চিটাৰা ডেস্ক, 8 ডিচেম্বৰ : অভিনেতা মনোজ বাজপেয়ীৰ মাতৃ গীতা দেৱীৰ বৃহস্পতি বাৰে পৰলোক প্ৰাপ্তি ঘটে ৷ বিগত 20 দিন ধৰি কিছু শাৰিৰীক অসুস্থতাত ভূগি আছিল তেওঁ আৰু বৃহস্পতি বাৰে পুৱা 8.30 বজাত মৃত্যু বৰণ কৰে তেওঁ ৷
প্ৰাপ্ত বাতৰি অনুসৰি অভিনেতাজনৰ মাতৃক এসপ্তাহ পূৰ্বে পুষ্পাঞ্জলি মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল ৷ পিছত তেওঁক দিল্লীৰ মেক্স চুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
পৰিয়ালৰ লোকে এতিয়ালৈকে তেওঁৰ মৃত্যুৰ কাৰণ প্ৰকাশ কৰা নাই ৷ কিন্তু জানিব পৰা মতে বিগত 20 দিনে তেওঁ অসুস্থ হৈ আছিল ৷ মনোজ বাজপেয়ীক তেওঁৰ মাতৃৰ ওচৰতে দেখা গৈছিল ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ ৷ প্ৰয়াত গীতা দেৱী মনোজ বাজপেয়ীৰ জীৱনৰ এক শক্তিশালী স্তম্ভ আছিল ৷ মৃত্যুৰ সময়ত তিনি পুত্ৰ আৰু তিনি কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে ৷
হাস্পতালত ভৰ্তি হৈ থকা গীতা দেৱীৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছিল যদিও যোৱা নিশাৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ বৃহস্পতিবাৰে পুৱা মৃত্যুক আঁকোৱালি লয় তেওঁ ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহত 83 বছৰ বয়সত মনোজ বাজপেয়ীৰ পিতৃৰ দেহাৱসান ঘটিছিল ৷
7 ডিচেম্বৰত অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘Bandaa’ৰ প্ৰথম লুক মুকলি কৰিছিল । এই ছবিখনত তেওঁ এজন উকীলৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে, যিয়ে সদায় সত্যৰ বাবে যুঁজ দিয়ে ।
মনোজৰ জন্ম বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেলৱাত হৈছিল । মনোজ অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল, যাৰ বাবে তেওঁ দিল্লীৰ National School of Drama পৰা অভিনয়ৰ গুণাগুণ শিকিছিল । ইয়াৰ পিছত, তেওঁ তেওঁৰ সপোন পূৰ কৰিবলৈ মুম্বাই অভিমুখী হয় । আজি মনোজ বাজপেয়ী বলীউডৰ এক সুপৰিচিত নাম ।
লগতে পঢ়ক : Paresh Rawal news: অভিনেতা পৰেশ ৰাৱালক চমন জাৰি কলকাতা আৰক্ষীৰ