ETV Bharat / entertainment

সন্তানৰ সফলতাত কোনগৰাকী মাতৃৰ হৃদয় ভৰি নপৰে ! - Kareena Kapoor as a parent

আজি মন উতনুৱা কৰীণা কাপুৰ খানৰ ৷ নহবই বা কিয় ? কথাই তেনেকুৱা ৷ উতনুৱা হোৱাৰে সুযোগ দিলে বৰপুত্ৰ টাইমূৰে ৷ টাইমূৰৰ সফলতাৰ কাহিনী পঢ়িবলৈ আগলৈ স্ক্ৰ’ল কৰক-

Kareena Kapoor is a 'proud hysterical mom' as she flaunts son Taimur's bronze medal
কৰীণা কাপুৰ খান
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:31 PM IST

চিটাৰা ডেস্ক, 19 জানুৱাৰী : এটা সময়ৰ বলীউডৰ শীৰ্ষস্থানৰ অভিনেত্ৰী কৰীণা কাপুৰ খান আজিৰ দিনত দুটাকৈ সন্তানৰ মাতৃ ৷ হ’লেও অকণো কমি যোৱা নাই কাপুৰ বংশৰ বেবোৰ স্পাৰ্ক ৷ বলীউডৰ লীডিং এক্ট্ৰেস বুলি যি সময়ত বহুতে বিয়াবাৰু-সন্তানৰ কথা নাভাবে, সেই সময়ত কিন্তু এই গৰাকী অভিনেত্ৰীয়ে নিজৰ ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দি নৱাব ছৈফ আলী খানৰ সৈতে বিয়াত বহিছিল ৷ বিয়াৰ পিচতো অভিনয় কেৰিয়াৰক আগবঢ়াই নিয়াৰ ইচ্ছা তেওঁ সদায় পুহি ৰাখিছিল মনত ৷ নিজৰ প্ৰতিভাৰ ওপৰতো বিশ্বাস আছিল নিশ্চয়কৈ তেওঁৰ ৷ সাংসাৰিক হ’লেই যে ছবিৰ অফাৰ নাহিব এই কথাত বিশ্বাস নকৰে অভিনেত্ৰীগৰাকীয়ে ৷ বহু সময়ত সাক্ষাৎকাৰত তেওঁ এই কথা কৈছেও ৷

প্ৰফেচনেল লাইফৰ লগতে পাৰ্চনেল লাইফতো তেওঁ বহুত সময় দি ভাল পায় ৷ নিজৰ পৰিয়ালটো মানসিক শান্তিৰ এটা থেৰাপী বুলিয়ে ভাবে কৰীণাই ৷ বিয়াৰ পিচত সন্তান জন্ম হ’ল, বহু ৰুটিন সলনি হৈ গ’ল অভিনেত্ৰীগৰাকীৰ ৷ ছবিৰ স্ক্ৰীপ্টৰ ক্ষেত্ৰতো বহুত চুজী হৈ পৰে তেওঁ ৷ পৰিয়ালক আগত ৰাখি কৰীণাই স্ক্ৰীপ্ট বাচিবলৈ ল’লে ৷ স্বামী আৰু পুত্ৰৰ প্ৰতি প্ৰতিটো দায়িত্বই তেওঁ নিষ্ঠাৰে পালন কৰি আহিছে ৷ সৰু-বৰ যিকোনো কথাতে নিজৰ আপোন মানুহখিনিক চিয়েৰ কৰাৰ পৰা কেতিয়াও আঁতৰি নাথাকে কৰীণা ৷ শেহতীয়াকৈ কৰীণাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীটোৱে তাৰেই ইংগিত দিলে ৷

শুকুৰবাৰে কৰীণাই ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্ট’ৰী শ্বেয়াৰ কৰে ৷ এটা ব্ৰঞ্জৰ পদক ডিঙিত ওলোমাই কৰীণাই প্ৰকাশ কৰে নিজৰ সুখানুভূতি ৷ বৰপুত্ৰই দিয়া সেয়া সুখ ৷ সুখৰ স্পৰ্শ তেওঁৰ চেহেৰাত স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷ টাইমূৰ আলী খানে জিকি অনা ব্ৰঞ্জৰ পদক পিন্ধি উৎফুল্লিত হৈ পৰে কৰীণা ৷ তলৰ ফটোখনলৈ চালেই আপোনালোকে বুজি পাব কৰীণাৰ সুখ-

শেহতীয়া এক সাক্ষাৎকাৰত, অভিনেতা ছৈফ আলী খানৰ সৈতে দহ বছৰৰো অধিক সময় ধৰি বিবাহপাশত আৱদ্ধ হৈ থকা কৰীণা কাপুৰে বিবাহৰ বিকশিত ধাৰণা আৰু অভিভাৱকত্বৰ সৈতে ইয়াৰ সম্পৰ্ক আলোচনা কৰে । নিজৰ বৈবাহিক জীৱনৰ কথা সন্দৰ্ভত তেওঁ কয় যে, ছৈফৰ লগত পাঁচবছৰ একেলগে থকাৰ পিচত সন্তানৰ কামনা কৰি তেওঁলোকে বিয়াৰ সিদ্ধান্ত লৈছিল ৷

পেছাদাৰী জীৱনত কৰীণাই কৃতি ছেনন, টাবু, দিলজিৎ দোছাঞ্জৰ সৈতে The Crew ছবিখনত অভিনয় কৰিবলৈ সাজু হৈছে । ৰাজেশ কৃষ্ণণৰ পৰিচালনাত নিৰ্মিত এই ছবিখন তিনিগৰাকী মহিলাৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে । ইয়াৰ উপৰিও কৰীণা ৰোহিত শ্বেট্টীৰ Singham Again ৰ অংশ হিচাপেও আছে, য’ত অজয় দেৱগণ, অক্ষয় কুমাৰ, ৰণবীৰ সিং, দীপিকা পাডুকন আৰু টাইগাৰ শ্ৰফে মূল চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : পাঞ্জাৱী পৰিয়ালৰ বোৱাৰী হৈ কিমান সুখী কেটৰিণা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.