ETV Bharat / entertainment

Chandrayaan 3: সহজ সৰল ভাৰতীয় লুকত চন্দ্ৰযান ৩ৰ মহিলা বিজ্ঞানীসকল; কংগনা ৰানাৱটে প্ৰশংসাত ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:46 PM IST

কংগনা ৰানাৱটে চন্দ্ৰযান ৩ ৰ বিজ্ঞানীসকলৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। য’ত অভিনেত্ৰীগৰাকীয়ে এই বিজ্ঞানীসকলৰ সৰলতাৰ প্ৰশংসা কৰিছে।

Kangana Ranaut statement on ISRO's women scientists, epitome of simple living and high thinking
কংগনা ৰানাৱটে চন্দ্ৰযান ৩ ৰ বিজ্ঞানীসকলৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, ২৭ আগষ্ট: ইতিহাসৰ পৃষ্ঠাত স্মৰণীয় হৈ থাকিব ২৩ আগষ্টৰ দিনটো ৷ কাৰণ এই দিনটোতে ভাৰতে ৰচনা কৰিছে ইতিহাস ৷ চন্দ্ৰযান-৩ চন্দ্ৰ অভিযানে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ছফ্ট লেণ্ডিং কৰি ৰচিলে ইতিহাস । এতিয়া সমগ্ৰ দেশে উদযাপন কৰিছে চন্দ্ৰযান ৩ৰ সফলতা ।

ইফালে বলীউডৰ কুইন কংগনা ৰানাৱটে এই মিছনত কাম কৰি থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ক প্ৰশংসা কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে । যিটো পোষ্ট সকলোৰে হৃদয় চুই গৈছে। এই মিছনত কাম কৰা বিজ্ঞানীসকলৰ এখন ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ সৰলতাক প্ৰশংসা কৰে আৰু তেওঁলোকক সৰল জীৱন-যাপনৰ সৈতে উচ্চ চিন্তা বুলি অভিহিত কৰে ।

কংগনাই এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে

কংগনা ৰানাৱটে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে । য’ত চন্দ্ৰযান ৩ মিছনত কাম কৰা বিজ্ঞানীসকলৰ মুখত সফলতাৰ সুখ স্পষ্টকৈ দেখা যায় । ইয়াৰ সমান্তৰালকৈ কেমেৰাৰ সন্মুখত পোজ দি সকলোৱে হাঁহিছে । এই ছবিখনৰ বিশেষ কথাটো হ’ল এই আটাইকেইগৰাকী ইছৰ’ত কৰ্মৰত মহিলা বিজ্ঞানী । যিসকলে শাৰী পৰিধান কৰিছে আৰু কপালত বিন্দী লৈ ইছৰ’ চেণ্টাৰত উপস্থিত আছে ।

এই ফটোখন শ্বেয়াৰ কৰি কংগনাই লিখিছে, ‘‘ভাৰতৰ আগশাৰীৰ বিজ্ঞানীসকল বিন্দী, সেন্দুৰ আৰু মংগলসূত্ৰৰ সৈতে। সহজ জীৱন আৰু উচ্চ চিন্তাৰ প্ৰতীক । ভাৰতীয়ত্বৰ প্ৰকৃত সাৰমৰ্ম ।’’ এই বাৰ্তাৰ সৈতে কংগনাই জাতীয় পতাকাৰ তিনিটা ইমোজি শ্বেয়াৰ কৰিছে ।

এই ছবিবোৰত দেখা যাব কংগনাক

কংগনা ৰানাৱটৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অতি সোনকালে অভিনেত্ৰীগৰাকীক পি বাসুৰ পৰিচালনাত নিৰ্মিত ‘চন্দ্ৰমুখী ২’ ছবিখনত দেখা যাব । যিখন ব্লকবাষ্টাৰ তামিল হৰৰ ছবি ‘চন্দ্ৰমুখী’ৰ ছিকুৱেল । ইয়াৰ উপৰিও অতি সোনকালে তেজছ আৰু ইমাৰ্জেন্সিতো দেখা যাব অভিনেত্ৰীগৰাকীক ।

লগতে পঢ়ক: Billion hearts praying for you: এইসকল তাৰকাইও চন্দ্ৰযান-৩ লৈ শুভেচ্ছা জ্ঞাপন কৰি ক’লে এনেদৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.