ETV Bharat / entertainment

Jiah Khan case verdict: জিয়া খান গোচৰৰ ৰায়দান, সূৰজ পাঞ্চোলি আৰু জিয়াৰ মাতৃয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

author img

By

Published : Apr 28, 2023, 3:52 PM IST

জিয়া খানৰ গোচৰত চিবিআই আদালতে প্ৰদান কৰিলে ৰায় ৷ আদালতৰ ৰায়দান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জিয়া খানৰ মাতৃ আৰু সূৰজ পাঞ্চোলিয়ে (Jiah Khan case verdict) ।

Jiah Khan case verdict: Sooraj Pancholi says 'Truth always wins;' Jiah Khan's mother to move HC
আদালতৰ ৰায়দান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জিয়া খানৰ মাতৃ আৰু সূৰজ পাঞ্চোলিয়ে

চিটাৰা ডেস্ক, 28 এপ্ৰিল: মুম্বাইৰ বিশেষ চিবিআই আদালতে শুকুৰবাৰে ৰায় প্ৰদান কৰিলে জিয়া খানৰ চাঞ্চল্যকৰ আত্মহত্যা গোচৰৰ ৷ জিয়াৰ খানৰ আত্মহত্যাত উচটনি দিয়াৰ অভিযোগত অভিযুক্ত সূৰজ পাঞ্চোলিক দোষমুক্ত ঘোষণা কৰে আদালতে ৷ 2013 চনৰ 3 জুনত মুম্বাইৰ ফ্লেটত চিপ লৈ আত্মহত্যা কৰিছিল জিয়াই ৷ জিয়াৰ মৃত্যুৰ দহ বছৰ পিচত ৰায় প্ৰদান কৰে আদালতে (Jiah Khan case verdict) ৷

আদালতৰ ৰায়দানৰ পিচতে সূৰজে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি ৰায়দানক প্ৰশংসা কৰে ৷ আনহাতে জিয়াৰ মাতৃ ৰাবিয়া খানে কয় যে তেওঁ উচ্চ ন্যায়ালয়লৈ যাব আৰু প্ৰয়োজন হ’লে ইচ্ছুক ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়লৈও যাব (Jiah Khan case verdict reactions) ।

Jiah Khan case verdict Sooraj Pancholi says Truth always wins Jiah Khans mother to move HC

জিয়া খানৰ আত্মহত্যাৰ গোচৰত আদালতে ৰায়দান দিয়াৰ পিচতে সূৰজে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছিল, “সত্যৰ সদায় জয় হয়,” লগত হাত ভাঁজ কৰা ইমোজি আৰু ৰঙা হৃদয়ৰ ইমোজীও শ্বেয়াৰ কৰে অভিনেতাগজনে । সূৰজে নিজৰ পোষ্টটোৰ সামৰণিত "#God Is Great" বুলিও কয়।

আনহাতে আদালতৰ ৰায়দান সন্দৰ্ভত জিয়াৰ মাতৃ ৰাবিয়া এক প্ৰকাৰ হতাশ হৈ পৰিছে । আজি আদালতৰ বাহিৰত সংবাদ মাধ্যমে ৰাবিয়াক আগুৰি ধৰিছিল আৰু চিবিআই আদালতৰ ৰায়দানৰ পিচত ৰাবিয়াক তেওঁৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে প্ৰশ্ন কৰিছিল সাংবাদিকে (Rabia Khan on Jiah Khan case verdict) । এটা দশক ধৰি এই গোচৰৰ বিৰুদ্ধে যুঁজি থকা ৰাবিয়াই কয় যে, তেওঁৰ কন্যাই ন্যায় পাব আৰু উচ্চ ন্যায়ালয়ত আবেদন কৰিব ৷ যদি প্ৰয়োজন হয় উচ্চতম ন্যায়ালয়লৈও যাব ।

এইটো আত্মহত্যাৰ গোচৰ বুলি বিচাৰ বিভাগৰ স্থিতিৰ প্ৰতিদ্বন্দ্বিতা কৰি ৰাবিয়াই নিজৰ কন্যাক হত্যা কৰা বুলি দাবী কৰি আহিছে (Sooraj Pancholi on Jiah Khan case verdict) । আদালতৰ ৰায়দানৰ পিচতো মাতৃ ৰাবিয়াই কয়, "মোৰ কন্যাৰ ন্যায় বিচাৰি মই যুঁজ অব্যাহত ৰাখিম । মই যুঁজিম । এই ৰায়দানত মই আচৰিত হোৱা নাই কাৰণ মই এয়া আগতেই অনুমান কৰিছিলোঁ । এইটো আত্মহত্যাৰ গোচৰ নহয় ই হত্যাৰ গোচৰ ।"

2013 চনৰ ৩ জুনত জুহুৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল আমেৰিকান নাগৰিক জিয়া (২৫) । পিচত আৰক্ষীয়ে ছয় পৃষ্ঠাৰ চিঠিৰ ভিত্তিত সূৰজক গ্ৰেপ্তাৰ কৰিছিল (Jiah Khan suicide case verdict) ।

লগতে পঢ়ক: Jiah Khan Suicide Case: জিয়া খানৰ আত্মহত্যাৰ গোচৰত আদালতৰ ডাঙৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.