটক ছবিখন । অৱশ্যে ছবিখনৰ কাহিনী কি হ’ব সেয়া গ’ম পোৱা যাব ছবিখনৰ মুক্তি পিচত হে ৷ অসীম বৈশ্যই জানিবলৈ দিয়া অনুসৰি গুৱাহাটী মহানগৰী, বৰমা আৰু গোৱাত ছবিখনৰ শ্বুটিং কৰা হ’ব । ছবিখনত অভিনয় কৰিব মাধুৰীমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুনমী ফুকন, সিদ্ধাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট, চিমি ৰায়ান, মাধুৰীমা চৌধুৰী, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, ইমৰাণ, স্বিগ্ধা গগৈ, চাজু, সমীৰণ গোস্বামী আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
আজিৰ এই শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে যশস্বী পৰিচালক মঞ্জু বৰা, জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱা, পৰিচালক বাণী দাস, জগদীশ ভূঞা আৰু অভিনেতা ৰাজীৱ ভট্টাচাৰ্য । আহিবলগীয়া এই নতুন ছবিখনৰ সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা ৷ সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা ৷ ‘ইমন’ৰ সংগীত পৰিচালক হিচাপে আছে ইবচন লাল বৰুৱা ৷
ইফালে, ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ পৰিচালক অসীম বৈশ্যই কয়, ‘‘পূৰ্বতে বহু ছবি পৰিচালনা কৰিছোঁ যদিও প্ৰথমবাৰৰ বাবে এখন ব্যয় বহুল ছবি পৰিচালনাৰ দায়িত্ব পাইছোঁ । অসমৰ ৰাইজে মৰম দি ছবিখন আকোৱালি ল’ব বুলি মই খুৱেই আশাবাদী । ছবিখনৰ কাহিনী এগৰাকী সৰু ছোৱালীৰ ওপৰত আধাৰিত । বাকী ছবিখন চালে দৰ্শকে গম পাব ।’’
লগতে পঢ়ক: ২৯তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি নেলীৰ কথা