ETV Bharat / entertainment

Jawan box office collection: বিশ্বজুৰি বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে জৱানে, ষষ্ট দিনত কিমান হ’ল বক্স অফিচ সংগ্ৰহ ? - জৱান

শ্বাহৰুখ খানৰ একচন ভৰপূৰ ছবি জৱানে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে উন্মাদনাৰ । মুক্তিৰ ৫ দিনৰ ভিতৰতে ছবিখনে ভাৰততে ৩০০ কোটি টকা অতিক্ৰম কৰিছে আৰু বিশ্বজুৰি ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Jawan box office collection: Shah Rukh Khan starrer to witness 10% decline on day 6
জৱানৰ বক্স অফিচ সংগ্ৰহ
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 2:08 PM IST

চিটাৰা ডেস্ক, ১২ ছেপ্টেম্বৰ: ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জৱান ৷ ছবিখনৰ মুক্তিৰ লগে লগে বক্স অফিচত দেখুৱাইছে ভাল ফলাফল । কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আদিপত্য বিস্তাৰ কৰিছে জৱানে । ছবিখনৰ মুক্তিৰ পিচতে আৰু অধিক বাঢ়ি গৈছে শ্বাহৰুখৰ ফেন ফ’ল’য়িং ৷ ছবিখনত শ্বাহৰুখ খানৰ অভিনয়ক অনুৰাগীৰ পৰা তাৰকালৈকে সকলোৱে প্ৰশংসা কৰিছে ৷

কেৱল শ্বাহৰুখৰ অভিনয়েই নহয়, সকলোৱে ছবিখনৰ, পৰিচালক আৰু অন্য তাৰকাৰো প্ৰশংসা কৰিছে । ইফালে মুক্তিৰ মাত্ৰ পাঁচ দিনতে ছবিখনে বিশ্বজুৰি বক্স অফিচত ৫০০ কোটি টকা অতিক্ৰম কৰিছে । আনহাতে ভাৰতীয় বক্স অফিচতে ছবিখনে ৩০০ কোটি টকাৰ ক্লাবত যোগদান কৰি হিন্দী চিনেমাৰ বাবে ইতিহাস ৰচনা কৰিছে ।

ছেকনিল্কৰ মতে, ভাৰতত মুকলিৰ দিনা জৱানে ৭৫ কোটি টকা সংগ্ৰহ কৰিছে । দ্বিতীয় দিনা বক্স অফিচত ৫৩.২৩ কোটি আৰু ৩য় আৰু ৪ৰ্থ দিনত ৭৭.৮৩ কোটি আৰু ৮০.১ কোটি টকা সংগ্ৰহ কৰে । ৫ম দিনত ছবিখনে ৩০.৫ কোটি টকা উপাৰ্জন কৰে । আনহাতে ষষ্ট দিনত ছবিখনে ডাঙৰ সংখ্যা উপাৰ্জন কৰিব পাৰে বুলি কোৱা হয় । প্ৰাথমিক হিচাপ অনুসৰি ছবিখনে ষষ্ঠ দিনত ২৭.৫৬ কোটি টকা সংগ্ৰহ কৰিব পাৰে । যদি এনে হয় তেন্তে ছবিখনৰ মুঠ ৰাজহ হ’বগৈ ৩৪৪.২২ কোটি টকা ।

কৃষ্ণজন্মাষ্টমী (৭ ছেপ্টেম্বৰ)ত বিশ্বজুৰি হিন্দী, তেলেগু আৰু তামিল ভাষাত মুক্তি লাভ কৰিছে জৱান । এই ছবিখনক সকলোৱে শলাগ লৈছে ৷ দেশ তথা বিদেশতো প্ৰশংসা লাভ কৰিছে ছবিখনে ৷ মুক্তিৰ মাত্ৰ ৫ দিনতে বিশ্বজুৰি ৫৫০ কোটি টকা উপাৰ্জন কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে । এতিয়া অতি সোনকালে ৬০০ কোটিৰ ক্লাবত যোগদান কৰিব ছবিখন । ইফালে ভাৰতীয় বক্স অফিচত ষষ্ঠ দিনৰ উপাৰ্জন (২৭.৫৬ কোটি) আনদিনাৰ তুলনাত কম হ’লেও ছবিখনে অতি সোনকালেই ৪০০ কোটিৰ ক্লাবৰ দিশে আগবাঢ়িছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, এটলীৰ পৰিচালিত বলীউডৰ প্ৰথমখন ছবি জৱানত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান, নয়নতৰা আৰু বিজয় ছেঠুপথি । চলচ্চিত্ৰ নিৰ্মাতা এটলী, অভিনেত্ৰী নয়নতৰা আৰু বিজয় ছেঠুপথিৰ সৈতে কিং খানৰ এয়া প্ৰথমটো প্ৰজেক্ট ৷ শ্বাহৰুখ খান আৰু গৌৰী খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনা কৰা এই ছবিখনত বলীউডৰ অভিনেতা দীপিকা পাডুকন আৰু সঞ্জয় দত্ত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত অভিনয় কৰিছে ছানিয়া মালহোত্ৰা, প্ৰিয়মণি, গিৰিজা, সঞ্জিতা ভট্টাচাৰ্য, লেহৰ খান, আলিয়া কুৰেশী, ৰিদ্ধি ডোগ্ৰা আৰু সুনীল গ্ৰ’ভাৰ ।

লগতে পঢ়ক: Jawan box office collection day 5: কিমান হ’ল পঞ্চম দিনত জৱানৰ বক্স অফিচ সংগ্ৰহ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.