ETV Bharat / entertainment

Koffee With Karan 8: দীপিকা-ৰণবীৰৰ বিয়াৰ ভিডিঅ’ চাই অকলশৰীয়া অনুভৱ কৰিলে কৰণে, প্ৰকাশ কৰিলে মনৰ কথা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 12:18 PM IST

কফি উইথ কৰণ ৮ৰ প্ৰথম খণ্ডতে আবেগিক হৈ পৰিল কৰণ জোহৰ । শ্ব’টোত চিংগল হোৱাৰ কথা প্ৰকাশ কৰে কৰণে ৷

Koffee With Karan 8: Karan gets emotional after watching Ranveer Singh and Deepika Padukone's wedding video
ৰণবীৰ-দীপিকাৰ বিয়াৰ ভিডিঅ’ চাই আবেগিক হৈ পৰিল কৰণ

চিটাৰা ডেস্ক, 26 অক্টোবৰ: আৰম্ভ হ’ল কৰণ জোহৰৰ টক শ্ব’ কফি উইথ কৰণ ছিজন ৮ । যেতিয়াই কৰণ জোহৰৰ শ্ব’ আৰম্ভ হয় তেতিয়াই শ্ব’টোৱে বাতৰিৰ শিৰোনাম দখল কৰে ৷ কিয়নো শ্ব’টোত চেলিব্ৰিটিসকলে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু কথা প্ৰকাশ কৰে, যিটো জানিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে । ইফালে নতুন ছিজনৰ প্ৰথম খণ্ডতে আবেগিক হৈ পৰিছিল কৰণ জোহৰ । দৰাচলতে শ্ব’টোৰ প্ৰথম অতিথি আছিল দীপিকা পাডুকন আৰু ৰণবীৰ সিং ৷ শ্ব’টোত বিবাহৰ পাঁচ বছৰৰ পাচত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিয়াৰ ভিডিঅ’ মুকলি কৰা হয় । দুয়োৰে বিবাহৰ ভিডিঅ’ চোৱাৰ পাচত আবেগিক হৈ পৰে কৰণ আৰু নিজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে।

প্ৰথমবাৰৰ বাবে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক একেলগে এই শ্ব’টোত দেখা পোৱা গৈছিল । ইফালে শ্ব’টোত মুকলি কৰা ভিডিঅ’টোত বিবাহৰ প্ৰতিটো নিয়ম-নীতিৰ আভাস দেখুওৱা হৈছে । এই ভিডিঅ’টো শেষ হোৱাৰ লগে লগে কৰণৰ চকুলো বৈ আহে ।

আবেগিক হৈ পৰিল কৰণ

ভিডিঅ’ শেষ হোৱাৰ পিচতে আবেগিক হৈ পৰে কৰণ ৷ ইয়াৰ পিচত দীপিকা-ৰণবীৰে তেওঁক সাৱটি ধৰে । পিচত কৰণে নিজৰ মনৰ কথা প্ৰকাশ কৰে । তেওঁ কয়- মই ৰিলেচনত নাই আৰু মই অবিবাহিত । কিন্তু মোৰ অনুভৱ হয় যে মোৰো কোনোবা থাকিব লাগিছিল, যিটো মই মিছ কৰোঁ । আপোনাৰ সৈতে যেতিয়া জীৱন সংগী নাথাকে, তেতিয়া আপুনি আপোনাৰ জীৱনৰ সকলো বস্তুবোৰ শ্বেয়াৰ কৰিব নোৱাৰে । প্ৰতিদিনে পুৱা সাৰ পাই অনুভৱ কৰো যে মোৰ জীৱনৰ এটা অংশ শূন্য হৈ আছে ।

অবিবাহিত হোৱাৰ কথাও প্ৰকাশ কৰিলে কৰণে

কৰণে অবিবাহিত হোৱাৰ সন্দৰ্ভত কয়,‘‘ মই আত্মা সংযোগক মিছ কৰো । মই জানো মোৰ সন্তান আৰু মা আছে ৷ কিন্তু আপোনালোকক দেখিলে এনে লাগে যে সম্পৰ্কবোৰ কঠিন ৷ কিন্তু যাৰ লগত আপুনি পুৱা সাৰ পায়, জীৱনৰ হাতত ধৰি থাকে, সেয়া হৈছে আত্মাৰ সংযোগ । যিটো মই মিছ কৰো ৷’’

কৰণে লগতে ক’লে যে মই আপোনালোক দুয়োৰে বাবে সুখী আৰু অকলশৰীয়াও । এই কথা মই এই আশাৰে প্ৰকাশ কৰিছো যে মোৰো আপোনালোক দুয়োৰে দৰে কাহিনী হওক ৷

লগতে পঢ়ক: Koffee With Karan 8: বিবাহৰ পাঁচ বছৰ পিচত মুকলি দীপিকা-ৰণবীৰৰ বিয়াৰ ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.