ETV Bharat / entertainment

Kangana support Nawazuddin: নৱাজুদ্দিন ছিদ্দিকীৰ সপক্ষে কি ক’লে কংগনা ৰানাৱটে ?

আলিয়া আৰু নৱাজুদ্দিন ছিদ্দিকীৰ মাজত চলি থকা কন্দল বিৰুদ্ধে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৱাজুদ্দিন ছিদ্দিকীয়ে ৷ অভিনেতাগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিচতেই বলীউডৰ কুইন কংগনা ৰানাৱটে সমৰ্থন কৰিছে নৱাজুদ্দিন ছিদ্দিকীক ৷ কংগনাই নৱাজৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন (Kangana support Nawazuddin) ৷

Kangana Ranaut REACTS to Nawazuddin Siddiquis post
কংগনা ৰানাৱটে সমৰ্থন কৰিছে নৱাজুদ্দিন ছিদ্দিকীক
author img

By

Published : Mar 7, 2023, 11:56 AM IST

চিটাৰা ডেস্ক, 7 মাৰ্চ: শেহতীয়াকৈ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নী আলিয়া ছিদ্দিকীয়ে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ নৱাজৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ সন্দৰ্ভত নৱাজুদ্দিন ছিদ্দিকীয়ে শেহতীয়াকৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷ আলিয়া আৰু অভিনেতাগৰাকীৰ মাজত হৈ থকা সংঘাতৰ বিষয়ে নিজৰ স্পটীকৰণ দিলে অভিনেতাগৰাকীয়ে ৷

অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত মৌনতা ভংগ কৰি বিবৃতি প্ৰকাশ কৰাৰ পিচতে কংগনা ৰানাৱটে সমৰ্থন জনাইছে নৱাজুদ্দিন ছিদ্দিকীক (Kangana Ranaut reacts to Nawazuddins post) । নৱাজুদ্দিন ছিদ্দিকীয়ে অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ হোৱা বিতৰ্ক আৰু প্ৰাক্তন পত্নী আলিয়াই উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত মৌনতা ভংগ কৰাৰ বাবে কংগনা ৰানাৱটে সমৰ্থন জনাইছে (Kangana support Nawazuddin Siddiqui)।

অভিনেতাজনক সমৰ্থন জনাই কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নৱাজৰ পোষ্টৰ ফটো শ্বেয়াৰ কৰি লিখে , "এইটো বহুত জৰুৰী আছিল @nawazuddin._siddiqui চাহাব ছাৰ...মৌনতাই আমাক সদায় শান্তি নিদিয়ে... মই আনন্দিত যে আপুনি এই সন্দৰ্ভত মাত মাতিছে ।"

Kangana Ranaut REACTS to Nawazuddin Siddiquis post
কংগনা ৰানাৱটে সমৰ্থন কৰিছে নৱাজুদ্দিন ছিদ্দিকীক

উল্লেখ্য যে বলীউড অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে প্ৰাক্তন পত্নী আলিয়াই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰ পিচত আলিয়াই নৱাজৰ বিৰুদ্ধে তেওঁক আৰু সন্তানক মাজ নিশা ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰো অভিযোগ উত্থাপন কৰিছিল (Nawazuddin Siddiqui and Aaliya) ৷ ইয়াৰ পিচতে নৱাজে এই সন্দৰ্ভত স্পটীকৰণ দিবলৈ এটা পোষ্ট কৰিছিল ৷ পোষ্টটোত সকলো বিৱৰী কৈছিল নৱাজে ৷

নিজৰ পক্ষত নৱাজুদ্দিনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা দীঘলীয়া পোষ্ট লিখি কয় যে তেওঁ কোনো অভিযোগ উত্থাপন কৰা নাই বৰঞ্চ নিজৰ আৱেগ প্ৰকাশ কৰিছে । তেওঁ কয় যে যিহেতু তেওঁ মৌনতা অৱলম্বন কৰাৰ বাবেই সকলোৱে তেওঁক বেয়া মানুহ বুলি অভিহিত কৰিছে । তেওঁ মৌন হৈ থকাৰ কাৰণ হ’ল তেওঁৰ পৰিয়ালৰ বিষয়টো সংবাদ মাধ্যমত চৰ্চা হোৱাটো তেওঁ নিবিচাৰিছিল । তেওঁ আৰু কয় যে একপক্ষীয় আৰু হেতালি খেলা ভিডিঅ’ৰ ভিত্তিত তেওঁৰ চৰিত্ৰ নিৰ্ধাৰণ কৰি একাংশ মানুহে উপভোগ কৰি আছে (War Between Nawazuddin and Aaliya)।

নৱাজে লগত কয় যে বিবাহ বিচ্ছেদ হোৱাৰ পিচত তেওঁলোক একেলগে নাথাকে ৷ যোৱা ৪৫ দিন ধৰি তেওঁৰ সন্তানক পণবন্দী কৰি ৰখাৰ লগতে ডুবাইৰ স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱা বুলিও অভিনেতাগৰাকীয়ে কয় । নৱাজে লগতে দাবী কৰে যে আলিয়াই তেওঁৰ সন্তানক যোৱা চাৰি মাহ ধৰি ডুবাইত থৈ আহিছিল আৰু তাৰ পিচত তেওঁৰ পৰা ধন খুজিছিল । স্কুলৰ মাচুল বাদ দি মাহিলী ৫-৭ লাখ টকা লাভ কৰিছিল আলিয়াই, চিকিৎসাৰ খৰচ, ভ্ৰমণৰ খৰচ, আৰু অন্যান্য পাঠ্যক্ৰমৰ বাহিৰৰ কামৰ বাবে নৱাজৰ পৰা লাভ কৰিছিল এই ধন ।

লগতে পঢ়ক: Nawazuddin Siddiqui: আলিয়াই উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ নৱাজুদ্দিন ছিদ্দিকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.