ETV Bharat / entertainment

Haddi Movie Trailer: ‘হাড্ডি’ ছবিখনত কিন্নৰৰ ৰূপত বলিষ্ঠ অভিনয় নৱাজুদ্দিন ছিদ্দিকীৰ; চাওক ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:04 PM IST

নৱাজুদ্দিন ছিদ্দিকীৰ ছবি ‘হাড্ডি’ৰ ট্ৰেইলাৰ মুকলি। শ্বাহৰুখ খানৰ ছবি জৱানৰ সৈতে ৭ ছেপ্টেম্বৰত মুক্তি পাব এই ছবিখন । যদিও শ্বাহৰুখৰ লগত কোনো প্ৰতিযোগিতা নাথাকিব কাৰণ ছবিখন OTT ত মুক্তি পাব ৷

Nawazuddin Siddiqui's Haddi trailer hints at a tale of love, revenge, and identity
হাড্ডিৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 23 আগষ্ট: এটা কোঠাৰ বেৰত আঁৰি থোৱা কেইবা ডজন কিন্নৰৰ ফটো, ৰঙা শাৰী পৰিধান কৰা নৱাজুদ্দিন ছিদ্দিকীৰ হাতত চোকা দা, মূৰ তল কৰি সন্মুখত বহি থকা এজন ব্যক্তি আৰু শক্তিশালী সংলাপ । এইদৰেই আৰম্ভ হয় হাড্ডি চিনেমাখনৰ ২.২৫ ছেকেণ্ডৰ ট্ৰেইলাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বহু দিনৰ পৰা অনুৰাগীয়ে অপেক্ষা কৰি আছিল নৱাজুদ্দিন ছিদ্দিকীৰ এই ছবিখনৰ বাবে ৷ ইয়াৰ প্ৰথম লুক অহাৰ পিচৰ পৰাই অনুৰাগীয়ে ছবিখনৰ বাবে আগ্ৰহেৰে বাট চাই আছিল । এতিয়া অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ ট্ৰেইলাৰৰ লগতে অৱশেষত ইয়াৰ মুক্তিৰ তাৰিখো আহিল ।

ট্ৰেইলাৰটোৰ আৰম্ভণিতে নৱাজুদ্দিন ছিদ্দিকীৰ শক্তিশালী সংলাপত তেওঁ কৈছে, "আমাৰ আশীৰ্বাদ অতি শক্তিশালী আৰু আমাৰ অভিশাপ অতি ভয়ংকৰ আৰু তাতোকৈ ভয়ংকৰ, আপুনি জানেনে কি ? সেয়া হৈছে আমাৰ প্ৰতিশোধ ।"

ট্ৰেইলাৰত দেখুওৱা হৈছে যে কেনেকৈ নৱাজুদ্দিন ছিদ্দিকী কিন্নৰ হৈ পৰে আৰু তেওঁৰ জীৱন সলনি হয় । বিশেষ কথাটো হ’ল অনুৰাগ কাশ্যপো এই ছবিখনত আছে । ইয়াৰ উপৰিও ছবিখনত মহম্মদ জীছান আয়ুব আৰু ইলা অৰুণৰ দৰে অভিনেতাও আছে । ছবিখনত অনুৰাগক খলনায়ক হিচাবে দেখা পোৱাৰ বিপৰীতে কিন্নৰ হিচাপে নৱাজুদ্দিনে তেওঁৰ প্ৰতিশোধ লোৱা দেখা গৈছে ।

ট্ৰেইলাৰটো অতি শক্তিশালী আৰু কিন্নৰৰ ৰূপক নৱাজুদ্দিন ছিদ্দিকীয়ে পুনৰবাৰ সকলোকে আচৰিত কৰি তুলিছে। জি ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে অক্ষত অজয় ​​শৰ্মাই । সঞ্জয় সাহা আৰু ৰাধিকা নন্দই ইয়াৰ প্ৰযোজনা কৰিছে । নৱাজুদ্দিন আৰু অনুৰাগৰ উপৰিও ছবিখনত দেখা যাব মহম্মদ জীশন আয়ুব, ইলা অৰুণ, সৌৰভ সচদেৱ, ৰাজেশ কুমাৰ, শ্ৰীধৰ ডুবে, সহৰ্ষ শুক্লাক ।

তালিৰ পৰা সুষ্মিতাই লাভ কৰিছে বহুতৰে হাত চাপৰি

শেহতীয়াকৈ জিঅ’ চিনেমাত মুক্তি পাইছে কিন্নৰৰ আধাৰত নিৰ্মিত ৱেব চিৰিজ তালি । এই ধাৰাবাহিকখনত সুস্মিতা সেনে কিন্নৰৰ চৰিত্ৰত অভিনয় কৰিছে। এই ভূমিকা শ্ৰী গৌৰীৰ জীৱনৰ পৰা অনুপ্ৰাণিত । সুস্মিতাই শ্ৰী গৌৰীৰ চৰিত্ৰত শক্তিশালী ৰূপত অভিনয় কৰিছিল আৰু ইয়াৰ বাবে তেওঁ প্ৰশংসাও লাভ কৰিছে ।

লগতে পঢ়ক: Dream Girl 2: ড্ৰিম গাৰ্ল ২ মুক্তিৰ বাবে মাজত মাত্ৰ ২ দিন বাকী; কিমান টিকট বুক হ’ল জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.