ETV Bharat / entertainment

Ranbir Kapoor: এনিমেল ছবিখনত নিজকে কিয় অযোগ্য বুলি ভাৱিছিল ৰণবীৰ কাপুৰে ?

আহি আছে ৰণবীৰ কাপুৰৰ নতুন ছবি এনিমেল (Ranbir Kapoor) ৷ এই ছবিখনত এক ব্যতিক্ৰমী চৰিত্ৰত দেখা পোৱা যাব ৰণবীৰ কাপুৰক ৷ কিন্তু এই ছবিখনত নিজৰ চৰিত্ৰটোৰ বাবে নিজকে অযোগ্য বুলি ভাৱে ৰণবীৰ কাপুৰে ৷ কিন্তু কিয় ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By

Published : Mar 9, 2023, 10:30 AM IST

'It was completely out of my comfort zone', says Ranbir Kapoor on his film Animal
ৰণবীৰ কাপুৰৰ নতুন ছবি এনিমেল

চিটাৰা ডেস্ক, 9 মাৰ্চ: বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰক দেখা পোৱা যাব আগন্তুক ছবি "Animal" ত (Ranbirs film Animal) ৷ শেহতীয়াকৈ ছবিখনক লৈ অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ ছবিখনত শ্ৰেষ্ঠ অভিনয় কৰিবলৈ হেঁচা আছিল বুলি কয় ৰণবীৰ কাপুৰে ৷ এনিমেল ছবিখনত শ্ৰেষ্ঠ অভিনয় প্ৰদৰ্শনৰ হেঁচা থকাৰ বাবেই তেওঁ এগৰাকী অভিনেতা হিচাপে নিজকে অযোগ্য বুলি উপলব্ধি কৰিছিল (Bollywood actor Ranbir Kapoor) ৷

কবীৰ সিং ছবিখন নিৰ্মাণ কৰা সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত হৈছে অপৰাধমূলক ছবি এনিমেল (Ranbir talks about Animal) ৷ এই ছবিখনত ৰণবীৰৰ উপৰিও অভিনয় কৰিব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না, ববি দেওল আৰু অনিল কাপুৰ । "এনিমেল" ছবিখনৰ দৃশ্যগ্ৰহণ শেষ হোৱাৰ প্ৰায় ৩০ দিন পূৰ্বেই ৰণবীৰে লক্ষ্য কৰে যে তেওঁৰ বাস্তৱ জীৱনৰ স্বৰূপৰ বিপৰীতে ছবিখনত তেওঁৰ চৰিত্ৰটো হৈছে সূক্ষ্মতাৰ সৈতে এক "আলফা"।

ৰণবীৰ কাপুৰে কয়," পিতৃ-পুত্ৰৰ কাহিনী আৰু অপৰাধ নাটক দুয়োটাই মোৰ বাবে আছিল অচিনাকি । দৰ্শকে এনে চৰিত্ৰত মই অভিনয় কৰিম বুলি আশা নকৰে ।" অভিনেতাগৰাকীয়ে এনিমেল ছবিখনত নিজৰ চৰিত্ৰটোৰ কথা ঠাট্টা হিচাপে সাংবাদিকৰ আগত উল্লেখ কৰে ।

ৰণবীৰে লগতে কয়, " এক সম্পূৰ্ণ নতুন চৰিত্ৰত অভিনয় কৰা মোৰ বাবে এটা প্ৰত্যাহ্বান আছিল ৷ এই চৰিত্ৰই মোক জোকাৰি গৈছিল ৷ এই চৰিত্ৰত অভিনয় কৰিবলৈ মই যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছিল ৷ যাৰ ফলত উপলব্ধি কৰিছিলো যে মই কিমান অপৰ্যাপ্ত আৰু এটা নিৰ্দিষ্ট স্তৰ প্ৰাপ্ত কৰিবলৈ মই কিমান কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷" উল্লেখ্য যে ছবিখন ১১ আগষ্টত মুক্তি লাভ কৰিব । ছবিখনৰ প্ৰযোজনা কৰিছে ভূষণ কুমাৰৰ টি-চিৰিজ, মুৰাদ খেতানিৰ চিনে1 প্ৰডাকচন আৰু প্ৰণয় ৰেড্ডী ভাঙ্গাৰ ভদ্ৰকালী ফিল্মছে (Ranbir and Rashmika)।

৪০ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে এনিমেলৰ পিচত কোনো নতুন প্ৰজেক্টৰ প্ৰতিশ্ৰুতি দিয়া নাই যদিও অভিনেতাগৰাকীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে পৰিচালক অনুৰাগ বসুৰ সৈতে কিশোৰ কুমাৰৰ জীৱনী অতি সোনকালে আৰম্ভ কৰিবলৈ । বিগত সময়ত দুয়োগৰাকীয়ে বৰফী আৰু জগ্গা জাছুছ ছবি দুখনত একেলগে কাম কৰিছিল ।

উল্লেখ্য যে কিছু বছৰ ধৰি অভিনেতাগৰাকীয়ে বায়’পিকত প্ৰখ্যাত গায়কৰ চৰিত্ৰত অভিনয় কৰিব বুলি চৰ্চিত হৈছিল । শেহতীয়াকৈ কলকাতাত অভিনেতাগৰাকীৰ শেহতীয়া ছবি টু ঝুঠি মে মক্কাৰৰ প্ৰচাৰ অনুষ্ঠানত অৱশেষত বায়’পিক ছবিখন কৰাৰ কথা নিশ্চিত কৰে।

লগতে পঢ়ক: Bholaa trailer out: অজয় দেৱগণৰ ছবি ভোলাৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.