চিটাৰা ডেস্ক, 2মে’: বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অভিনেতাজনক বাংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে (Mithun Chakraborty latest updates)। বাতৰিটো পোহৰলৈ অহাৰ লগে লগে মিথুনৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে ।
অভিনেতাজনৰ চিকিৎসালয়ৰ বিচনাত শুই থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে (Mithun Chakraborty viral photo) । ভাইৰেল ছবিখনে অভিনেতাজনৰ স্বাস্থ্যৰ বিষয়ে বিভিন্ন উৰাবাতৰি প্ৰচাৰ কৰিছে ।
অভিনেতাজনৰ পুত্ৰ মিমোহ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ফটোখন ভাইৰেল হোৱা সম্পৰ্কত সঁচা কথা কৈছে । মিমোহে জানিবলৈ দিছে যে তেওঁৰ বৃক্কত এটা শিল আছিল । এইকাৰণে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এই ভাইৰেল ফটোখন চিকিৎসালয়ৰ ভিতৰ অংশৰ, য'ত অভিনেতাজনক অচেতন অৱস্থাত বিচনাত পৰি থকা দেখা গৈছে । অৱশ্যে, বৰ্তমানে তেওঁৰ অৱস্থা সুস্থ আছে আৰু চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ ঘৰত জিৰণি লৈছে অভিনেতাজনে ।
মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্য কথা পোহৰলৈ অহাৰ পিছত তেওঁৰ অনুৰাগীসকলে সকাহ পাইছে । সকলোৱে তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে (Mithun Chakraborty health update) । বিজেপিৰ ৰাজ্যিক সম্পাদক ড০ অনুপম হাজৰাইও তেওঁৰ টুইটাৰ হেণ্ডেলত মিথুন চক্ৰৱৰ্তীৰ এখন ফটো শ্বেয়াৰ কৰি অভিনেতাজনৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল ।
শেহতীয়াকৈ তেওঁক কলৰ্ছত সম্প্ৰচাৰিত হুনৰবাজ শ্ব’টোত দেখিবলৈ পোৱা গৈছে ৷ এইবছৰৰ ব্লকবাষ্টাৰ ছবি দ্য কাশ্মীৰ ফাইলছ্ত মিথুন চক্ৰৱৰ্তীৰ অভিনয়ে সকলোকে আপ্লুত কৰিছিল ৷
লগতে পঢ়ক: Dharmendra latest news: হাস্পতালৰ পৰা ঘৰলৈ উভতিল ধৰ্মেন্দ্ৰ