ETV Bharat / entertainment

অগস্ত্য নন্দাৰ অভিনয়ত মন্ত্ৰমুগ্ধ হৈ এইগৰাকী ছুপাৰষ্টাৰৰ লগত তুলনা কৰিলে জাভেদ আখতাৰে

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:31 PM IST

Javed Akhtar betting big on Agastya Nanda: ‘দ্য আৰ্চিছ’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাই ৷ এতিয়া অগস্ত্য নন্দাৰ প্ৰশংসাত পঞ্চমুখ হ’ল জাভেদ আখতাৰ ৷

Javed Akhtar equates The Archies star Agastya Nanda to late Rishi Kapoor; lauds Amitabh Bachchan's grandson
আগস্ত্য নন্দাক লৈ জাভেদ আখতাৰৰ মন্তব্য

চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ: ৭ ডিচেম্বৰত নেটফ্লিক্সত মুক্তি লাভ কৰিছে অগস্ত্য নন্দা, সুহানা খান আৰু খুশী কাপুৰ অভিনীত ছবি ‘দ্য আৰ্চিজ’ ৷ ইফালে ছবিখন মুক্তিৰ পিচতে অগস্ত্য নন্দাৰ অভিনয়ত মন্ত্ৰমুগ্ধ হ’ল লেখক-গীতিকাৰ জাভেদ আখতাৰ ৷ অগস্ত্য নন্দাক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবীণ তথা প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ সৈতে তুলনা কৰিলে জাভেদ আখতাৰে ৷

জাভেদ আখতাৰে কয় যে তেওঁৰ কন্যা জোয়া আখতাৰৰ পৰা কথা নুশুনালৈকে তেওঁ প্ৰশংসা কৰিব নোৱাৰে, কিন্তু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাৰ প্ৰশংসা কৰিব পাৰিব তেওঁ । তেওঁ কয় যে ৫০ বছৰ পিচত ঋষি কাপুৰৰ দৰে দৰ্শকে অগস্ত্য নন্দা দেখা পাইছে । তেওঁ অগস্ত্য নন্দাক ঋষি কাপুৰৰ পিচতে আটাইতকৈ প্ৰতিভাশালী নতুন প্ৰতিভা বুলি অভিহিত কৰিছে ।

সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত জাভেদ আখতাৰে কয় - অমিতাভ বচ্চনৰ নাতি অগস্ত্য বৰ্তমান আমি দেখা ‘পুৰুষ, বিষাক্ত’ নায়কসকলৰ তুলনাত অধিক ‘মৰমলগা’ । উল্লেখ্য যে জোয়া আখতাৰ পৰিচালনাত নিৰ্মিত ‘দ্য আৰ্চিজ’ ছবিৰে অভিনয় জীৱনৰ আৰম্ভণি কৰিছে যুৱ অভিনেতাগৰাকীয়ে । এই ছবিখন নেটফ্লিক্সত ৭ ডিচেম্বৰত মুক্তি লাভ কৰিছে ।

'দ্য আৰ্চিজ' ৭ৰ পৰা ৭০ বছৰৰ বয়সৰ লোকৰ বাবে নিৰ্মাণ কৰা হৈছে

জাভেদ আখতাৰে কয় যে ‘দ্য আৰ্চিজ’ ছবিখনে ৭ৰ পৰা ৭০ বছৰ বয়সৰ সকলো বয়সৰ লোককে মনোৰঞ্জন দিছে । ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত হোৱা এটা ঘটনাৰ কথা সোঁৱৰাই জাভেদ আখতাৰে কয়, “প্ৰিমিয়াৰত এগৰাকী মহিলাই ছবিখন চাই আছিল, তেওঁৰ বয়স আছিল ৭০ বছৰতকৈও অধিক ৷ কিন্তু ছবিখন চাওতে তেওঁৰ চকুলো বৈ আহিছিল । মহিলাগৰাকীয়ে কৈছিল যে এই ছবিখনে তেওঁক তেওঁৰ সৰুকালৰ কথা সোঁৱৰাই দিছিল, কাৰণ এসময়ত আৰ্চিজ কমিক্স তেওঁৰ অতি প্ৰিয় আছিল ।

শ্বাহৰুখ খান আৰু শ্ৰীদেৱীৰ কন্যাও এই ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে

জাভেদ আখতাৰে স্বীকাৰ কৰে যে দৰ্শকে বলীউডৰ আইকনসকলৰ সন্তানক চাবলৈ আগ্ৰহী । অগস্ত্যৰ লগতে শ্বাহৰুখ খানৰ কন্যা সুহানা খান আৰু শ্ৰীদেৱীৰ কন্যা খুশী কাপুৰেও ‘দ্য আৰ্চিজ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে । কিন্তু তেওঁলোকৰ কোনো এগৰাকীয়েও ছবিখনত কৰা অভিনয়ৰ বাবে ইতিবাচক সমালোচনা লাভ কৰা নাই ।

জাভেদ আখতাৰে অগস্ত্যৰ মাতৃক পুত্ৰৰ বিষয়ে কি কৈছিল ?

জাভেদ আখতাৰে কয়, "মই অগস্ত্যৰ মাতৃ(শ্বেতা বচ্চন নন্দা)ক কৈছিলো - তোমাৰ ল’ৰা তাৰকা হ’বলৈ গৈ আছে ।" তেওঁ লগতে কয়- বৰ্তমান মানুহৰ মনত নায়কৰ ধাৰণা হৈছে বিষাক্ত, পুৰুষত্ব । কিন্তু অগস্ত্য হৈছে এজন নিৰ্ভীক আৰু মৰমলগা নায়ক । ববী ছবিখনত ঋষি কাপুৰৰ পিচত এতিয়া অগস্ত্যক ঋষিৰ দৰে দেখা গৈছে । অগস্ত্যক সকলো যুৱক-যুৱতীয়ে, বিশেষকৈ ছোৱালীয়ে ভাল পাব ।

লগতে পঢ়ক: ৰজনীকান্তৰ মুঠ সম্পত্তিৰ মূল্য জানিলে হতবাক হ’ব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.