চিটাৰা ডেস্ক, 20 জুন: শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে অভিনেতা মনোজ বাজপেয়ীয়ে । শেহতীয়াকৈ এটা জনপ্ৰিয় ইউটিউব শ্ব’ত অতিথি হিচাপে দেখা গৈছিল মনোজ বাজপেয়ীক । শ্ব’টোত অভিনেতাগৰাকীয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছিল ৷ মনোজ বাজপেয়ীয়ে কয় যে তেওঁক ‘দ্য ফেমিলি মেন’ ৱেবছিৰিজৰ বাবে বিশেষ ধন দিয়া হোৱা নাছিল, বৰঞ্চ তেওঁক ‘আণ্ডাৰপেইড’ কৰা হৈছিল । উল্লেখ্য যে এই জনপ্ৰিয় ৱেব ছিৰিজৰ দুটা অংশ এতিয়ালৈকে আহিছে আৰু দৰ্শকৰ মাজত ই অতি জনপ্ৰিয় ধাৰাবাহিক । এই ধাৰাবাহিকখনত মনোজ বাজপেয়ীয়ে শ্ৰীকান্ত তিৱাৰী নামৰ এজন চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ।
মনোজ বাজপেয়ীয়ে নিজকে শ্ৰমিক বুলি কিয় ক’লে
ইউটিউব শ্ব’টোত মনোজ বাজপেয়ীক সোধা হৈছিল যে ‘দ্য ফেমিলি মেন’ ৱেবছিৰিজৰ বাবে ছলমান আৰু শ্বাহৰুখৰ সমান দৰমহা পাইছিল নেকি ? ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মনোজে কয়, ‘এই অ’টিটি লোকসকল নিয়মীয়া প্ৰযোজকতকৈ কম নহয় । ডাঙৰ ডাঙৰ তাৰকাক টকা দিয়ে । এই ৱেব ছিৰিজৰ বাবে যি টকা পাব লাগিছিল, সেই ধন নাপালোঁ ।’ ইয়াতেই ৰৈ নাথাকিল মনোজ , লগতে তেওঁ ক’লে, ‘বগা মানুহ আহিব, তেওঁলোকে শ্ব’ কৰিব তেওঁলোকক ধন দি দিয়া হ’ব ৷ চীনত ডাঙৰ ব্ৰেণ্ডৰ কাৰখানা আছে কাৰণ সেই স্থানত সস্তীয়া শ্ৰমিকৰ ব্যৱস্থা আছে । একেদৰেই মইও ইয়াত সস্তীয়া শ্ৰমিক ।
অনুৰাগীৰ প্ৰতিক্ৰিয়া আছিল এনেকুৱা
মনোজ বাজপেয়ীৰ এই কথা প্ৰকাশ কৰাত স্তম্ভিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। অভিনেতাগৰাকীৰ এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মনোজ বাজপেয়ীয়ে নিজকে শ্ৰমিক বুলি কোৱাৰ ধৰণটো দেখি মই বৰ দুখ পাইছো, তেওঁ অন্যতম শ্ৰেষ্ঠ তাৰকা আৰু তেওঁৰ লগতে এনে ব্যৱহাৰ হৈ আছে ।’ একে সময়তে বহু অনুৰাগীয়েও কয় যে মনোজ বাজপেয়ীয়ে ইয়াতকৈ ভালৰ যোগ্য । অৱশ্যে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে ‘দ্য ফেমিলি মেন’ৰ তৃতীয় খণ্ডৰ বাবে ।
লগত পঢ়ক: Dharmendra Hema Malini Marriage: ছানী দেউলতকৈ মাত্ৰ কেইবছৰ মানৰ ডাঙৰ মাহীমাক হেমা মালিনী