ETV Bharat / entertainment

Kangana Ranaut: চুটি কাপোৰ পৰিধান কৰি মন্দিৰলৈ যোৱা যুৱতীক সমালোচনা কংগনা ৰানাৱটৰ - মন্দিৰলৈ যোৱা যুৱতীক সমালোচনা কংগনা ৰানাৱটৰ

টুইটৰ জৰিয়তে কংগনা ৰানাৱটে শ্বৰ্ট পৰিধান কৰি মন্দিৰলৈ যোৱাসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ।

Kangana Ranaut reveals she wasn't allowed on Vatican City premises'. Read why
শ্বৰ্ট পৰিধান কৰি মন্দিৰলৈ যোৱাসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে কংগনাই
author img

By

Published : May 26, 2023, 5:32 PM IST

চিটাৰা ডেস্ক, 26 মে’: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় বলীউডৰ কুইন কংগনা ৰানাৱট (Kangana Ranaut Tweet)। বিভিন্ন সময়ত বিভিন্ন বিষয়ত বিৰ্তকিত মন্তব্য কৰি প্ৰায় লাইমলাইটত থাকে কংগনা ৷ ছ’চিয়েল মিডিয়াত যিকোনো বিষয়ত কংগনাই নিজৰ মতামত প্ৰকাশ কৰা দেখা যায়, যাৰ বাবে বহুবাৰ সমালোচনাৰো সন্মুখীন হ’ব লগা হয় অভিনেত্ৰীগৰাকী ৷ এইবাৰ পুনৰ টুইটাৰত এগৰাকী যুৱতীক লৈ মন্তব্য প্ৰকাশ কৰিছে কংগনাই (Kangana Ranaut Tweet) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত এগৰাকী যুৱতীয়ে চুটি কাপোৰ পৰিধান কৰি হিমাচলৰ বৈজনাথ শিৱ মন্দিৰলৈ গৈছিল । ব্যৱহাৰকাৰীয়ে টুইট কৰি লিখিছে- এই দৃশ্য হিমাচলৰ জনপ্ৰিয় শিৱ মন্দিৰ বৈজনাথৰ । পাব বা নাইটক্লাবলৈ যোৱাৰ দৰে বৈজনাথ মন্দিৰত প্ৰৱেশ কৰিছে । এনে লোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয় । মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো । এই সকলোবোৰ দেখি যদি মোৰ চিন্তাধাৰাক সৰু বুলি কোৱা হয়, তেন্তে সেয়াও গ্ৰহণযোগ্য ।’

  • ये दृश्य है हिमाचल के प्रसिद्ध शिव मंदिर बैजनाथ का।बैजनाथ मंदिर में ऐसे पहुंचे हैं जैसे किसी पब या नाइटक्लब में गये हों ऐसे लोगों मंदिर में घुसने की अनुमति नहीं दी जानी चाहिए।मैं इसका कड़ा विरोध करता हूं
    मेरी सोच को अगर ये सब देख कर छोटा या घटिया कहा जाता है तो भी मंजूर है ! pic.twitter.com/cdxrmobZqf

    — Nikhi Uniyal (@NikhileshUniyal) May 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই সন্দৰ্ভত কংগনাই ব্যক্ত কৰে প্ৰতিক্ৰিয়া

এই টুইটটো ৰিটুইট কৰি কংগনাই কয় – এইবোৰ পশ্চিমীয়া কাপোৰ, যিবোৰ ব্ৰিটিছে নিৰ্মাণ কৰি প্ৰচাৰ কৰিছিল । এবাৰ মই ভেটিকানত আছিলো আৰু মই টি-চাৰ্টৰ সৈতে শ্বৰ্ট পৰিধান কৰিছিলো । যাৰ বাবেই মোক কেম্পাছত সোমাবলৈও দিয়া নহ’ল । হোটেললৈ গৈ সলনি কৰিব লগা হ’ল মোৰ ড্ৰেছ ৷ নাইট ড্ৰেছ পিন্ধা এইসকল কেজুৱেল কাপোৰত এলেহুৱা আৰু মূৰ্খ । তেওঁলোকৰ আন কোনো উদ্দেশ্য থাকিব বুলি মই নাভাবো কিন্তু এনে মূৰ্খৰ বাবে কঠোৰ নিয়ম থাকিব লাগে (Girl in shorts in Kangra twitter post) ।

  • These are western clothes, invented and promoted by white people, I was once at the Vatican wearing shorts and t shirt, I wasn’t even allowed in the premises, I had to go back to my hotel and change…. These clowns who wear night dresses like they are casuals are nothing but lazy… https://t.co/EtPssi3ZZj

    — Kangana Ranaut (@KanganaTeam) May 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, কংগনা ৰানাৱট মানালীৰ বাসিন্দা (Kangana not allowed in shorts in Vatican City) । ছ’চিয়েল মিডিয়াত প্ৰায়েই হিমাচল প্ৰদেশ আৰু নিজৰ ৰাজ্যৰ সংস্কৃতিৰ কথা শ্বেয়াৰ কৰা দেখা যায় । শেহতীয়াকৈ তেওঁ হৰিদ্বাৰ ভ্ৰমণৰ আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল । ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক গংগাৰ পাৰত বহি থকা দেখা গৈছে ।

কংগনাক ৱৰ্ক ফ্ৰণ্ট

কংগনাক অতি সোনকালেই দেখা পোৱা যাব ‘ইমাৰ্জেন্সি’ ছবিখনত। এই ছবিখনত অভিনয়ৰ সমান্তৰালকৈ কংগনাই পৰিচালনাও কৰিছে (Kangana Ranaut criticized girl wearing shorts)। ছবিখনত তেওঁক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব । ছবিখনৰ পৰা তেওঁৰ লুকৰ পোষ্টাৰো পোহৰলৈ আহিছে (Girl wearing shorts in Baijnath Temple)।

লগতে পঢ়ক: Salman Khan: টাইগাৰ ৩ ৰ শ্বুটিং সম্পূৰ্ণ কৰিলে ভাইজানে, দীপাৱলীত ছবিগৃহত মুক্তি পাব ছবিখন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.