ETV Bharat / entertainment

Parineeti Raghav got engaged : পৰিণীতিৰ গালত ৰাঘৱৰ চুমা; ছ’চিয়েল মিডিয়াত ভাইৰেল এংগেজমেণ্টৰ ভিডিঅ’

author img

By

Published : May 14, 2023, 12:48 PM IST

Updated : May 14, 2023, 3:00 PM IST

অৱশেষত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই ৰাজহুৱা কৰিলে তেওঁলোকৰ সম্পৰ্ক ৷ শনিবাৰে নিশা পৰিণীতি-ৰাঘৱৰ এংগেজমেণ্ট হয় (Parineeti chopra raghav chadha) ৷ ইতিমধ্যেই এংগেজমেণ্টৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ য’ত দুয়োকে ৰোমান্টিক হোৱা দেখা পোৱা যায়...

Kiss of love: Raghav Chadha gives Parineeti Chopra a peck on her cheeks as she sings Ve Maahi at engagement; watch video
পৰিণীতি-ৰাঘৱৰ এংগেজমেণ্ট

চিটাৰা ডেস্ক, 14 মে’: বিগত বহু দিনৰে পৰা অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ বিবাহৰ খবৰে দখল কৰি আহিছিল সংবাদ মাধ্যমৰ শিৰোনাম (Actor Parineeti Chopra) ৷ কিন্তু এই সন্দৰ্ভত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাছিল (Aam Aadmi Party leader Raghav Chadha) ৷ কিন্তু অৱশেষত দুয়োৱে ৰাজহুৱা কৰিলে তেওঁলোকৰ সম্পৰ্কৰ ৷

নতুন দিল্লীৰ কাপুৰথালা হাউচত শনিবাৰে নিশা পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ এংগেজমেণ্ট হয় (Parineeti chopra raghav chadha) । ইতিমধ্যেই এংগেজমেণ্টৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইফালে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা দুয়োৱে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে এংগেজমেণ্টৰ ছবি (Parineeti Raghav got engaged) ৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা তেনে এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে ৰাঘৱৰ বাহুত ধৰি তেওঁৰ ‘কেছাৰী’ ছবিৰ ভে মাহী গীতটো গোৱা দেখা গৈছিল ৷ ইয়াৰ পিচত আপ নেতাই পৰিণীতিৰ গালত চুম্বন কৰা দেখা যায়। ছ’চিয়েল মিডিয়াত এই যুটিটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ কিছু সময়ৰ পিচতে অনুৰাগীসকলে কমেণ্ট ছেকচনত ৰঙা হৃদয়ৰ ইমোজী প্ৰেৰণ কৰে।

এজন অনুৰাগীয়ে এই ভিডিঅ’টোত মন্তব্য কৰি কয়, "এই ভিডিঅ’টো লুপত চাই আছো...এনে হাৰ্ট ৱাৰ্মিং ভিডিঅ’ ৷" আন এজন অনুৰাগীয়ে লিখিছে, " ইমান মৰমলগা আৰু তেওঁলোকক ইমান সুখী দেখা পাই ভাল লাগিল । "এজনে আকৌ লিখিছে, "এটা ধুনীয়া দাম্পত্য জীৱন গঢ়ি তোলক । গড ব্লেছ ।"

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম, শিৱসেনাৰ নেতা আদিত্য থাকৰেকে ধৰি কেইবাজনো ৰাজনীতিবিদ উপস্থিত থাকেএই অনুষ্ঠানত (Three CMs at Parineeti Raghav engagement) । তেওঁলোকৰ উপৰিও দিল্লীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাইও অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ অন্তত কাপুৰথালা ঘৰৰ বাহিৰত পাপক সম্ভাষণ জনায় পৰিণীতি-ৰাঘৱে (Priyanka chopra at Parineeti Raghav engagement) ।

নতুনকৈ এংগেজমেণ্ট কৰা এই যুটিটোৱে কেমেৰাৰ বাবে হাঁহি হাঁহি পোজ দিয়ে । চোপ্ৰা আৰু চাড্ডাসকলৰ পৰিয়ালৰ লোকে সভাস্থলীৰ বাহিৰত নিয়োজিত পাপসকলৰ বাবে মিঠাই বিতৰণ কৰে । বিশেষ দিনটোৰ বাবে পৰিণীতিয়ে পৰিধান কৰিছিল সম্পূৰ্ণ হাতৰ কচ্ছপৰ ডিঙিৰ চুট আৰু এই চুট ডিজাইন কৰিছিল মনীষ মালহোত্ৰাই । চুলিকোচা খোলা ৰাখি গধুৰ কাণফুলি, মাংটিকা আৰু আঙঠিৰে লুকটো সম্পূৰ্ণ কৰিছিল । চুটটোৰ ডিঙিৰ ৰেখাডাল মুকুতাৰ ডোঙাৰে সজাই তোলা হৈছিল । আনফালে পৱন সচদেৱে ডিজাইন কৰা আচকান পৰিধান কৰিছিল ৰাঘৱে। (ANI)

লগতে পঢ়ক: Priyanka Chopra lands in Delhi: ভগ্নী পৰিনীতিৰ বাগদানৰ বাবে ভাৰতত উপস্থিত হ’ল প্ৰিয়ংকা চোপ্ৰা

Last Updated : May 14, 2023, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.