ETV Bharat / entertainment

Kiara sidharth latest photo: ৰঙা পোছাকত দিল্লী বিমানবন্দৰত দেখা গ’ল নৱদম্পতী সিদ্ধাৰ্থ কিয়াৰাক

author img

By

Published : Feb 9, 2023, 10:40 AM IST

জয়সালমেৰৰ পিছত বলীউডৰ নৱবিবাহিত দম্পতী সিদ্ধাৰ্থ-কিয়াৰাক দিল্লী বিমানবন্দৰত দেখা গৈছিল । জয়সলামেৰৰ পৰা পশ্চিমীয়া পোছাক পৰিধান কৰি ওলাই অহা যুটিটোক দিল্লী বিমানবন্দৰত ৰঙা পৰম্পৰাগত পোছাকত দেখা গৈছিল (Kiara sidharth latest photo) ৷ ৰঙা পৰিহিত দুয়োৰে ফটো আৰু ভিডিঅ' এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Kiara sidharth malhotra
সিদ্ধাৰ্থ কিয়াৰা

চিটাৰা ডেস্ক, 9 ফেব্ৰুৱাৰী : যোৱা 7 ফেব্ৰুৱাৰী, মঙলবাৰে জয়সালমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বৰ্গৰ উপস্থিতিত বলীউডৰ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ হয় (Sidharth Kiara Wedding) । বিয়াৰ ঠিক এদিনৰ পিছতে বুধবাৰে পৰিয়ালসহ জয়সালমেৰৰ পৰা দিল্লীলৈ ৰাওনা হয় নৱ-দম্পতী । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰঙা ৰঙৰ পোছাকত দেখা গৈছিল দম্পতীহালক । এই পোছাকত দুই তাৰকাই বিমানবন্দৰত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ দুয়োকে সাংঘাতিক মৰমলগা দেখা গৈছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ এই ফটো আৰু ভিডিঅ’। বিয়াৰ পিছৰ ফটোসমূহ দেখি অনুৰাগী মতলীয়া হৈ পৰিছে (Kiara sidharth latest photo) ৷

বিয়াৰ পিছদিনা জয়সালমেৰ এৰাৰ সময়ত দুই বলীউড তাৰকাকে কেজুৱেল লুকত দেখা গৈছিল ৷ বিমানবন্দৰত উপস্থিত থকা পাপাৰাজ্জীক সম্ভাষণ জনাই দুয়ো আগবাঢ়ি গুচি যায় ৷ তাৰ পিছত দিল্লী বিমানবন্দৰত ৰঙা ৰঙৰ পোছাকত সকলোৰে দৃষ্টি নিজৰ ফালে কাঢ়ি নিয়ে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে (Kiara sidharth spotted Delhi airport) ৷ সিদ্ধাৰ্থে পৰিধান কৰিছিল ৰঙা ৰঙৰ কুৰ্তা, যিটো তেওঁ বগা পাইজামাৰ সৈতে যোৰ কৰি পিন্ধিছিল । ডিঙিত এখন সুন্দৰ এম্ব্ৰইডাৰী কৰা শ্বালৰ সৈতে তেওঁ এই লুকটো সম্পূৰ্ণ কৰে ৷ আনহাতে, ৰঙা চেলোৱাৰ কামিজ আৰু ৰঙা নেটৰ দোপাট্টাৰ সৈতে কিয়াৰাক বৰ ধুনীয়া দেখা গৈছিল । চেলোৱাৰৰ সৈতে কিয়াৰাই চুলিখিনি খোলাকৈ ৰাখিছিল । কেৱল এয়াই নহয়, কিয়াৰাই নিজৰ সেন্দূৰ, মংগলসূত্ৰ আৰু খাৰুৰে সৈতে সম্পূৰ্ণ সাজত আছিল । সাধাৰণভাৱে বিমানবন্দৰত উপস্থিত হোৱা কিয়াৰাৰ হাতত আছিল গুলপীয়া ৰঙৰ বিশেষভাৱে তৈয়াৰী চূড়া ৷ সোণালী ৰঙৰ জিলিকি থকা হীলছৰ সৈতে তেওঁ নিজৰ লুকটো সম্পূৰ্ণ কৰে । কিয়াৰাৰ মুখত নতুন কইনাৰ উজ্জ্বলতা বাৰুকৈয়ে দেখা পোৱা গৈছে ৷

The ever gorgeous Mr. & Mrs. Malhotra 🫶 pic.twitter.com/vYUsy3eqcT

— 𝓢 ❀ (@hayeoye_) February 8, 2023 ">

দিল্লী বিমানবন্দৰত দেখা পোৱা কিয়াৰা-সিদ্ধাৰ্থক বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে পাপাৰাজ্জীৰ সন্মুখত প’জ দিয়া দেখা গৈছিল । তেওঁলোক দুয়োৰে এই ফটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৷ অনুৰাগীয়ে খুব পছন্দ কৰিছে এই ফটোসমূহ । সিদ-কিয়াৰাৰ ভিডিঅ’ও দেখিবলৈ পোৱা গৈছে ৷ এটা ভিডিঅ’ শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে কেপছনত লিখিছে, ‘মিষ্টাৰ এণ্ড মিচেছ মালহোত্ৰাৰ কথা বিখ্যাত হ’ব’ (Mr and Mrs Malhotra) ৷ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'এভাৰগ্ৰীণ মিষ্টাৰ এণ্ড মিচেছ মালহোত্ৰা' ৷ দিল্লী বিমানবন্দৰত পাপাৰাজ্জীক বিয়াৰ মিঠাইয়ো বিতৰণ কৰিলে নৱবিবাহিত দম্পতীয়ে । পাপাৰাজ্জীয়ে বিয়াৰ বহুত অভিনন্দন আৰু শুভেচ্ছা জনালে দুয়োকে ।

লগতে পঢ়ক : Sid Kiara wedding: কিয়াৰাই পৰিধান কৰা কালীৰাৰ ওপৰতে চকু পৰিল সকলোৰে, কিন্তু কিয় জানো আহকচোন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.