চিটাৰা ডেস্ক, 4 মে’: অলপতে কৰণ জোহৰে সামাজিক মাধ্যমত ঘোষণা কৰে যে তেওঁৰ বিখ্যাত অনুষ্ঠান 'কফি উইথ কৰণ' ইতিমধ্যে শেষ হৈছে, এই শ্ব’টো আৰু ঘূৰি নাহে । তেওঁ ইনষ্টাগ্ৰামত এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছিল (Karan Johar instagram) য'ত লিখা আছিল, "হেল্ল’, 6 টা চিজন ধৰি আজি পৰ্যন্ত কফি উইথ কৰণ মোৰ আৰু আপোনাৰ জীৱনৰ অংশ হৈ আছে । মই ভাবো এই শ্ব’টোৰ জৰিয়তে আমি এটা প্ৰভাৱ পেলাবলৈ সক্ষম হৈছো আৰু পপ সংস্কৃতিৰ ইতিহাসত আমাৰ স্থান বিচাৰি পাইছো । সেয়েহে, অতি দুখেৰে মই ঘোষণা কৰিছো যে কফি উইথ কৰণ ঘূৰি নাহে..."
- " class="align-text-top noRightClick twitterSection" data="
">
বিখ্যাত চেলিব্ৰিটী টক শ্ব' 'কফি উইথ কৰণ' য়ে ২০০৪ চনৰ নৱেম্বৰত ইয়াৰ প্ৰথম খণ্ডটো সম্প্ৰচাৰ কৰিছিল । ছটাকৈ চিজন ধৰি এই শ্ব’টো 'ফুল খিলে হে গুলচন গুলচন'ৰ পিছত হিন্দী ভাষাৰ টেলিভিছনত দ্বিতীয় দীৰ্ঘতম চলি থকা টক শ্ব' হিচাপে পৰিগণিত হৈছে ( Koffee with Karan last season)। টক শ্ব’টোৰ ষষ্ঠ আৰু অন্তিমটো চিজন ২০১৯ চনৰ মাৰ্চত সমাপ্ত হৈছিল (Koffee with Karan season6) ।
শ্বাহৰুখ খান, কাজল, অজয় দেৱগন, অভিষেক বচ্চন, প্ৰিয়ংকা চোপ্ৰা, অক্ষয় কুমাৰ, চৈফ আলী খান, চাৰা আলী খান, অৰ্জুন কাপুৰ, আলিয়া ভাট, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ দৰে বহুতো চেলিব্ৰেটিয়ে বাৰ্তালাপ অনুষ্টোঠানটোত তেওঁলোকৰ উপস্থিতিৰে দৰ্শকক আমোদ দিছিল ।
লগতে পঢ়ক: Met Gala 2022 : প্ৰেমৰ প্ৰস্তাৱেৰে মুখৰিত হ’ল মেট গালাৰ ৰেড কাৰ্পেট