ETV Bharat / entertainment

Sara Ali Khan's diwali bash: ছাৰা আলী খানৰ দীপাৱলী পাৰ্টিত উপস্থিত ছাৰাৰ প্ৰাক্তন প্ৰেমিক, চাওক ভিডিঅ’

বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানে নিজৰ ঘৰত আয়োজন কৰিছে দীপাৱলী পাৰ্টিৰ ৷ ছাৰা আলীৰ দীপাৱলী পাৰ্টিত অংশগ্ৰহণ কৰে বহু তাৰকাই ৷ কিন্তু এইসকল অতিথিৰ মাজত এজন অতিথিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু কোন সেইগৰাকী অতিথি জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:39 AM IST

Kartik Aaryan graces Sara Ali Khan's diwali bash looking dapper in ethnic wear - watch
ছাৰা আলী খানৰ দীপাৱলী পাৰ্টিত কাৰ্তিক আৰিয়ান

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: বৰ্তমান বলীউডৰ কৰিডৰত সকলোতে ধুম-ধামেৰে উদযাপন কৰা দেখা গৈছে দীপাৱলীৰ উৎসৱ । বহু তাৰকা আৰু প্ৰযোজকসকলে নিজ নিজ ঘৰত আয়োজন কৰিছে দীপাৱলীৰ পাৰ্টি । শেহতীয়াকৈ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই আয়োজন কৰিছিল দীপাৱলীৰ পাৰ্টি ৷ য’ত উপস্থিত থকা দেখা গৈছিল বলীউডৰ বহু জনপ্ৰিয় তাৰকাক ৷ মনীষ মালহোত্ৰাৰ পিচত এইবাৰ অভিনেত্ৰী ছাৰা আলী খানে নিজৰ ঘৰত আয়োজন কৰিছে দীপাৱলী পাৰ্টিৰ। য’ত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিশেষ বন্ধু-বান্ধৱী আৰু বলীউডৰ বহু তাৰকাক নিমন্ত্ৰণ জনাইছে । কিন্তু এই পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ছাৰাৰ এজন বিশেষ অতিথিয়ে ৷ সেয়া আন কোনো নহয়, ছাৰাৰ প্ৰাক্তন প্ৰেমিক কাৰ্তিক আৰিয়ান ।

দীপাৱলী পাৰ্টিৰ বাবে ছাৰা আলী খানৰ ঘৰত উপস্থিত হোৱা দেখা গ’ল কাৰ্তিক আৰিয়ানক । অভিনেতাগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত কাৰ্তিকক হালধীয়া ৰঙৰ কুৰ্তা আৰু বগা পায়জামা পৰিধান কৰা দেখা গৈছে । ইফালে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলে মন্তব্য কৰিছে যে পুনৰ দুটা হৃদয়ৰ মিলন হ’বলৈ গৈ আছে । ছাৰা আৰু কাৰ্তিকক একেলগে দেখি অতিশয় আনন্দিত হৈ পৰিছে অনুৰাগী ।

কফী উইথ কৰণত উল্লেখ কৰা হৈছিল কাৰ্তিক আৰিয়ানৰ নাম

শেহতীয়াকৈ ছাৰা আলী খানে তেওঁৰ বান্ধৱী তথা অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে কৰণ জোহৰৰ শ্ব’ ‘কফী উইথ কৰণ ছিজন ৮’ ত অংশগ্ৰহণ কৰিছিল । শ্ব’টোত কৰণে দুয়োকে তেওঁলোকৰ প্ৰাক্তন প্ৰেমিকৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল । কাৰ্তিকৰ সৈতে ব্ৰেকআপৰ প্ৰশ্নত ছাৰাই কয় যে সেয়া তেওঁৰ বাবে অতি কঠিন আছিল । ছাৰাই কেনে অৱস্থাৰ মাজেৰে পাৰ হৈছিল সেই কথাও তেওঁ উল্লেখ কৰিছিল । ছাৰাৰ উত্তৰৰ পিচত এতিয়া কাৰ্তিকক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনোৱাত কিছু আচৰিত হৈ পৰিছে অনুৰাগীয়ে ৷ অৱশ্যে অনুৰাগীয়ে আশা কৰিছে যে দুয়ো পুনৰ এক হ’ব আৰু দুয়োৰে মাজত সকলো ঠিক হ’ব ৷

অৱশ্যে ব্ৰেকআপৰ পিচত ছাৰা আৰু কাৰ্তিকে ইগৰাকীয়ে সিগৰাকীক লগ পোৱাটো এয়াই প্ৰথম নহয় । গদৰ ২ ৰ সফলতাৰ পাৰ্টিত দুয়োগৰাকীক একলগে দেখা গৈছিল । ইয়াৰ পিচত গণপতি দৰ্শনৰ সময়তো দুয়োকে একেলগে দেখা পোৱা গৈছিল ।

লগতে পঢ়ক: Koffee With Karan 8: কাৰ্তিক আৰিয়ানৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কি ক’লে ছাৰা আলী খানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.