চিটাৰা ডেস্ক, 23 এপ্ৰিল: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে কিচি কা ভাই কিছি কি জান ছবিখনৰ জৰিয়তে অনুৰাগীক দিছিল ঈদৰ উপহাৰ (Salman khans kisi ka bhai kisi ki jaan)। কিন্তু ভাইজানৰ বিগত ঈদত মুক্তি পোৱা ছবিসমূহৰ তুলনাত এই ছবিখন লেহেমীয়াকৈ বক্স অফিচত খাতা খুলিছিল ৷ যদিও দ্বিতীয় দিনাৰ প্ৰাৰম্ভিক অনুমান অনুসৰি অৱশেষত কেকেবিকেকেজেয়ে অনুৰাগীৰ পৰা লাভ কৰিছে ঈদি !
কিছি কা ভাই কিছি কি জানৰ দ্বিতীয় দিনাৰ বক্স অফিচ সংগ্ৰহ
কিচি কা ভাই কিছি কি জানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান আৰু পূজা হেগড়ে (Kisi ka bhai kisi ki jaan day 2 bo collection)। ডাবাং ৩ৰ পাচত ছুপাৰষ্টাৰগৰাকীৰ প্ৰথমখন ডাঙৰ থিয়েটাৰ মুক্তিৰ ছবি আছিলকিচি কা ভাই কিছি কি জান । কিন্তু ছবিখনৰ মুক্তিৰ দিনা বক্স অফিচত ভাল ফলাফল দেখুৱাব নোৱাৰিলে যদিও দ্বিতীয় দিনা বক্স অফিচত সংগ্ৰহ কৰে 25 কোটি টকা ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অৱশেষত ঈদ উপলক্ষে মুক্তি পোৱা ছবিখনে লাভ কৰিছে ঈদি ।
কিছি কা ভাই কিছি কি জানৰ মুঠ বক্স অফিচ সংগ্ৰহ
KKBKKJ ৰ প্ৰথম দিনৰ পৰিসংখ্যাই যথেষ্ট লেহেমীয়া আৰম্ভণি দেখুৱাইছিল (Kisi ka bhai kisi ki jaan box office collection) । ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে টুইটযোগে কয় যে ছবিখনে প্ৰথম দিনাই ১৫.৮১ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ছবিখনে বক্স অফিচত সংগ্ৰহ কৰে 25 কোটি টকা ৷ দুদিনত ছবিখনে মুঠ সংগ্ৰহ কৰে 41 কোটি টকা ৷
উল্লেখ্য যে, ছবিখনে ছলমানৰ পূৰ্বৰ ঈদৰ মুক্তিৰ অভিলেখ অতিক্ৰম কৰাত ব্যৰ্থ হ’ল । উদাহৰণস্বৰূপে, ডাবাং ৩ ছবিখন মুকলিৰ দিনটোত ২৪.৫০ কোটি টকাৰ ধনৰাশি সংগ্ৰহ কৰিছিল । ইফালে ৰেচ ৩ ৰ উপাৰ্জন ২৮.৫০ কোটি টকা । ২৭.২৫ কোটি টকা উপাৰ্জন কৰি বজৰংগী ভাইজান ছলমানৰ কেৰিয়াৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাবে পৰিগণিত হৈছিল ।
কিচি কা ভাই কি জান ছবিখনৰ বিষয়ে কিছু নজনা কথা
কিচি কা ভাই কিছি কি জান ছবিখন পৰিচালনা কৰিছে একচন এণ্টাৰটেইনাৰ, পৰিচালক ফৰহাদ ছামজীয়ে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, পূজা হেগড়ে আৰু ভেংকটেশৰে। য়েনতাম্মা গীতটিত ৰাম চৰণে বিশেষ এন্ট্ৰি দিয়া দেখিবলৈ পোৱা যায় ৷ ছবিখনত শ্বেহনাজ গীলে চুকুনৰ চৰিত্ৰত অভিনয় কৰিছে ।
ছলমান খান ফিল্মছৰ প্ৰযোজক এই ছবিখনত ছলমান খানৰ ছবি এখনৰ পৰা আশা কৰা সকলো উপাদান থাকিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে - একচন, কমেডী, নাটক, ৰোমাঞ্চ, আৰু আৱেগ । ২১ এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিছে কিচি কা ভাই কিছি কি জান ।