ETV Bharat / entertainment

Jawan box office collection day 3: বক্স অফিচত ২০০ কোটি টকাৰ দিশে ‘জৱান’; তৃতীয় দিনৰ উপাৰ্জন কিমান ?

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 3:03 PM IST

শেহতীয়াকৈ মুক্তিলাভ কৰা শ্বাহৰুখ খানৰ ছবি জৱানে বক্স অফিচত এক অভিলেখৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । এটলীৰ দ্বাৰা পৰিচালিত এই ছবিখনে তৃতীয় দিনটোতো ছবিগৃহত নিজৰ ভাল প্ৰদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে । এক্সন চিনেমাখনে এতিয়ালৈকে কিমান সংগ্ৰহ কৰিছে চাবলৈ তলত সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক ।

Jawan box office collection day 3: Shah Rukh Khan's action thriller unstoppable, inches close to Rs 200 crore mark
বক্স অফিচত ২০০ কোটি টকাৰ দিশে ‘জৱান’; তৃতীয় দিনৰ উপাৰ্জন কিমান ?

চিটাৰা ডেস্ক 9 ছেপ্তেম্বৰ: বক্স অফিচত ইতিমধ্যে চমক সৃষ্টি কৰিছে শ্বাহৰুখ খানৰ ছবি ‘জৱানে’ ৷ প্ৰথম দিনাই ঘৰুৱা বক্স অফিচত ৭৫ কোটি টকা আৰু বিশ্বজুৰি ১২৯ কোটি টকাৰ সংগ্ৰহ কৰি ইতিহাস ৰচনা কৰিছে ছবিখনে ৷ এই কাম কৰি জৱান হিন্দী চিনেমাৰ আটাইতকৈ ডাঙৰ অপেনিং কৰা ছবি হিচাপে পৰিগণিত হৈছে ৷ শ্বাহৰুখে জৱানৰ অপেনিং কালেকশ্যনেৰে নিজৰে ছবি পাঠানৰ অপেনিং কালেকশ্যনেৰ (৫৭ কোটি) অভিলেখ ইতিমধ্যে ভংগ কৰিছে ৷ একে সময়তে দ্বিতীয় দিনাও ছবিখনে বৃহৎ ধন উপাৰ্জন কৰাৰ লগতে ছবিখনে ৫০ কোটিতকৈও অধিক টকাৰ সংগ্ৰহ কৰিছে ৷

বিগত ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা ছবিখনে ৯ ছেপ্টেম্বৰত মুক্তিৰ তৃতীয় দিনত ২০০ কোটি টকা সংগ্ৰহৰ দিশত আগবাঢ়িছে ৷ প্ৰথম উইকেণ্ডত ছবি জৱানে ২৫০ কোটিৰো অধিক ব্যৱসায় কৰিবলৈ ওলাইছে ৷ এনে পৰিস্থিতিত আমি ছবিখনৰ তৃতীয় দিনটোৰ আনুমানিক উপাৰ্জনৰ বিষয়ে আলোচনা কৰিম আৰু ছবিখনে প্ৰথম সপ্তাহত কেনেধৰণৰ প্ৰদৰ্শণ দেখুৱাবলৈ সক্ষম হ’ব জানো আহক ৷

উল্লেখ্য যে, প্ৰথম দিনাই হিন্দীত ৬৫ কোটি টকা আৰু তামিল আৰু তেলেগু ভাষাত ৫ কোটি টকাকৈ উপাৰ্জন কৰিছে ছবিখনে ৷ ইয়াৰ লগে লগে ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ৭৫ কোটি ৷ দ্বিতীয় দিনা ছবিখনে ৫৩ কোটি টকাৰ ব্যৱসায় কৰি দুদিনত ছবিখনৰ মুঠ সংগ্ৰহ ১২৯ কোটি টকা হয়গৈ ৷ জৱান ছবিখনৰ প্ৰথম শুকুৰবাৰে (৮ ছেপ্টেম্বৰ) ২৮.৮৬ শতাংশ হ্ৰাস পোৱাৰ লগতে ছবিখনে হিন্দী ভাষাত ৪৭ কোটি, তামিল ভাষাত ৩.৫ কোটি আৰু তেলেগু ভাষাত ২.৫ কোটি টকাৰ উপাৰ্জন কৰিছিল ৷ এতিয়া ছবি জৱানে ইয়াৰ প্ৰথম শনিবাৰে (৯ ছেপ্টেম্বৰ) বৃহৎ ব্যৱসায় কৰিব আৰু ছবিখনৰ বিশ্বব্যাপী উপাৰ্জনে ২০০ কোটি টকা অতিক্ৰম কৰিবলৈ গৈ আছে ৷

ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ Sacknilkৰ মতে, ছবিখনে তৃতীয় দিনা ভাৰতত ৭০ কোটি টকা উপাৰ্জন কৰিবলৈ গৈ আছে । ইয়াৰ লগে লগে ছবিখনে এতিয়া সকলো ভাষাতে সামগ্ৰিকভাৱে ১৯৭.৫০ কোটি টকাৰ নেট সংগ্ৰহত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Actresses who played mother to older actors: নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে এইসকল অভিনেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.