চিটাৰা ডেস্ক, ২৯ আগষ্ট: পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ তাৰকা দম্পতী অজয় দেৱগন আৰু কাজলে । শেহতীয়াকৈ এই দম্পতীৰ বিষয়ে খবৰ আহিছিল যে দুয়োৰে বিবাহ বিচ্ছেদ হ’ব ৷ অৱশ্যে সেয়া কেৱল উৰাবাতৰি হে আছিল ৷ এতিয়া পুনৰ চৰ্চাত আহিছে অভিনেত্ৰী কাজল ৷ অৱশ্যে এইবাৰ অন্য এটা কাৰণতহে চৰ্চাত আহিছে অভিনেত্ৰীগৰাকী ৷ কাজলৰ বিষয়ে কোৱা হৈছে যে অভিনেত্ৰীগৰাকীয়ে কাৰ্যালয়ৰ স্থান বৃদ্ধিৰ বাবে কোটি টকাৰ মূল্যৰ সম্পত্তি ক্ৰয় কৰিছে ।
তাৎপৰ্যপূৰ্ণভাৱে কাজলে মুম্বাইৰ সেই অঞ্চলত কাৰ্যালয়ৰ স্থান ক্ৰয় কৰিছে, য’ত তেওঁৰ তাৰকা স্বামী অজয় দেৱগনে ইতিমধ্যে পাঁচটা ফ্লেট ক্ৰয় কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কাজলে অশিৱাৰাত অৱস্থিত চিগনেচাৰ বিল্ডিঙত নিজৰ কাৰ্যালয়ৰ বাবে স্থান ক্ৰয় কৰিছে ৷ যাৰ দাম শুনিলে আচৰিত হ’ব আপুনি ।
সংবাদ মাধ্যমত অহা খবৰ অনুসৰি বীৰ সাৱৰকাৰ প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে এই সম্পত্তি বিক্ৰী কৰিছে । তাৎপৰ্যপূৰ্ণভাৱে চলিত বছৰত কাজলে এই দ্বিতীয়টো সম্পত্তি ক্ৰয় কৰিছে, যাৰ চুক্তি ২৮ জুলাইত কৰা হৈছিল । কাজলৰ নতুন সম্পত্তি ১৯৪.৬৭ বৰ্গমিটাৰত বিস্তৃত আৰু ইয়াৰ মূল্য ৭.৬৪ কোটি টকা বুলি কোৱা হৈছে । উল্লেখ্য যে, ইয়াত অভিনেত্ৰীগৰাকীৰ তাৰকা স্বামীয়েও ৪৫ কোটি টকাৰ ৫টা ফ্লেট ক্ৰয় কৰিছে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, কাজলে নিজৰ নতুন অফিচ য’ত ক্ৰয় কৰিছে, সেই স্থানত ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট, ছাজিদ নাদিয়াদৱালা, এবুণ্ডেন্টিয়া এণ্টাৰটেইনমেণ্ট, বানিজয় এছিয়াকে ধৰি বহুতো শীৰ্ষ কোম্পানী অৱস্থিত আছে । একে সময়তে ইয়াৰ পূৰ্বে কাজলে মুম্বাইত ১৬.৫ কোটি টকাৰ আন এটা সম্পত্তি ক্ৰয় কৰিছিল, য’ত অভিনেত্ৰীগৰাকীয়ে এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল । কেৱল ইমানেই নহয়, কাজলে জুহুৰ অনন্যা বিল্ডিঙত দুটা এপাৰ্টমেণ্টৰ বাবে ১১.৯৫ কোটি টকাৰ চুক্তি কৰিছিল ।
ইফালে কাজলৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে দুটা প্ৰজেক্ট দ্য ট্ৰাইল আৰু লাষ্ট ষ্ট’ৰী ২ ত দেখা গৈছিল । আনহাতে, অজয় দেৱগনক শেষবাৰৰ বাবে দেখা গৈছিল ভোলা ছবিখনত ।