চিটাৰা ডেস্ক, ১২ ছেপ্টেম্বৰ: বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনামত আছে বলীউডৰ বেবো কৰীণা কাপুৰ খান ৷ দৰাচলতে কৰীণা কাপুৰে সুজয় ঘোষৰ ছবি ‘জানে জা’ৰ জৰিয়তে অ’টিটি প্লেটফৰ্ম আত্মপ্ৰকাশ কৰিব আৰু ইয়াকেলৈ এতিয়া চৰ্চিত হৈছে কৰীণা ৷ সোমবাৰে ছবিখনৰ টাইটেল গীতো মুকলি হৈছে ৷ অৱশ্যে এতিয়া এই ছবিখনৰ লগতে কিছু ব্য়ক্তিগত কাৰণতো চৰ্চিত হৈছে বেবো ৷ অভিনেত্ৰীগৰাকীয়ে ছাইফ আলী খানৰ সৈতে অসবৰ্ণ বিবাহৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ কথা মুকলিকৈ কয় । স্বামীৰ সৈতে ১০ বছৰৰ বয়সৰ ব্যৱধানৰ বাবে ট্ৰ’লৰ সন্মুখীন হোৱা কৰীণাই এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
২০১২ চনত ছাইফৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰীণা ৷ বিবাহৰ পাচতে কৰীণা আৰু ছাইফৰ মাজত ১০ বছৰীয়া বয়সৰ ব্যৱধানৰ কথা ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে, যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । স্বামীৰ সৈতে বয়সৰ ব্যৱধানৰ বাবে ট্ৰ’ল হোৱাৰ সন্দৰ্ভত কৰীণাই শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কয় যে, বয়স তেওঁৰ বাবে কেতিয়াও গুৰুত্বপূৰ্ণ নহয় । অভিনেত্ৰীগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ হৈছে পাৰস্পৰিক সন্মান, প্ৰেম আৰু ইগৰাকীয়ে সিগৰাকীক সুখী কৰা ।
কৰীণাই কয়, "ছাইফ পূৰ্বৰ তুলনাত আৰু অধিক হট হৈছে ৷ মই সুখী যে মই ১০ বছৰ সৰু; তেওঁ চিন্তিত হোৱা উচিত । কোনেও ক’ব নোৱাৰে যে তেওঁৰ ৫৩ বছৰ হৈছে ।"
অসবৰ্ণ বিবাহক কেন্দ্ৰ কৰি হোৱা সমালোচনাৰ সন্দৰ্ভত কৰীণাই কয়, ‘‘বৰ্তমান মানুহে অসবৰ্ণ বিবাহৰ বিষয়ে আলোচনাত সময় আৰু শক্তি খৰচ কৰে, কিন্তু ই কোনো আলোচনাৰ বিষয় হ’বই নালাগে । গুৰুত্বপূৰ্ণ কথাটো হ’ল সুখী থাকিব লাগে মানুহ । ছাইফ আৰু মোৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি ইগৰাকীয়ে সিগৰাকীক ভালপাওঁ আৰু আমাৰ সংগ উপভোগ কৰো । তেওঁ কি ধৰ্ম অনুসৰণ কৰে বা তেওঁৰ বয়স কিমান, সেইটো গুৰুত্বপূৰ্ণ হ’ব নালাগে ।’’
উল্লেখ্য যে, ৱৰ্ক ফ্ৰণ্টত কৰীণাক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল ২০২২ চনৰ ছবি লাল সিং চাড্ডাত । এতিয়া ২১ ছেপ্টেম্বৰত নেটফ্লিক্সত মুক্তি পাব অভিনেত্ৰীগৰাকীৰ অভিনীত ছবি ‘‘জানে জা’’ ।