ETV Bharat / entertainment

মনছুৰ আলী খানৰ বিতৰ্কিত মন্তব্যত ক্ষুব্ধ দক্ষিণ উদ্যোগ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 12:34 PM IST

Trisha-Mansoor Ali Khan controversy: লিঅ’ৰ অভিনেতা মনছুৰ আলী খানে অভিনেত্ৰী তৃষাক লৈ অপমানজনক মন্তব্য কৰিছে, ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত সৃষ্টি হয় ব্যাপক বিতৰ্কৰ ৷ ইফালে মনছুৰৰ এই মন্তব্যত ক্ষোভিত হৈ পৰে অভিনেত্ৰীগৰাকী । এতিয়া এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে মনছুৰ আলী খানে ৷

Mansoor Ali Khan clarifies his controversial comments on Trisha Krishnan
তৃষা কৃষ্ণনক লৈ অশ্লীল মন্তব্য মনছুৰ আলী খানৰ

চিটাৰা ডেস্ক, 21 নৱেম্বৰ: দক্ষিণৰ অভিনেত্ৰী তৃষা কৃষ্ণনক শেহতীয়াকৈ দেখা গৈছিল থালাপতী বিজয়ৰ সৈতে লিঅ’ ছবিখনত । এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল । চলিত বৰ্ষৰ অন্যতম ডাঙৰ ছবি হিচাপে পৰিগণিত হৈছে লিঅ’ । এই সফলতাৰ মাজতে ছবিখনত নেতিবাচক চৰিত্ৰত অভিনয় কৰা অভিনেতা মনছুৰ আলী খানে এনে এটা মন্তব্য কৰিছে যাক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ ।

তৃষাক লৈ অশ্লীল মন্তব্য মনছুৰ আলী খানৰ

মনছুৰ আলী খানে সংবাদমেলত তেওঁৰ সহ অভিনেত্ৰী তৃষাক লৈ অতি অপমানজনক মন্তব্য কৰিছিল, তাৰ পিচতে তেওঁৰ ভিডিঅ’টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । ভিডিঅ’টোত অভিনেতাজনে কয় যে লিঅ’ ছবিখনত তৃষাৰ সৈতে তেওঁৰ কোনো ধৰ্ষণৰ দৃশ্য নথকাৰ বাবে তেওঁৰ ভাল লগা নাই ।

মনছুৰ আলীয়ে কৈছিল- মই ভাবিছিলোঁ যে মই আন ছবিসমূহত যেনেকৈ অভিনেত্ৰীসকলক শোৱা কোঠালৈ লৈ যাওঁ, ঠিক সেইদৰেই মই তাইকো (তৃষা) শোৱা কোঠালৈ লৈ যাম । মই বহুত ধৰ্ষণৰ দৃশ্য কৰিছো আৰু এইটো মোৰ বাবে নতুন কথা নহয় । কিন্তু এইসকল লোকৰ কাশ্মীৰৰ সূচীৰ বাবে তৃষাক এবাৰ আনকি দেখাৰো সুযোগো নাপালোঁ ।

  • A recent video has come to my notice where Mr.Mansoor Ali Khan has spoken about me in a vile and disgusting manner.I strongly condemn this and find it sexist,disrespectful,misogynistic,repulsive and in bad taste.He can keep wishing but I am grateful never to have shared screen…

    — Trish (@trishtrashers) November 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মনছুৰৰ এই বক্তব্যত ক্ষুব্ধ হৈ পৰে তৃষা

এই বক্তব্যক লৈ মনছুৰ আলীক উভতি ধৰিছে তৃষাই ৷ অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে - "শেহতীয়াকৈ মই এটা ভিডিঅ’ লাভ কৰিছো, য’ত মিষ্টাৰ মনছুৰে মোৰ বিষয়ে সস্তীয়া আৰু অশ্লীল কথা কোৱা দেখা গৈছে । মই ইয়াক তীব্ৰ সমালোচনা কৰো আৰু মই ইয়াক অতি যৌনতাবাদী, অপমানজনক, নাৰী বিৰোধী আৰু ঘৃণনীয় বুলি বিবেচনা কৰোঁ । কিন্তু মই ধন্য যে মই কেতিয়াও তেওঁৰ দৰে বেয়া ব্যক্তিৰ সৈতে পৰ্দাত কাম কৰা নাই । ভৱিষ্যতেও তেওঁৰ সৈতে কাম কৰিব নিবিচাৰো । তেওঁৰ দৰে মানুহে মানৱতাৰ নাম বেয়া কৰে ।"

এই বিতৰ্কৰ পিচতে স্পষ্টীকৰণ দিয়ে মনছুৰ আলী খানে

কেৱল তৃষাই নহয় বহু তাৰকাই গৰিহণা দিছে মনছুৰৰ এই অশ্লীল বক্তব্যত । এই বক্তব্যক লৈ সমগ্ৰ দক্ষিণ উদ্যোগত সৃষ্টি হয় ব্যাপক বিতৰ্কৰ, ইয়াৰ পিচতে মনছুৰে স্পষ্টীকৰণ দি কয় যে তৃষাক এই ভিডিঅ’টো এডিট কৰি দেখুওৱা হৈছে । তেওঁ কয় যে এই সকলোবোৰ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে যাতে মোৰ ভাবমূৰ্তি আৰু ৰাজনৈতিক কেৰিয়াৰ নষ্ট কৰিব পাৰে ।

লগতে পঢ়ক: কৰণ জোহৰক ‘হোম ব্ৰেকাৰ’ অভিহিত বৰুণ ধাৱনৰ, চাওক কফি উইথ কৰণ ৮ ৰ শেহতীয়া প্ৰ’ম’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.