ETV Bharat / entertainment

Netflix Password Sharing: আজিৰে পৰা বন্ধ হ’ল নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং, জানি লওক নেটফ্লিক্সৰ নতুন নিয়মাৱলী

author img

By

Published : Jul 20, 2023, 1:26 PM IST

Updated : Jul 20, 2023, 1:32 PM IST

নেটফ্লিক্সে এতিয়াৰে পৰা ভাৰততো নিষিদ্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ৷ এতিয়াৰে এইসমূহ নিয়ম অৱলম্বন কৰিব লাগিব প্ৰত্যেকগৰাকী নেটফ্লিক্স ব্যৱহাৰকাৰীয়ে ৷ জানি লওক নতুন নিয়মাৱলীসমূহ ৷

Netflix stops password sharing in India
বন্ধ হ’ল নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং

চিটাৰা ডেস্ক, 20 জুলাই: আপোনাৰো আছে নেকি নেটফ্লিক্সত একাউণ্ট ? তেতিয়াহ’লে আপোনাৰ বাবে এই খবৰ ৷ ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম নেটফ্লিক্সে দীৰ্ঘদিন ধৰি পাছৱৰ্ড শ্বেয়াৰিং নিষিদ্ধ কৰাৰ কাম কামত লাগি আছিল, ইতিমধ্যে বহু দেশত ইয়াক কাৰ্যকৰী কৰা হৈছে ৷ এতিয়া ভাৰততো আজিৰে পৰা পাছৱৰ্ড শ্বেয়াৰিং নিষিদ্ধ কৰিছে নেটফ্লিক্সে। নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং নিষিদ্ধ হোৱাৰ বাবে এতিয়াৰে পৰা আপুনি আপোনাৰ পাছৱৰ্ড আপোনাৰ বন্ধু-বান্ধৱীৰ লগত অথবা কোনো আত্মীয় ইত্যাদিৰ লগত কৰিব নোৱাৰিব শ্বেয়াৰ ।

যদি আপোনাৰ Netflix একাউণ্টটো বিভিন্ন ঠাইত লগ ইন কৰা হৈছে, তেন্তে আপুনি কোম্পানীটোৰ পৰা এটা ইমেইল পাব, য’ত একাউণ্টটোৰ ব্যৱহাৰৰ সৈতে জড়িত কিছুমান পদক্ষেপৰ কথা উল্লেখ কৰা হ’ব ।

ইয়াৰ স্পষ্ট অৰ্থ হ’ল কোম্পানীটোৱে বিচাৰে যে কেৱল এটা ঘৰতে নেটফ্লিক্স দেখা পোৱাটো । প্ৰাথমিক সদস্যৰ বাহিৰেও, যদি কোনো সদস্যই আপোনাৰ একাউণ্ট সেই স্থানৰ বাহিৰে অন্য কোনো স্থানত ব্যৱহাৰ কৰি আছে, তেন্তে তেওঁলোকক নতুন একাউণ্টলৈ স্থানান্তৰ কৰিবলৈ কোৱা হ’ব ।

প্ৰতি ৭ দিনৰ মূৰে মূৰে আপুনি কৰিব লাগিব এই কাম

এতিয়াৰে পৰা ইউজাৰে একাউণ্টত প্ৰৱেশ কৰিবলৈ প্ৰতি ৭ দিনৰ মূৰে মূৰে ভেৰিফিকেচন ক’ড দিব লাগিব । কেৱল এয়াই নহয়, প্ৰতি ৩১ দিনৰ মূৰে মূৰে এবাৰ হ’লেও আপুনি আপোনাৰ প্ৰাথমিক স্থানত ৱাই-ফাইৰ সৈতে একাউণ্টটো সংযোগ কৰিব লাগিব ।

Netflix stops password sharing in India
বন্ধ হ’ল নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং

পাছৱৰ্ড শ্বেয়াৰিং বন্ধ কৰি কোম্পানীয়ে এই ২ টা সুবিধা লাভ কৰিব

পাছৱৰ্ড শ্বেয়াৰিং নিষিদ্ধ কৰি এতিয়া কোম্পানীটোৱে দুটা ডাঙৰ সুবিধা লাভ কৰিবলৈ গৈ আছে, ইউজাৰ বেছ আৰু কোম্পানীটোৰ উপাৰ্জন বৃদ্ধি পাব।

লোকচানৰ সন্মুখীন হৈছিল কোম্পানী

কোম্পানীটোৱে নেটফ্লিক্স চাবস্ক্ৰিপচনৰ পৰা উপাৰ্জন কৰে যদিও পাছৱৰ্ড শ্বেয়াৰিঙৰ দৰে সমস্যাৰ বাবে কোম্পানীটোৱে লোকচানৰ সন্মুখীন হৈছিল । উদাহৰণ স্বৰূপে, ধৰি লওক এজন ব্যৱহাৰকাৰীয়ে কোম্পানীটোৰ প্লেনটো ক্ৰয় কৰিলে আৰু তাৰ পিচত এই ব্যক্তিজনে নিজৰ পাছৱৰ্ডটো বিশেষ কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে, তেন্তে কোম্পানীটোৱে আনজন ব্যৱহাৰকাৰীৰ পৰা উপাৰ্জন কৰা নাছিল । পাছৱৰ্ড শ্বেয়াৰিঙে কোম্পানীটোৰ উপাৰ্জনত প্ৰভাৱ পেলোৱাই নহয়, নেটফ্লিক্সৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধিৰ পৰিৱৰ্তে হ্ৰাস পাইছিল ।

পাছৱৰ্ড শ্বেয়াৰিং নিষিদ্ধ কৰি ৬ মিলিয়ন চাবস্ক্ৰাইবাৰ বৃদ্ধি

ভাৰতৰ পূৰ্বে নেটফ্লিক্সে আমেৰিকাকে ধৰি বহু দেশত পাছৱৰ্ড শ্বেয়াৰিং নিষিদ্ধ কৰিছিল আৰু কোম্পানীটোৰ এই পদক্ষেপৰ লাভ স্পষ্টকৈ দেখা যায় । শেহতীয়াকৈ জানিব পৰা গৈছে যে পাছৱৰ্ড শ্বেয়াৰিং নিষেধাজ্ঞাৰ ফলত কোম্পানীটোৰ ৫.৯ মিলিয়ন গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে।

লগতে পঢ়ক: Project K: ট্ৰেইলাৰ মুকলিৰ পূৰ্বে প্ৰজেক্ট কেৰ নিৰ্মাতাসকলে মুকলি কৰিছে প্ৰভাসৰ প্ৰথমটো লুক

Last Updated : Jul 20, 2023, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.