ETV Bharat / entertainment

Kundara Johny Death: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মালায়ালম অভিনেতা কুন্দৰা জনীয়ে

মালায়ালম অভিনেতা কুন্দৰা জনীৰ মঙলবাৰে (১৭ অক্টোবৰ) নিশা কেৰালাৰ কোল্লামৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:00 PM IST

Kerala: Malayalam actor Kundara Johny passes away
মালায়ালম অভিনেতা কুন্দৰা জনীৰ দেহাৱসান

চিটাৰা ডেস্ক, 18 অক্টোবৰ: মালায়ালম ছবিত নেতিবাচক চৰিত্ৰৰ বাবে পৰিচিত জনপ্ৰিয় অভিনেতা কুন্দৰা জনী আৰু নাই ৷ মঙলবাৰে কেৰালাৰ কোল্লামৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ ।

জানিব পৰা মতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল, যাৰ বাবে তেওঁক কোল্লামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়ত মৃত্যুবৰণ কৰে অভিনেতাগৰাকীয়ে ৷

খলনায়কৰ চৰিত্ৰৰ বাবে জনপ্ৰিয়তা লাভ কৰা জনীয়ে ৫০০ ৰো অধিক ছবিত অভিনয় কৰিছে । তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৭৯ চনত মুক্তি পোৱা 'ননিত্যবসন্তম’ । কিৰিয়াতম, চেংকোল, নাতোদিকাট, গডফাদাৰ আৰু আৰাম তাম্পুৰণ আদি ছবিয়ে অভিনেতাগৰাকীক জনপ্ৰিয় কৰি তুলিছিল । এবি ৰাজৰ ভলঘন, চন্দ্ৰকুমাৰৰ অগ্নিপৰ্বতম, কৰিম্বনা আৰু ৰজনীগন্ধীৰ চৰিত্ৰৰ জৰিয়তে জনীয়ে মূল খলনায়ক হিচাপে পৰিগণিত হৈছিল । ইয়াৰ পিচত মোহনলালৰ কিৰিয়াতম আৰু চেংগোলৰ খলনায়ক চৰিত্ৰবোৰ জনীৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ হৈ পৰে ।

উল্লেখ্য যে, কুন্দৰা জনীয়ে চাৰিটা ভাষাৰ ৫০০ ৰো অধিক ছবিত অভিনয় কৰিছে । তেলুগু, তামিল আৰু কানাড়া ছবিসমূহ অনুৰাগীৰ প্ৰিয় । কেৱল আইভী ছাছিৰ ৩০খন ছবিতেই জনীয়ে খলনায়ক, গেংষ্টাৰ আৰু আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছিল । শেষবাৰৰ বাবে অভিনেতাগৰাকীক দেখা গৈছিল উন্নী মুকুণ্ডনৰ অভিনীত ‘মেপাডিয়ান’ত । তেওঁৰ কেইখনমান জনপ্ৰিয় ছবিৰ ভিতৰত আছে ‘১৫ আগষ্ট’, ‘হেল্ল’, ‘অৱন চন্দিযুদে মকন’, ‘ভাৰ্গৱচৰিতম মুন্নম খণ্ডম’, ‘বলৰাম বনাম থাৰাদাস’, ‘ভাৰত চন্দ্ৰন আই পি এছ’, ‘দাদা চাহেব’, ‘ক্ৰাইম ফাইল’, ' থচিলেদাথ চুন্দন', 'সমান্তৰম', 'বৰ্ণাপকিত', 'সাগৰম সাক্ষী' আৰু 'অনৱল মথিৰাম'।

১৯৫২ চনত কোল্লাম জিলাৰ কুণ্ডেৰাত জন্মগ্ৰহণ কৰিছিল কুন্দৰা জনীয়ে । তেওঁ ফাতিমা মাতা মহাবিদ্যালয় আৰু কোল্লামৰ শ্ৰীনাৰায়ণ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল । কলেজীয়া সময়ছোৱাত জিলাখনৰ ফুটবল দলৰ অধিনায়ক হিচাপে কাম কৰিছিল তেওঁ । তেওঁৰ পিতৃৰ নাম জোচেফ, মাতৃ কেথেৰিন আৰু পত্নী ডা. ষ্টেলা ।

লগতে পঢ়ক: Sherika De Armas: এক মাৰাত্মক ৰোগে প্ৰাণ কাঢ়িলে মিছ ৱৰ্ল্ডৰ প্ৰাক্তন প্ৰতিযোগী শ্বেৰিকা ডি আৰ্মাছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.