চিটাৰা ডেস্ক, ৭ জানুৱাৰী: কংগনা ৰনৌত আৰু বিৰ্তক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ কংগনা ৰনৌতে তেওঁৰ বক্তব্যক লৈ প্ৰায়ে বিতৰ্কৰ সন্মুখীন হোৱা দেখা যায় । তথাপিও কিন্তু কংগনাই যিকোনো বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে । কিন্তু এনে মন্তব্যৰ বাবে বহু সময়ত নিজৰ বাবে বিপদ মাতি আনে অভিনেত্ৰীগৰাকীয়ে । তেনেকৈয়ে নিজৰ এক মন্তব্যৰ বাবে কেৱল বিতৰ্কৰ সৃষ্টি কৰাই নহয়, আইনী মেৰপেচতো সোমাই পৰিছিল কংগনা ৷ আচলতে প্ৰবীণ গীতিকাৰ জাভেদ আখতাৰে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ দাখিল কৰিছিল ।
এতিয়া বম্বে উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ স্থগিত ৰখাৰ বাবে দাবী জনাইছে কংগনা ৰনৌতে । কংগনাই এতিয়া আইনী মেৰপেচৰ পৰা নিজকে উলিয়াই আনিব বিচাৰিছে, যাৰ বাবে তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । অৱশ্যে এই গোটেই ঘটনাটো আৰম্ভ হৈছিল ২০২০ চনৰ পৰা । কংগনা আৰু জাভেদ আখতাৰেও ইগৰাকী সিগৰাকীৰ বিৰুদ্ধে বহু মন্তব্য প্ৰকাশ কৰা দেখা গৈছিল । কিন্তু ইয়াৰ আৰম্ভণি কৰিছিল কংগনা ৰনৌতে ।
এটা সাক্ষাৎকাৰৰ সময়ত কংগনাই জাভেদ আখতাৰৰ বিৰুদ্ধে বহু মতামত প্ৰকাশ কৰিছিল । সাক্ষাৎকাৰটোত কংগনাই জাভেদ আখতাৰৰ সৈতে হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰিছিল । কেৱল এয়াই নহয়, জাভেদ আখতাৰৰ সৈতে তেওঁৰ সাক্ষাৎ যথেষ্ট আমনিদায়ক আছিল বুলিও কৈছিল কংগনাই ।
এই সাক্ষাৎকাৰ পোহৰলৈ অহাৰ পিচতে জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল । ইয়াৰ পিচত কংগনাইও তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে । কিন্তু ২০২৩ চনৰ ২৪ জুলাইত কংগনাই দাখিল কৰা গোচৰটো আদালতে স্থগিত ৰাখিছিল ।
এতিয়া এই বিষয়ত পুনৰবাৰ আদালতৰ কাষ চাপিছে কংগনা ৰনৌত । ৯ জানুৱাৰীত এই বিষয়ত আদালতে শুনানি গ্ৰহণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে । অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে যদি কেৱল জাভেদ আখতাৰে উত্থাপন কৰা অভিযোগৰ ওপৰত শুনানি অনুষ্ঠিত হয়, তেন্তে সেয়া তেওঁৰ প্ৰতি অন্যায় হ’ব ।
লগতে পঢ়ক: ১২th fail ছবিখনে মোহিলে কংগনা ৰনৌতক, বিক্ৰান্ত মচ্ছীৰ প্ৰশংসাত অভিনেত্ৰীগৰাকীয়ে ক’লে এই ডাঙৰ কথা