ETV Bharat / entertainment

গণশিল্পী খগেন মহন্তৰ আজি 80 সংখ্যক জন্মজয়ন্তী - angaraag mahanta instagram

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক বহু চিৰসেউজ গীতেৰে সজীৱ কৰি থৈ যোৱা বিহুৰ সম্ৰাট প্ৰয়াত খগেন মহন্তৰ আজি 80 সংখ্যক জন্মজয়ন্তী ৷ তেওঁৰ অনুপস্থিতি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেওঁৰেই সু-পুত্ৰ অসম গৌৰৱ অংগৰাগ মহন্তই পিতৃক স্মৰণ কৰি তেওঁৰ এখন সুন্দৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷ আগলৈ পঢ়ক-

khagen mahanta
খগেন মহন্তৰ জন্ম জয়ন্তী
author img

By

Published : Aug 17, 2022, 6:32 PM IST

চিটাৰা ডেস্ক, 17 আগষ্ট : বিহুৰ সম্ৰাট হিচাপে খ্যাত খগেন মহন্তৰ আজি 80 সংখ্যক জন্মজয়ন্তী ৷ খগেন মহন্ত বুলিলেই মনলৈ আহে, ‘ভাল লাগি যায় অ‘ দুখ ভাগৰ নাই অ’ দেহা মোৰ কৰে ৰাই-জাই’ নতুবা ‘জোনটি ওলালে তৰাটি ওলাব’ আদি বিখ্যাত গীতসমূহ ৷ অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি তোলাত খগেন মহন্তৰ অৱদান অতুলনীয় ৷ কেৱল গীত গোৱাই নহয় অসমীয়া লোকসংগীত তথা থলুৱা বাদ্যযন্ত্ৰৰ পাৰ্যমানে চৰ্চা কৰিছিল খগেন মহন্তই ৷

  • Happy birthday to the Bihu Samrat, Ganashilpi and my guru, friend and father #KhagenMahanta
    I miss you everyday and thank you for being the best father that one anyone can have! ♥️ pic.twitter.com/P8nalzeTwO

    — papon angaraag (@paponmusic) August 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

খগেন মহন্তই ঘৰতে লাভ কৰিছিল সংগীতৰ পৰিৱেশ ৷ নগাঁও জিলাৰ আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰ হৰেন্দ্ৰনাথ মহন্তৰ ঘৰত ১৯৪২ চনৰ ১৭ আগষ্টত জন্ম হৈছিল খগেন মহন্তৰ ৷ শৈশৱতে পিতৃৰ পৰা নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ত কৰিছিল তেওঁ ৷ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতেই সংগীত ক্ষেত্ৰখনত নিগাজীকৈ জড়িত হৈ পৰে তেওঁ ৷

প্ৰতিজন অসমীয়াৰে প্ৰাণৰো প্ৰাণৰ ‘বিহু’ৰ প্ৰতি আছিল তেওঁৰ এক বিশেষ দুৰ্বলতা ৷ এই দুৰ্বলতাই এদিন তেওঁক বিহু সম্ৰাট হিচাপে অসমৰ জনগণৰ আগত পৰিচয় কৰাই দিয়ে ৷ বিহুগীতক জনপ্ৰিয় কৰি তোলাত খগেন মহন্তই অপ্ৰতিদ্বন্দী ভূমিকা গ্ৰহণ কৰিছিল ৷ আজি এই বৰেণ্য ব্যক্তিত্ব যদিও আমাৰ মাজত নাই কিন্ত নিজ কৰ্মৰাজিৰে তেওঁ সদায় জিলিকি আছে ৷ আজিও বিহু বুলিলেই প্ৰথমতে খগেন মহন্তৰ চেহেৰাটোৱে সকলোৰে চকুৰ আগত ভাঁহি উঠে, তাৰ পিছতহে তেওঁৰেই পুত্ৰ অংগৰাগৰ নাম লয় অসমীয়াই ৷ ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটাৰে সন্মানিত খগেন মহন্ত ৷

খগেন মহন্তৰ ঘৰুৱা পৰিৱেশেই আছিল সংগীতময় ৷ 1965 চনত বিবাহ পাশত আৱদ্ধ হোৱা প্ৰয়াত অৰ্চনা মহন্তও আছিল এগৰাকী জনপ্ৰিয় গায়িকা ৷ দুই স্বামী-স্ত্ৰীয়ে বহু সংখ্যক গীতত একেলগে কণ্ঠদান কৰিছে, লগতে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত মঞ্চতো গীত পৰিৱেশন কৰিছে ৷ তেওঁলোকৰ পুত্ৰ সন্তান অংগৰাগ পাপন মহন্ত আজিৰ দিনত বিশ্বব্যাপী জনপ্ৰিয় হোৱা কণ্ঠশিল্পী সকলৰ ভিতৰত অন্যতম ৷ অসমৰ অংগৰাগ বলীউডত পাপন নামেৰেই জনাজাত ৷

২০১৪ চনৰ ১২ জুন তাৰিখে এইজনা মহানশিল্পীয়ে আমাৰ মাজৰ পৰা বিদায় মাগে ৷ সমগ্ৰ অসমে সেইদিনা চকুলো ৱোৱাইছিল ৷ পিতৃৰ মৃত্যুত একেবাৰে ভাগি পৰিছিল অংগৰাগ ৷ আজি সেই পিতৃৰেই 80 সংখ্যক জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰি টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে পাপনে শ্বেয়াৰ কৰিছে এটি পোষ্ট-

ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা মহান সংগীত শিল্পী জনালৈ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আপোনালোকলৈ আগবঢ়াইছো তেওঁৰ কেইটামান জনপ্ৰিয় গীতৰ ইউটিউব লিংক-

  • " class="align-text-top noRightClick twitterSection" data="">

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.