ETV Bharat / entertainment

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ মংগেশকাৰ পৰিয়ালক

Ram Mandir Pran Pratishtha: অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব । এতিয়া মংগেশকাৰ পৰিয়ালেও এই কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 4:32 PM IST

Mangeshkar family received invitation to attend pran pratishtha ceremony of Ram Mandir
ৰাম মন্দিৰ উদ্বোধনী কাৰ্যসূচীত দেখা যাব এইসকল তাৰকাক

চিটাৰা ডেস্ক, ১৫ জানুৱাৰী : অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । এই ঐতিহাসিক দিনটোৰ বাবে বহু বছৰ ধৰি সকলোৱে অপেক্ষা কৰি আছিল ৷ বৰ্তমান ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবে সমগ্ৰ দেশতে এক সুখৰ জোৱাৰ দেখা গৈছে ৷ ৰাম নগৰী অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত কেৱল ৰাজনীতিবিদেই নহয়, চিনেমা জগতৰ বহু ডাঙৰ ব্যক্তিত্বকো আমন্ত্ৰণ জনোৱা হৈছে। এতিয়া মংগেশকাৰ পৰিয়ালৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

লতা মংগেশকাৰৰ পৰিয়াললৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ

প্ৰয়াত লতা মংগেশকাৰৰ পৰিয়ালে আজি অৰ্থাৎ সোমবাৰে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে । এই নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে লতা মংগেশকাৰৰ ভগ্নী তথা বলীউডৰ প্ৰবীণ গায়িকা আশা ভোছলেই । যাৰ ফটো এতিয়া ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে । ফটোসমূহত ৰাম মন্দিৰৰ অনুষ্ঠানৰ নিমন্ত্ৰণ পোৱাৰ পিচত কণ্ঠশিল্পীগৰাকীক অতি সুখী হোৱা দেখা গৈছে । ইফালে কণ্ঠশিল্পী চনু নিগমেও এই শুভ ক্ষণৰ বাবে নিমন্ত্ৰণ পত্ৰ লাভ কৰিছে। ইয়াৰ ফটোও তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

মংগেশকাৰ পৰিয়ালৰ উপৰিও ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণ পত্ৰ লাভ কৰিছে বলীউডৰ জনপ্ৰিয় দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে । ইয়াৰ ছবিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । আনকি ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰমেও আমন্ত্ৰণ লাভ কৰিছে ।

বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰ, কংগনা ৰানাৱত, অমিতাভ বচ্চন, টাইগাৰ শ্ৰফ, মাধুৰী দীক্ষিত আৰু অজয় ​​দেৱগনেও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আমন্ত্ৰণ পত্ৰ লাভ কৰিছে ।

টিভি তাৰকাসকলেও লাভ কৰিছে নিমন্ত্ৰণ পত্ৰ

সৰু পৰ্দা অৰ্থাৎ টিভিৰ জগতৰ বহু তাৰকাইও এই অনুষ্ঠানৰ বাবে লাভ কৰিছে নিমন্ত্ৰণ পত্ৰ ৷ ইয়াৰ বাবে টিভিৰ 'ৰাম' আৰু 'সীতা' অৰ্থাৎ অৰুণ গোভিল আৰু দীপিকা চিখলিয়ালৈও নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, এই অনুষ্ঠানত ৪০০০ সাধু আৰু সন্তকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৭০০০ অতিথিয়েও এই শুভ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে ।

এইসকল দক্ষিণৰ তাৰকাকো দেখা যাব প্ৰাণ প্ৰতিষ্ঠাত

বলীউডৰ উপৰিও ৰাম মন্দিৰ উদ্বোধনৰ বাবে দক্ষিণ ভাৰতৰ চেলিব্ৰিটিলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে । এই তালিকাত ৰাম চৰণ, প্ৰভাস, চিৰঞ্জীৱী, যশ, ঋষভ শেট্টী, মোহনলাল ৰজনীকান্ত, ধনুশ আদি বহু ডাঙৰ তাৰকাৰ নাম সন্নিবিষ্ট কৰা হৈছে । আনকি শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীকো আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক: ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ পৰা টলীউডলৈকে এইসকল তাৰকা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.