ETV Bharat / entertainment

Kartik Aaryan latest news: আহমেদাবাদৰ ৰাজপথত প্ৰিয় অভিনেতাক দেখি ভিৰ কৰিলেহি অনুৰাগীয়ে

author img

By

Published : Oct 29, 2022, 10:17 AM IST

নতুন ছবি সত্যপ্ৰেম কী কথাৰ শ্বুটিঙৰ বাবে শুকুৰবাৰে আহমেদাবাদলৈ ৰাওনা হয় কাৰ্তিক আৰ্য়ান । গুজৰাটৰ বিখ্যাত চহৰখনৰ স্থানীয় ৰাস্তাবোৰ চাবলৈ ওলাই অহাৰ সময়ত অভিনেতাজনক চাৰিওপিনৰ পৰা ঘেৰি ধৰে অনুৰাগীয়ে ৷ ৰাজপথত ভিৰ কৰি সকলোৱে কাৰ্তিকৰ পিছে পিছে যাবলৈ আৰম্ভ কৰে ৷ চাওক ভিডিঅ’-

Kartik Aaryan
কাৰ্তিক আৰ্য়ান

চিটাৰা ডেস্ক, 29 অক্টোবৰ : ৰাস্তাত খোজ কাঢ়ি থাকোতেই অকস্মাতে আপোনাৰ চকুৰ সন্মুখত আপোনাৰ প্ৰিয় তাৰকা- হয় কোনো মঞ্চ বা পৰ্দাত নহয়, আপোনাৰ ঠিক চকুৰ সন্মুখত ! আহমেদাবাদত ঠিক সেইটোৱেই প্ৰত্যক্ষ কৰিলে কাৰ্তিক আৰ্য়ানৰ অনুৰাগীসকলে ।

কাৰ্তিকৰ নতুন ছবি সত্যপ্ৰেম কি কথা শ্বুটিঙৰ বাবে শুকুৰবাৰে আহমেদাবাদলৈ ৰাওনা হয় কাৰ্তিক । দিনৰ ভাগত তেওঁ গুজৰাটৰ বিখ্যাত চহৰখনৰ স্থানীয় ৰাজপথ সমূহ অন্বেষণ কৰিবলৈ ওলাই আহিছিল আৰু তেতিয়াই তেওঁৰ অনুৰাগীসকলে তেওঁক প্ৰত্যক্ষ কৰি ৰাজপথত ভিৰ কৰেহি ৷

ইনষ্টাগ্ৰামত কাৰ্তিকে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁৰ অনুৰাগীসকলক তেওঁৰ পিছে পিছে চিঞৰি চিঞৰি উল্লাস কৰা দেখা গৈছে ৷ কাৰ্তিকে এই সকলোবোৰ ম’বাইলত বন্দী কৰি ৰাখে ৷ অনুৰাগীৰ মৰম দেখি অভিভূত হৈ পৰে অভিনেতাজন ৷

মুম্বাই চহৰত আন 12 জন ল’ৰাৰ সৈতে 2 টা বেডৰুমৰ ফ্লেটত থকাৰ পৰা আৰম্ভ কৰি উদ্যোগটোৰ অন্যতম জনপ্ৰিয় অভিনেতা হোৱালৈকে কাৰ্তিক নিঃসন্দেহে বহু দূৰ আগবাঢ়ি গৈছে । বলীউডৰ 10 বছৰীয়া যাত্ৰাত তেওঁ বহুতো উত্থাত-পতন দেখিছে ।

দৰাচলতে 2022 চনত Bhool Bhulaiyaa 2 ৰ অসাধাৰণ সফলতাই বলীউডৰ এ-লিষ্ট জনপ্ৰিয় ভাৰতীয় অভিনেতাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰে কাৰ্তিক আৰ্য়ানৰ । এই ছবিখনে বিশ্বজুৰি 250 কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয় । সত্যপ্ৰেম কী কথা বাদ দি কাৰ্তিকৰ হাতত শ্বেহজাদা, কেপ্তেইন ইণ্ডিয়া, আশিকী 3, ফ্ৰেডী আৰু কবীৰ খানৰ শিৰোনাম বিহীন এখন ছবি আছে ।

লগতে পঢ়ক : Brahmastra OTT: অ’টিটিৰ বাবে ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰ নচলাই ৰণবীৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.