ETV Bharat / entertainment

Master Blaster : প্ৰথমবাৰৰ বাবে ছবিত একেলগে দেখা সঞ্জয় দত্ত আৰু টাইগাৰ শ্ৰফক, সবিশেষ জানি লওক এই প্ৰতিবেদন

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:48 PM IST

প্ৰথমবাৰৰ বাবে একেলগে এখন ছবিত দেখা যাব সঞ্জয় দত্ত আৰু টাইগাৰ শ্ৰফক । ছবিখনৰ নাম মাষ্টাৰ ব্লাষ্টাৰ, এইখন এখন একচন-কমেডী ছবি হ’ব ৷ জানি লওক ইয়াৰ শ্বুটিং কেতিয়া আৰম্ভ হ’ব ।

It's official : Sanjay Dutt and Tiger shroff to star in action comedy Master Blaster, Firoz A Nadiadwallah announces
সঞ্জয় দত্ত আৰু টাইগাৰ শ্ৰফৰ ছবি মাষ্টাৰ ব্লাষ্টাৰ আহি আছে

চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ: বলীউডত শেহতীয়াকৈ ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখনকৈ একচন-থ্ৰিলাৰ আৰু কমেডী ছবি । বিশেষকৈ ফিৰোজ নাদিয়াদৱালা আৰু পূজা এণ্টাৰটেইনমেণ্টে ইখনৰ পিছত সিখনকৈ ছবিৰ ঘোষণা কৰিছে। এতিয়া নাদিয়াদৱালা পৰিয়ালে বলীউডৰ শক্তিশালী অভিনেতা সঞ্জয় দত্ত আৰু টাইগাৰ শ্ৰফক লৈ এখন একচন-কমেডী ছবিৰ ঘোষণা কৰিছে ৷ ২২ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই ছবিখনৰ নাম হৈছে ‘মাষ্টাৰ ব্লাষ্টাৰ’ ।

এই ছবিখন প্ৰযোজনা কৰিব হেৰা ফেৰী, ফিৰ হেৰা ফেৰী, আৱাৰা পাগল দীৱানা আৰু ৱেলকামৰ দৰে শীৰ্ষ কমেডী ছবিৰ দৰে ছবি প্ৰযোজনা কৰা প্ৰযোজক ফিৰোজ এ নাদিয়াডৱালাই । এইখন হ’ব এখন একচন কমেডী ছবি। মন কৰিবলগীয়া বিষয় যে সঞ্জয় দত্ত আৰু টাইগাৰ শ্ৰফক এই ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব ।

ছবিখন এতিয়া প্ৰি-প্ৰডাকচন পৰ্যায়ত আছে আৰু অতি সোনকালে শ্বুটিং আৰম্ভ হ’ব । এই ছবিখনৰ শ্বুটিং হংকং, মাকাউ আৰু মেইনলেণ্ড চাইনা আদি এছিয়াৰ স্থানত কৰা হ’ব । নিৰ্মাতাসকলে লছ এঞ্জেলছ আৰু চীনৰ পৰাও কাৰিকৰী দল আনিব এই ছবিখনৰ বাবে । একে সময়তে সঞ্জয় দত্ত আৰু টাইগাৰ শ্ৰফে এই ছবিখনৰ বাবে মাৰ্শ্বাল আৰ্ট, হেণ্ড কম্বেট আৰু ক্লাছিক ফাইটৰ প্ৰশিক্ষণো ল’ব ।

জানিব পৰা মতে দুয়োগৰাকী তাৰকাক শাওলিন মংকৰ তত্বাৱধানত প্ৰশিক্ষণ দিয়া হ’ব আৰু ছবিখনৰ পৰিচালকৰো কথা অতি শীঘ্ৰে ঘোষণা কৰা হ’ব । উল্লেখ্য যে, টাইগাৰ শ্ৰফৰ আগন্তুক আহিবলগীয়া ছবি কেইখন হৈছে স্ক্ৰু ঢিলা,গণপত পাৰ্ট ১ আৰু বড়ে মিঞাঁ-ছোটে মিঞাঁ ৷ বড়ে মিঞাঁ-ছোটে মিঞাঁত অক্ষয় কুমাৰৰ সৈতে দেখা যাব টাইগাৰ শ্ৰফক । ইফালে শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি জৱানত সঞ্জয় দত্তক দেখা গৈছিল ৷ ইফালে দক্ষিণ চিনেমাৰ ছুপাৰষ্টাৰ বিজয়ৰ ছবি লিঅ’ত আগন্তুক সময়ত দেখা যাব সঞ্জয় দত্তক ৷ অৱশ্যে এই ছবিখনত খলনায়কৰ চৰিত্ৰত দেখা যাব অভিনেতাগৰাকীক ৷ ইয়াৰ উপৰিও সঞ্জয় দত্তক দেখা যাব আৰ্শাদ ৱাৰ্ছীৰ সৈতে মুন্না ভাই ৩ ত।

লগতে পঢ়ক: Ganapath: টাইগাৰ শ্ৰফৰ পিচত গণপতৰ পৰা মুকলি কৃতি সেননৰ প্ৰথম লুক, চাওক কৃতিৰ লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.