চিটাৰা ডেস্ক, 31 মাৰ্চ: ভাৰতীয় সংগীত ক্ষেত্ৰখনৰ সংগীত শিল্পী সমূহৰ ভিতৰত লাকী আলি হৈছে সেইজন শিল্পী যাৰ সুৱলিল কণ্ঠই সকলো বয়সৰে শ্ৰোতাক প্ৰশান্তি প্ৰদান কৰে ৷ 1990 ৰ পৰা 2000 বৰ্ষৰ সময়ছোৱা লাকী আলি অবিহনে কল্পনাই কৰিব নোৱাৰি ৷ 90 দশকৰ প্ৰতিজনৰে মনত এক সুকীয়া স্থান অধিকাৰ কৰি থৈছে লাকী আলিয়ে ৷ এতিয়াও সতেজ তেওঁৰ কণ্ঠত নিগৰা সেই অন্তৰস্পৰ্শী গানসমূহ (lucky ali songs) ৷
এইজনা মহান শিল্পীয়ে অৱসৰৰ কথা ঘোষণা কৰাটো নিশ্চয়কৈ প্ৰতিজন সংগীতপ্ৰেমীৰে বাবে দুখঃজনক (Lucky ali retirement from music) ৷ যাৰ কণ্ঠত আন দহজনে প্ৰাণ পাই উঠে, জীৱন জীয়াৰ হেঁপাহ জাগে, সেইজনা শিল্পীৰ অৱসৰৰ বাতৰি কল্পনাৰো অগোচৰ ৷ মৰ্মাহত হৈ পৰিছে লাকী আলিৰ অনুৰাগী সকল ৷
- " class="align-text-top noRightClick twitterSection" data="">
হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে অৱসৰক তেওঁ দায়িত্ব হিচাপেহে লৈছে ৷ বহু সময়ৰ পৰাই অৱসৰৰ কথা চিন্তা কৰি থকাৰ কথাও মুকলি কৰে তেওঁ (lucky ali retirement) ৷ তেওঁৰ সন্তানে নিজৰ মিউজিক লেবেল আৰম্ভ কৰাৰ সময়তে তেওঁ এই ক্ষেত্ৰৰ পৰা অৱসৰ লোৱাৰ কথা ভাবি পেলাইছিল বুলি সাক্ষাৎকাৰটোত জনাই তেওঁ ৷
লাকী আলিৰ শেষৰটো গানৰ এলবাম শীঘ্ৰেই মুক্তি পাব ৷ Intezaar নামৰ এলবামেৰে তেওঁৰ সোণালী কেৰিয়াৰৰ সামৰণি মাৰিব সংগীত শিল্পী জনে ৷ 6 এপ্ৰিলত মুক্তি লাভ কৰিব Intezaar এ ৷