চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: শেহতীয়াকৈ পুনৰ বিবাহপাশত আৱদ্ধ হৈছে মালাইকা অৰোৰাৰ প্ৰাক্তন স্বামী তথা অভিনেতা অৰবাজ খান ৷ চেলিব্ৰিটি মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় অভিনেতাগৰাকীয়ে ৷ কিন্তু অৰবাজৰ বিয়াৰ পিচতে এতিয়া সকলোৰে মনলৈ আহিছে, মালাইকা অৰোৰা কেতিয়া বিবাহপাশত আৱদ্ধ হ’ব ? এতিয়া এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ মালাইকাই ৷ পুনৰ বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে মালাইকা ৷ অৱশ্যে এই কথা আমি কোৱা নাই, অভিনেত্ৰীগৰাকীয়ে নিজেই ইয়াৰ ইংগিত দিছে ‘ঝলক দিখলা জা ১১’ ৰিয়েলিটি শ্ব’ত ।
আচলতে মালাইকাক ‘ঝলক দিখলা জা ১১’ ত আঁত ধৰোতাৰ ৰূপত দেখা পোৱা যায় । শেহতীয়াকৈ ফাৰাহ খান শ্ব’টোত উপস্থিত হৈছিল আৰু মালাইকাৰ সৈতে তেওঁ বহু কথাত আনন্দ কৰা দেখা গৈছে । ইয়াৰ প্ৰ’ম’ও মুকলি কৰিছে নিৰ্মাতাই ।
প্ৰ’ম’টোত ফাৰাহ খানে মালাইকা অৰোৰাক বিবাহ সম্পৰ্কে সুধিছিল প্ৰশ্ন । তেওঁ মালাইকাক প্ৰশ্ন কৰে, ‘‘মালাইকা, ২০২৪ চনত আপুনি একক অভিভাৱক-অভিনেত্ৰীৰ পৰা যুগ্ম অভিভাৱক তথা অভিনেত্ৰীলৈ সলনি হ’ব নেকি ? এই কথা শুনি মালাইকাই কয়,‘‘মানে মই কাৰোবাক তুলি ল’ব লাগিব ? ইয়াৰ অৰ্থ কি ?’’ তেতিয়া ‘ঝলক দিখলা জা ১১’ৰ হোষ্ট গৌহৰ খানে কয়, ‘‘ইয়াৰ মানে হৈছে আপুনি বিবাহপাশত আৱদ্ধ হ’ব নেকি ?’’
এই প্ৰশ্নৰ উত্তৰত মালাইকাই উত্তৰ দি কয়, ‘‘কোনোবা থাকিলে মই নিশ্চয় ১০০% বিবাহপাশত আৱদ্ধ হ’ম ।’’ তেতিয়া ফাৰাহ খানে কয় যে কোনোবা আছে, মানে, বহুত আছে । তেতিয়া মালাইকাই কয় যে ‘‘কোনোবাই মোক বিয়াৰ প্ৰস্তাৱ দিলে মই নিশ্চম বিয়া হ’ম । তাৰ পিচত ফাৰাহে সুধিছে, ‘‘সেয়া লাগিলে যিকোনো ব্যক্তিয়েই হওঁক ? উত্তৰত মালাইকাই কয়, ‘হয়, মই কৰিম ।’’ যদিও মালাইকাই পোনপটীয়াকৈ একো কোৱা নাই, তথাপিও অভিনেত্ৰীগৰাকীয়ে ইংগিত দিছে যে হয়তো ২০২৪ চনত বিয়াত বহিব পাৰে । এতিয়া এই সন্দৰ্ভত অৰ্জুন কাপুৰে কি ক’ব সেয়া হ’ব লক্ষ্যণীয় ।
অৰ্জুন কাপুৰৰক ডেট কৰি আছে মালাইকা অৰোৰাই
উল্লেখ্য যে, মালাইকা অৰোৰাই যোৱা কেইবছৰমানৰ পৰা অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত আছে । দুয়োগৰাকীয়ে নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু প্ৰায়ে একেলগে ভ্ৰমণ আৰু ছুটীত যোৱা দেখা যায় এই দম্পতীক ।
লগতে পঢ়ক: প্ৰাক্তন স্বামী অৰবাজ খানৰ দ্বিতীয় বিবাহৰ সময়ত ক’ত, কি কৰি আছিল মালাইকা অৰোৰাই ? চাওক ভাইৰেল ভিডিঅ’