Karan Deol Wedding: বিবাহপাশত আৱদ্ধ হ’ল ছানী দেউলৰ পুত্ৰ কৰণ দেউল - Karan Deol Wedding Video Viral
ছানী দেউলৰ ডাঙৰ পুত্ৰ তথা বলীউডৰ অভিনেতা কৰণ দেউলৰ বিয়া । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিবাহৰ ভিডিঅ’ আৰু ছবি ৷

চিটাৰা ডেস্ক, 18 জুন: বলীউডৰ অভিনেতা ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ বিবাহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ বিয়াৰ ভিডিঅ’ত দুয়োকে দৰা-কইনাৰ সাজত দেখা পোৱা গৈছে ৷ প্ৰেমিকা দৃষ্টি আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে কৰণ দেউল । বিয়াৰ ভিডিঅ’ আৰু ফটোসমূহ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । বিয়াত পৰিয়ালবৰ্গৰ সীমাহীন সুখ দেখা পোৱা গৈছে ৷ পুত্ৰৰ বিয়াত পিতৃ ছানী দেউলৰ মুখত সুখ দেখা পোৱা গৈছে, আনফালে ককা ধৰ্মেন্দ্ৰৰ কথা যদি কওঁ তেন্তে এই সময়ত তেওঁ অতি সুখী, কেৱল ইমানেই নাতিৰ বিয়াত মন খুলি নৃত্য পৰিৱেশন কৰিছে ধৰ্মেন্দ্ৰই ।
ভিডিঅ’ আৰু ফটোসমূহত কৰণ দেউলক পৰম্পৰাগত সাজ-পোছাকত দেখা পোৱা গৈছে আৰু তেওঁৰ লগতে দৃষা আচাৰ্যকো পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা পোৱা গৈছে । দুয়োগৰাকীয়েই পালন কৰিছে বিয়াৰ ৰীতি-নীতি । ইয়াৰ বাহিৰেও এটা ভিডিঅ’ত কৰণ দেউলক ঘোঁৰাৰ ওপৰত উঠি বৰযাত্ৰী অহা দেখা গৈছে ৷
এই সময়ত সমগ্ৰ দেওল পৰিয়ালত বিৰাজ কৰিছে সুখৰ পৰিৱেশ ৷ সমগ্ৰ পৰিয়ালটোৱে এই সুখৰ মুহূৰ্তৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি আছিল । অনুৰাগীসকলেও নৱবিবাহিত দম্পতীক অভিনন্দন জনোৱা দেখা যায় । বলীউডৰ হেইমান তথা প্ৰবীণ ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰৰ অৱস্থা এনেকুৱা যে ৮৭ বছৰ বয়সত নাতিৰ বিয়া উপলক্ষে তেওঁক নৃত্য কৰা দেখা যায় ।
অভয় দেওলকো দেখা গৈছে বিয়াত
দৃষ্টিৰ ব্রাইডাল লুক আৰু কৰণকো বিয়াৰ সাজত খুব ধুনীয়া দেখা গৈছে । কৰণ দেওলক এটা ভিডিঅ’ত ঘোঁৰাৰ ওপৰত দেখা গৈছে ৷ কৰণৰ বিয়াৰ কথা বহুদিন ধৰি চৰ্চা চলি আছিল । এনে শুভ ক্ষণত সমগ্ৰ দেওল পৰিয়াল দৃশ্যমান । কৰণৰ খুৰা তথা অভিনেতা অভয় দেওল এই বিবাহ অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে ৷
দৃশা কৰণৰ পৰিয়ালৰ বন্ধু আৰু দুয়োগৰাকীয়ে সৰুৰে পৰা ইগৰাকীয়ে সিগৰাকীক চিনি পায় । চলচ্চিত্ৰ নিৰ্মাতা আৰু বিমল ৰায় আৰু ধৰ্মেন্দ্ৰৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে আৰু বিমল ৰায়ে ধৰ্মেন্দ্ৰক সংগ্ৰামৰ দিনত বহুত সহায় কৰিছিল । বিমল ৰায়ৰ দ্বাৰা পৰিচালিত ‘বন্দিনী’ বোলছবিতো ধৰ্মেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হয় আৰু এতিয়া দুয়োগৰাকীয়ে একেলগে যুগ্ম জীৱনৰ পাতনি মেলে ৷ আজি নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব কৰণ আৰু দৃষ্টিৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠান ৷ য’ত বলীউডৰ বহু ডাঙৰ তাৰকা আৰু বিজেপি সাংসদ ছানী দেউলৰ ৰাজনীতিবিদ বন্ধু উপস্থিত থাকিব পাৰে ।