চিটাৰা ডেস্ক, 2 ডিচেম্বৰ : বহু প্ৰতীক্ষিত ছবি চাৰ্কাছৰ ট্ৰেইলাৰ মুকলি কৰা হয় 2 ডিচেম্বৰত ৷ শীৰ্ষ মানৰ অভিনয় দক্ষতাৰ সৈতে মুক্তি পোৱা ৰোহিত শেট্টীৰ আগন্তুক ছবি ‘চাৰ্কাছ’ৰ ট্ৰেইলাৰ টোৱে সম্পূৰ্ণ হাঁহিৰ খোৰাক যোগাব বুলি ক’ব পাৰি ৷ শুকুৰবাৰে ছবিখনৰ নিৰ্মাতাসকলে ট্ৰেইলাৰটো মুকলি কৰে, য’ত ‘চাৰ্কাছ’ৰ জৰিয়তে পুৰণি জগতলৈ উভতি যোৱাৰ লগতে হুবহু চেহেৰাৰ বাবে দোমোজাত পৰা সাধাৰণ মানুহৰ কাহিনীয়ে দৰ্শকক আমোদ দিছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
তিনি মিনিটতকৈ অধিক দীঘল ট্ৰেইলাৰটোৰ আৰম্ভণি হৈছে ইলেক্ট্ৰিক মানুহ হিচাপে পৰিচিত তথা চাৰ্কাছত কাম কৰা ৰণবীৰ সিঙৰ পৰা । তেওঁ আৰু বৰুণ শৰ্মাই তেওঁলোকৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা অন্য লোকৰ বাবে সৃষ্টি হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰা দেখা গৈছে ট্ৰেইলাৰটোত । 'চাৰ্কাছ' জগতখনৰ পৰিৱেশ ষাঠিৰ দশকৰ । ট্ৰেইলাৰটোৰ শেষৰ পিনে দীপিকাৰ এণ্ট্ৰিয়ে আমোদ দিছে দৰ্শকক ৷
চলচ্চিত্ৰখনৰ কাহিনী অনুসৰি, ছবিখনত ৰণবীৰ সিঙে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে । অভিনেত্ৰী পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজ ৰণবীৰৰ বিপৰীতে দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে । ইয়াৰ আগতে, ৰোহিতে ছবিখনৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰিছিল আৰু চাৰ্কাছৰ গোটেই পৰিয়ালটোক পৰিচয় কৰাই দিছিল । ছবিখন 23 ডিচেম্বৰত খ্ৰীষ্টমাছ উপলক্ষে মুক্তি পাব (Cirkus release date) ৷
লগতে পঢ়ক : বিকী কৌশল অভিনীত ছেম বাহাদুৰৰ মুক্তিৰ তাৰিখ ঘোষণা