চিটাৰা ডেস্ক, 21 জুলাই: মণিপুৰত চলি থকা জনগোষ্ঠীয় হিংসাৰ মাজতে শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ মনিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি ৰাস্তাত পেৰেড কৰোৱাৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে দেশজুৰী ইয়াক লৈ সৃষ্টি হৈছে ক্ষোভৰ ৷ কেৱল এয়াই নহয়, এই মহিলাসকলৰ লগত ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷ মানৱতাক লজ্জিত কৰা এই ভিডিঅ’টোক লৈ দেশবাসীয়ে প্ৰকাশ কৰিছে ক্ষোভ ৷ বলীউডৰ তাৰকাসকলেও মণিপুৰৰ এই কাণ্ডৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে ৷ অক্ষয় কুমাৰৰ পৰা উৰ্মিলা মাটোণ্ডকাৰ, সঞ্জয় দত্ত, কিয়াৰা আদৱানী, একতা কাপুৰ, জয়া বচ্চনৰ দৰে বহু তাৰকাই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰ মাজতে এতিয়া গ্লোবেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা আৰু কৰীণা কাপুৰেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷
প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। প্ৰিয়ংকাই ভুক্তভোগী মহিলাসকলৰ বাবে ন্যায় বিচাৰিছে। এই লজ্জাজনক ঘটনাক লৈ ক্ষুব্ধ হৈ প্ৰিয়ংকাই লিখিছে, ‘এই ভিডিঅ’ ভাইৰেল হোৱাত সময় লাগিছিল, এই জঘন্য অপৰাধ সংঘটিত হোৱাৰ ৭৭ দিনৰ পাচত ভাইৰেল হৈছিল এই ভিডিঅ’, এই ঘটনাৰ ওপৰত ব্যৱস্থা লোৱাৰ পূৰ্বে ভাইৰেল হৈছে ভিডিঅ’ ৷ ইয়াৰ আঁৰৰ যুক্তি কি ? ইয়াৰ কাৰণ কি ? কি আৰু কিয়, পৰিস্থিতি যিয়েই নহওক কিয়, কোনো পৰিস্থিতিত আমি নাৰীক কোনো ধৰণৰ খেলৰ পণ্য সামগ্ৰী হ’বলৈ দিব নোৱাৰো।’
প্ৰিয়ংকাই আৰু লিখিছে, ‘এয়া আমাৰ সকলোৰে বাবে অতি লজ্জাজনক আৰু এই কাণ্ডত তৎক্ষণাত ন্যায় হ’ব লাগে।’ প্ৰিয়ংকাই এই পোষ্টটোৰ সৈতে কিছু হেচটেগ শ্বেয়াৰ কৰিছে য’ত #togetherinshame আৰু #justiceforthewomenofManipur অন্তৰ্ভুক্ত কৰা হৈছে।
অভিনেত্ৰী কৰীণা কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত পোষ্ট কৰি লিখিছে, “#মণিপুৰৰ পৰিস্থিতিত গভীৰভাৱে বিচলিত । যেতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়ালৈকে সকলো কথাৰ অৰ্থ একোৱেই নাই । দ্ৰুতগতিত ।”
মণিপুৰত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ?
প্ৰিয়ংকাৰ পূৰ্বে এই ঘটনাক লৈ ৰেণুকা শ্বাহানে, সোনু ছুদ, অক্ষয় কুমাৰৰ দৰে বহু চলচ্চিত্ৰ তাৰকাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উল্লেখ্য যে, মণিপুৰত এই হিংসাত্মক ঘটনা ৩ মে’ৰ পৰাই আৰম্ভ হৈছে । দৰাচলতে ইম্ফল উপত্যকাত কেন্দ্ৰীভূত সংখ্যাগৰিষ্ঠ মেইটেই আৰু পাহাৰ দখল কৰা কুকি জনগোষ্ঠীৰ মাজত ৩ মে’ৰ পৰা মণিপুৰত জাতিগত সংঘাত চলি আহিছে। ৩ মে’ত কুকি জনগোষ্ঠীৰ ৰাইজে ‘জনজাতি ঐক্য মাৰ্চ’ লৈছিল ৷ ইয়াৰ বাবেই জনজাতীয় জনগোষ্ঠী কুকি আৰু মেইটেইৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈছিল, তাৰ পিচতেই মণিপুৰত সৃষ্টি হয় উত্তেজনাৰ পৰিৱেশ । খবৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে প্ৰায় ১৬০ জন লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক: Manipur Violence: মণিপুৰৰ বৰ্বৰতাক ধিক্কাৰ অক্ষয় কুমাৰৰ পৰা উৰ্মিলা মাটোণ্ডকাললৈকে বহু চেলিব্ৰিটিৰ