চিটাৰা ডেস্ক, 10 মে’: বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ আন এখন নতুন ছবি ঘোষণা (Janhvi Kapoor to play IFS officer in Ulajh) । ছবিখনৰ নাম ‘উলঝ’। ছবিখনত জাহ্নৱী কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা গুলচন দেৱাইয়া আৰু ৰোশন মেথিউয়ে । এখনৰ পিচত আনখন ছবিৰ ঘোষণাৰ পিচত এইবাৰ তেওঁক নতুন থ্ৰিলাৰ আৰু কূটনীতিমূলক ছবি ‘উলঝ’ৰ ঘোষণা কৰা হৈছে (Janhvi Kapoor in Ulajh) ।
দীৰ্ঘদিন ধৰি ছবিখনৰ চৰ্চা চলি আছিল আৰু এতিয়া ছবিখনৰ নাম ঘোষণা কৰা হৈছে (Janhvi Kapoor upcoming films)। ছবিখনত জাহ্নৱী কাপুৰক হিন্দী চলচ্চিত্ৰ জগতৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ সৈতে কাম কৰা দেখা যাব। কেতিয়াৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব ? কোনসকল অভিনেতাক ছবিখনত দেখা পোৱা যাব ? কোনে পৰিচালনা কৰিব ছবিখন? সবিশেষ পঢ়ক এই প্ৰতিবেদনত ৷
ছবিখনৰ ষ্টাৰকাষ্ট আৰু কেতিয়াৰ পৰা আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং ?
জংগলী ছবিৰ বেনাৰে নিৰ্মাণ কৰিব এই ছবিখন (Janhvi Kapoor Ulajh first look) । এই বেনাৰখনে ইয়াৰ পূৰ্বে ‘ৰাজী’ আৰু ‘বধাই দো’ৰ দৰে হিট ছবি উপহাৰ দিছে দৰ্শকক । ৰাষ্ট্রীয় বঁটা বিজয়ী সুধাংশু সৰিয়াই পৰিচালনা কৰিছে এই ছবিখন ৷ পাৰভেজ শ্বেখ আৰু সুধাংশুৰ দ্বাৰা ৰচিত ছবিখনৰ সংলাপ লিখিছে আতিকা চৌহানে । ছবিখনত ৰাজেশ টাইলাং, মেইয়াং চাং, শচীন খেডকাৰ, ৰাজেন্দ্ৰ গুপ্তা আৰু জিতেন্দ্ৰ যোশীক আন তাৰকাক অভিনেতা হিচাপে দেখা যাব । চলিত মে’ মাহৰ শেষৰ ফালে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব । এইখন এখন থ্ৰিলাৰ ছবি, য’ত দেখা যাব বহু কূটনীতি (Janhvi Kapoor latest news) ।
- " class="align-text-top noRightClick twitterSection" data="
">
জাহ্নৱী কাপুৰৰ প্ৰজেক্ট
উল্লেখ্য যে, জাহ্নৱী কাপুৰে ইতিমধ্যে নিতেশ তিৱাৰীৰ পৰিচালনাত ‘বাৱাল’ ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিছে । এই ছবিখনত অভিনেত্ৰীগৰাকীক দেখা যাব বৰুণ ধাৱনৰ সৈতে । একে সময়তে জাহ্নৱী কাপুৰে চাউথ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰৰ ছবি এনটিআৰ ৩১ ৰ জৰিয়তে দক্ষিণ ছবিজগতত আত্মপ্ৰকাশ কৰিব ৷
লগতে পঢ়ক: Jogira Sara Ra Ra: জোগিৰা চাৰা ৰা ৰাৰ মুক্তিৰ দিন সলনি, জানি লওক ছবিখন মুক্তিৰ নতুন তাৰিখ