চিটাৰা ডেস্ক, 1 জুন : ভাৰতীয় সংগীত তথা চলচ্চিত্ৰ জগতৰ সুপৰিচিত গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ চমুকৈ কে কেৰ মঙলবাৰে নিশা কলকাতাৰ এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত মৃত্যু হয় (KK singer news) । 53 বছৰ বয়সতো অতি উছাহেৰে তেওঁ অনুৰাগীসকলৰ মাজত গান গাই আছিল । হঠাতে গায়কজনে অস্বস্তি অনুভৱ কৰি মঞ্চৰ পৰা আঁতৰি আহে । সেই মূহুৰ্তৰেই এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে-
-
Singer KK collapse video | KK Last Video
— youthistaan.com (@youthistaan) May 31, 2022 " class="align-text-top noRightClick twitterSection" data="
Lost Another Legend💔
#KK #singerkk #bollywood #rip #krishnakumarkunnath #legend #ripkk #krishnakumarkunnathliveshow #kklive #kolkata pic.twitter.com/ZFPg6Q0LHg
">Singer KK collapse video | KK Last Video
— youthistaan.com (@youthistaan) May 31, 2022
Lost Another Legend💔
#KK #singerkk #bollywood #rip #krishnakumarkunnath #legend #ripkk #krishnakumarkunnathliveshow #kklive #kolkata pic.twitter.com/ZFPg6Q0LHgSinger KK collapse video | KK Last Video
— youthistaan.com (@youthistaan) May 31, 2022
Lost Another Legend💔
#KK #singerkk #bollywood #rip #krishnakumarkunnath #legend #ripkk #krishnakumarkunnathliveshow #kklive #kolkata pic.twitter.com/ZFPg6Q0LHg
ভাইৰেল ভিডিঅ'টোত দেখা গৈছে, কে কে কেনেদৰে সংগীতানুষ্ঠানৰ পৰা অস্থিৰভাৱে ওলাই আহে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কেকে বুকুৰ বিষত ভুগিছিল আৰু তেওঁক চিএমআৰআই চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বে তেওঁ থকা হোটেলখনত নিয়ন্ত্ৰণহীন হৈ ঢলি পৰাতহে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ গায়কজন পৰি আঘাতপ্ৰাপ্তও হৈছিল ।
আনহাতে অন্য এটা ভিডিঅ'ত দেখা গৈছে যে অনুৰাগীসকলৰ মাজত সুন্দৰকৈ গান গাই থকাৰ মাজতে হঠাতে মঞ্চ এৰি উভতি আহে গায়কজন আৰু তাত উপস্থিত কৰ্মকৰ্তাই তেওঁক বাহিৰলৈ উলিয়াই আনে ৷
-
#EXCLUSIVE
— Tirthankar Das (@tirthaMirrorNow) May 31, 2022 " class="align-text-top noRightClick twitterSection" data="
The very moment when playback singer KK was being taken back to hotel after he complained about his health condition. He has been declared brought dead by the doctors of CMRI. #KK #NewsToday #KKsinger #KKDies #kkdeath #SingerKK@ANI @MirrorNow @TimesNow @htTweets pic.twitter.com/zX5A2ZPvTW
">#EXCLUSIVE
— Tirthankar Das (@tirthaMirrorNow) May 31, 2022
The very moment when playback singer KK was being taken back to hotel after he complained about his health condition. He has been declared brought dead by the doctors of CMRI. #KK #NewsToday #KKsinger #KKDies #kkdeath #SingerKK@ANI @MirrorNow @TimesNow @htTweets pic.twitter.com/zX5A2ZPvTW#EXCLUSIVE
— Tirthankar Das (@tirthaMirrorNow) May 31, 2022
The very moment when playback singer KK was being taken back to hotel after he complained about his health condition. He has been declared brought dead by the doctors of CMRI. #KK #NewsToday #KKsinger #KKDies #kkdeath #SingerKK@ANI @MirrorNow @TimesNow @htTweets pic.twitter.com/zX5A2ZPvTW
ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । কৰিডৰেদি শিল্পীজনক উলিয়াই আনোতেও অনুৰাগীসকলে চেলফি লোৱাৰ বাবে হেতা ওপৰা লগাই । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বুকুৰ বিষ আৰু ষ্ট্ৰোকত গায়কজনৰ মৃত্যু ঘটিছে (KK death reason) ।
উল্লেখযোগ্য যে, গায়কজনৰ মূৰত কিছুমান আঘাতৰ চিহ্নও পোৱা গৈছে, যাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে । সংগীতানুষ্ঠানলৈ যোৱাৰ আগতে গায়কজনৰ বহু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল (KK live concert 2022) ।