ETV Bharat / entertainment

Nayanthara : অভিনেত্ৰী নয়নতৰাই মন্দিৰত অনুৰাগীক দিলে মোবাইল ভাঙি পেলোৱাৰ ধমক

স্বামী তথা চলচ্চিত্ৰ নিৰ্মাতা বিগনেশ শিৱনৰ সৈতে কুম্বাকোনাম মন্দিৰলৈ গৈছিল টলিউডৰ অভিনেত্ৰী নয়নতৰা । মন্দিৰলৈ যোৱাৰ সময়ত দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে এজন ব্যক্তিক মোবাইল ফোন ভাঙি পেলোৱাৰ ধমক দিয়ে । সম্পূৰ্ণ ঘটনাটো কি জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন...

author img

By

Published : Apr 10, 2023, 6:35 PM IST

Nayanthara threatens to break the phone of a fan during her temple visit
নয়নতাৰাই কিয় ভাবুকি প্ৰদান কৰিলে অনুৰাগীক

চিটাৰা ডেস্ক, 10 এপ্ৰিল: কিছুদিন পূৰ্বে স্বামী তথা চলচ্চিত্ৰ নিৰ্মাতা বিগনেশ শিৱনৰ সৈতে টলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰা কুম্বকোনাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল । পাংগুনি উথিৰাম উৎসৱ উপলক্ষে কুম্বকোনাম মন্দিৰত পূজা-অৰ্চনা কৰে নয়নতৰা আৰু স্বামী বিগনেশে । শেহতীয়াকৈ তেওঁৰ এই ভ্ৰমণৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত নয়নতৰাৰ ভিডিঅ’ কৰিবলৈ চেষ্টা কৰা এজন ব্যক্তিৰ ফোন ভাঙি পেলোৱাৰ ভাবুকি দিয়া দেখা গৈছে নয়নতৰাই (Nayanthara threatens to break phone) ।

তথ্য অনুসৰি কুম্বকোনাম মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিচত বিগনেশ শিৱনৰ পৈত্তিক মন্দিৰলৈ যায় দুয়ো ৷ য’ত সংঘটিত হয় এই ঘটনা । নয়নতাৰা আৰু বিগনেশে পূজা কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে নয়নতৰাক সাক্ষাৎ কৰিবলৈ অনুৰাগীয়ে ভিৰ কৰে । ইফালে একাংশ লোকে নয়নতৰাৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে (Nayanthara temple video)। ভাইৰেল ক্লিপটোত নয়নতৰাই ব্যক্তিজনক কয়, ‘‘আৰু এবাৰ আপুনি ভিডিঅ’ বনালে মই আপোনাৰ ফোনটো ভাঙি দিম ।’’

লগতে পঢ়ক: Nayanthara hits back on Malavika: মেকআপ প্ৰসংগত মালবিকা মোহননক উভতি ধৰিছে নয়নতাৰাই

নয়নতৰাই লোকজনক সকীয়াই দিয়াৰ পিচত অভিনেত্ৰীগৰাকীৰ এজন ষ্টাফ মেম্বাৰে সকলোকে ভিডিঅ’ নকৰিবলৈ অনুৰোধ কৰা ভিডিঅ’টোত দেখা গৈছে (Nayanthara loses calm as she gets mobbed at temple)। এই পূজাৰ বাবে নয়নতৰাই বগা চুট বাছি লৈছিল ৷ অভিনেত্ৰীগৰাকীয়ে আকাশী নীলা দোপাট্টাৰ সৈতে মিলাৰ পিন্দিছিল । আনহাতে, বিগনেশে পৰিধান কৰিছিল নীলা ৰঙৰ টি-চাৰ্ট, খাকী পেণ্ট আৰু বগা জেকেট (Nayanthara latest news) ।

শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা বিগনেশে তেওঁৰ যমজ সন্তানৰ নাম প্ৰকাশ কৰিছিল । সন্তানৰ নামৰ সৈতে বিগনেশে ইনষ্টাগ্ৰামত নয়নতৰাৰ কোলাত জিৰণি লৈ থকা যমজ সন্তানৰ এক আংশিক দৃশ্য শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰাম পোষ্টত বিগনেশে নিজৰ ল’ৰা সন্তানৰ নাম ইংৰাজীৰ লগতে তামিল ভাষাতো উল্লেখ কৰিছে ।

লগতে পঢ়ক: Nayanthara on Casting Couch: অভিনেত্ৰী নয়নতাৰাই কিয় প্ৰত্যাখ্যান কৰিছিল গুৰুত্বপূৰ্ণ চৰিত্ৰৰ অফাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.