ETV Bharat / entertainment

বন্ধুৰ স্বাস্থ্যৰ বুজ ল’লে জনী লিভাৰে, চিকিৎসকে মেহমুদক দিলে ৪০ দিনৰ সময়সীমা - অভিনেতা জুনিয়ৰ মেহমুদ

Junior Mehmood Battling From Cancer: দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেতা জুনিয়ৰ মেহমুদ ৷ চিকিৎসকে দিলে মাত্ৰ ৪০ দিনৰ সময় সীমা । সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Johny Lever meets actor junior mehmood who suffering from stomach cancer
দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেতা জুনিয়ৰ মেহমুদ
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:15 AM IST

চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: জীৱন-মৃত্যুৰে যুঁজিছে অভিনেতা জুনিয়ৰ মেহমুদে ৷ দৰাচলতে অভিনেতাগৰাকী চতুৰ্থ পৰ্যায়ৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত । যোৱা দুমাহ ধৰি অসুস্থ হৈ আছিল জুনিয়ৰ মেহমুদ আৰু হঠাতে তেওঁৰ ওজন কমিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পিচত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁৰ পৰীক্ষা কৰা হয় ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে নৱেম্বৰ মাহতেই তেওঁৰ ৰোগ ধৰা পৰে । এই তথ্য শ্বেয়াৰ কৰিছে তেওঁৰ ঘনিষ্ঠ বন্ধু ছালাম কাজীয়ে ।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত ছালাম কাজীয়ে কয়, ‘‘তেওঁ ২ মাহ ধৰি অসুস্থ হৈ আছিল আৰু প্ৰথমতে আমি ভাবিছিলো যে তেওঁৰ কিছু সৰু সমস্যা হ’ব ৷ কিন্তু তাৰ পিচত হঠাতে তেওঁৰ ওজন কমিবলৈ ধৰিলে আৰু যেতিয়া মেডিকেল ৰিপ’ৰ্ট আহিল তেতিয়া কোৱা হ’ল যে তেওঁ যকৃত আৰু হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু অন্ত্ৰত টিউমাৰ আৰু জণ্ডিচতো আক্ৰান্ত হৈছে । অৱশ্যে চিকিৎসা চলি আছে, কিন্তু চিকিৎসকে আমাক জনাইছে যে এয়া চতুৰ্থ পৰ্যায়ৰ কেন্সাৰ ।’’

চিকিৎসকে দিলে ৪০ দিনৰ সময়

ছালাম কাজীয়ে লগতে কয়, ‘‘জুনিয়ৰ মেহমুদৰ হাওঁফাওঁ আৰু শৰীৰত কেন্সাৰ বিয়পি পৰিছে । চিকিৎসকে তেওঁক মাত্ৰ ৪০ দিনৰ সময় দিছে । বৰ্তমান অভিনেতাগৰাকী ঘৰতে চিকিৎসাধীন হৈ আছে ।’’

ইফালে জুনিয়ৰ মেহমুদৰ ভাল বন্ধু অভিনেতা জনী লিভাৰে শেহতীয়াকৈ অভিনেতাজনক লগ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় আৰু তেওঁৰ স্বাস্থ্যৰ বিষয়ে বুজ লয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ সাক্ষাতৰ এটি ভিডিঅ’।

জনী লিভাৰে উৎসাহিত কৰিলে বন্ধু মেহমুদক

ভাইৰেল ভিডিঅ’টোত জুনিয়ৰ মেহমুদক বিচনাত পৰি থকা দেখা গৈছে আৰু তেওঁক অতি দুৰ্বল যেন লাগিছে । এনে পৰিস্থিতিত জনী লিভাৰে তেওঁক উৎসাহিত কৰা দেখা যায় । উল্লেখ্য যে, জুনিয়ৰ মেহমুদৰ আচল নাম নঈম চৈয়দ । তেওঁ বিভিন্ন ভাষাৰ ২০০ ৰো অধিক ছবিত অভিনয় কৰিছে । ইয়াৰ ভিতৰত আছে ব্ৰহ্মচাৰী (১৯৬৮), মেৰা নাম জোকাৰ (১৯৭০), পৰ্বৰীশ (১৯৭৭) আৰু ডো আৰু দো পঞ্চ (১৯৮০) আদি ছবি ।

লগতে পঢ়ক: জীৱন বাটৰ নাট সামৰিলে ৯০ দশকৰ অসমৰ ৰকষ্টাৰ অৰুণ দাসে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.