ETV Bharat / entertainment

Vicky Kaushal birthday: বিকীৰ জন্মদিনত কেটৰিণাই শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো

author img

By

Published : May 16, 2022, 7:39 PM IST

কেটৰিণাই অভিনেতা স্বামী বিকী কৌশলৰ জন্মদিন উপলক্ষে নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিলে এটা ৰোমাণ্টিক বাৰ্তা (Katrina Kaif instagram) ৷ বিগত সপ্তাহত নিউয়ৰ্কলৈ যোৱা বিকী কেটৰিণাই তাতেই উদযাপন কৰিছে বিকীৰ জন্মদিন ৷

Vicky Kaushal birthday
বিকীৰ জন্মদিনত কেটৰিণাই শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো

চিটাৰা ডেস্ক, 16 মে’: বলীউডৰ প্ৰখ্যাত অভিনেতা বিকী কৌশলে সোমবাৰে (১৬ মে‘) তেওঁৰ ৩৪ তম জন্মদিন উদযাপন কৰিছে । এই উপলক্ষে অভিনেতাগৰাকীৰ পত্নী তথা অভিনেত্ৰী কেটৰিণা কাইফে নিউয়ৰ্কত তোলা তেওঁলোকৰ ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছে । ফটোবোৰত তেওঁলোকৰ মাজত প্ৰেমৰ অনুভূতি স্পষ্টকৈ ফুটি উঠিছে ।

কেটৰিণাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বিকীৰে সৈতে দুখন ফটো শ্বেয়াৰ কৰিছে (Katrina wishes Vicky on birthday) । নিউয়ৰ্কত বন্ধ উদয়াপন কৰিবলৈ যোৱাৰ সময়ত তোলা হৈছিল এই ফটো ৷ দুয়োখন ফটোতে বিকী কেটৰিণা দুয়োকে প্ৰেমত বিভোৰ হৈ থকা দেখা গৈছে । প্ৰথম খন ফটোত কেটৰিণা আছে বিকীৰ দুবাহুৰ মাজত ৷ আনহাতে দ্বিতীয়খন ফটোত কেটৰিণাৰ গালত মৰমৰ চুমা যাচিছে বিকীয়ে ৷

কেটৰিণাই শ্বেয়াৰ কৰা পোষ্টটোত অনুৰাগীয়ে লাইক কমেণ্টেৰে উপচাই পেলাইছে ৷ বিগত সপ্তাহত দুয়ো বিকীৰ জন্মদিন উদযাপন কৰিবলৈ নিউয়ৰ্কলৈ গৈছিল (Vicky Kaushal birthday) ৷ দুয়োৱে নিজৰ বন্ধ উদযাপনৰ ফটো সামাজিক মাধ্যমত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি আছে ৷

কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে কেটৰিণাৰ হাতত ছলমান খানৰ সৈতে টাইগাৰ 3 আছে । সিদ্ধান্ত চতুৰ্বেদী আৰু ঈশান খট্টৰ অভিনীত এখন হৰৰ কমেডি ছবি ফোন ভূততো কেটৰিণাক দেখা পোৱা যাব (Katrina upcoming movies) ৷

লগতে পঢ়ক: লণ্ডনত অনুষ্ঠিত UKAFF 2022 ত টিভি তাৰকা হিনা খানৰ আবেদনময়ী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.