চিটাৰা ডেস্ক, 7 নৱেম্বৰ: শেহতীয়াকৈ ইণ্টাৰনেটত ৰশ্মিকা মন্দন্নাৰ এটা ভুৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ৷ ইয়াৰ পিচতে এই ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ ইফালে খোদ অভিনেত্ৰীগৰাকীয়ে এই ভিডিঅ’টোক তীব্ৰ গৰিহণা দিয়াৰ লগতে এতিয়া অভিনেত্ৰী মৃণাল ঠাকুৰকে ধৰি বহু চেলিব্ৰিটিয়ে ৰশ্মিকাক সমৰ্থন কৰিছে । মৃণাল ঠাকুৰে ৰশ্মিকাৰ স্থিতিৰ শলাগ লৈ এটা পোষ্ট শ্বেয়াৰ কৰি এনে ঘটনাৰ বিৰুদ্ধে মাত মাতিবলৈ আনকো উৎসাহিত কৰে ।
এই বিষয়ত ৰশ্মিকাৰ স্থিতিৰ বাবে প্ৰশংসা কৰে মৃণাল ঠাকুৰে
অভিনেত্ৰী মৃণাল ঠাকুৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অনলাইনত শ্বেয়াৰ কৰা ভাইৰেল ভুৱা ভিডিঅ’ৰ বিৰুদ্ধে শক্তিশালী স্থিতি লোৱাৰ বাবে ৰশ্মিকাক প্ৰশংসা কৰে । এনে কাৰ্য কৰা সকলক অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ সমালোচনা কৰে ।
-
I feel really hurt to share this and have to talk about the deepfake video of me being spread online.
— Rashmika Mandanna (@iamRashmika) November 6, 2023 " class="align-text-top noRightClick twitterSection" data="
Something like this is honestly, extremely scary not only for me, but also for each one of us who today is vulnerable to so much harm because of how technology is being misused.…
">I feel really hurt to share this and have to talk about the deepfake video of me being spread online.
— Rashmika Mandanna (@iamRashmika) November 6, 2023
Something like this is honestly, extremely scary not only for me, but also for each one of us who today is vulnerable to so much harm because of how technology is being misused.…I feel really hurt to share this and have to talk about the deepfake video of me being spread online.
— Rashmika Mandanna (@iamRashmika) November 6, 2023
Something like this is honestly, extremely scary not only for me, but also for each one of us who today is vulnerable to so much harm because of how technology is being misused.…
মৃণালে নিজৰ পোষ্টটোত লিখিছে, "এনেধৰণৰ আশ্ৰয় লোৱা লোকসকলে লাজ পাব লাগে, ইয়াৰ পৰা দেখা যায় যে এনে লোকৰ বিবেক নাই । ইয়াৰ বিৰুদ্ধে মাত মতাৰ বাবে ধন্যবাদ ৰশ্মিকা মন্দান্না । আমাৰ বহুতেই এনে বিষয়ত মাত মতাৰ পৰিৱৰ্তে মৌনতা অৱলম্বন কৰে । প্ৰতিদিনে ইণ্টাৰনেটত মহিলা অভিনেত্ৰীৰ কামুক ভিডিঅ’ প্ৰচাৰিত হয়, য’ত শৰীৰৰ অনুপযুক্ত অংগ জুম ইন কৰা হয় । আমি এটা সম্প্ৰদায় হিচাপে, সমাজ হিচাপে ক’লৈ গৈ আছো ? আমি হয়তো ‘লাইমলাইটত’ অভিনেত্ৰী কিন্তু দিনৰ শেষত আমি প্ৰত্যেকেই এগৰাকী সাধাৰণ মানুহ । আমি কিয় এই বিষয়বোৰৰ ওপৰত কথা নাপাতো ? মনে মনে নাথাকিব, ইয়াৰ বিৰুদ্ধে মাত মাতক, এতিয়া সময় নাই ।’’
লগতে পঢ়ক: Rashmika's Deepfake Video : FAKE নে REAL ভিডিঅ’ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰশ্মিকাৰ