ETV Bharat / entertainment

Met Gala 2023 : হাজাৰ হাজাৰ স্ফটিকেৰে সজ্জিত ক’লা শাৰী গাউন পৰিধান কৰি মেট গালাত উপস্থিত হয় ঈশা আম্বানী - আলিয়া ভাট

নিউয়ৰ্কত অনুষ্ঠিত হৈছে মেট গালা ২০২৩ ৰ ফেশ্বন শ্ব’। ভাৰতৰ পৰা আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা আৰু ঈশা আম্বানীয়ে ৰেড কাৰ্পেটত গ্ৰেণ্ড এণ্ট্ৰি কৰা দেখা যায় । ব্যৱসায়ী মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীক ক’লা শাৰীত দেখা গ’ল (Isha Ambani Met Gala 2023) । চাওক ফটো ৷

Isha Ambani stuns at Met Gala 2023 in black saree gown decked with thousands of crystals
মেট গালা ২০২৩ ত ঈশা আম্বানীৰ লুক
author img

By

Published : May 2, 2023, 1:25 PM IST

চিটাৰা ডেস্ক, 2 মে’: হলিউডৰ পৰা বলীউডলৈকে মেট গালা ২০২৩ ৰ ৰেড কাৰ্পেটত বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় চেলিব্ৰিটিয়ে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে । মেট গালাত চেলিব্ৰিটিৰ ৰঙীন সাজ-পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এইবাৰ গালা অনুষ্ঠানত ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা চোপ্ৰা, আলিয়া ভাট, নাটাছা পুনাৱালা আৰু মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানী (Isha Ambani attends Met Gala 2023)।

প্ৰথমবাৰৰ বাবে মেট গালাৰ ৰেড কাৰ্পেটত আলিয়া ভাটে নিজৰ মন্ত্ৰমুগ্ধ ৰূপেৰে অনুৰাগীক উন্মাদ কৰি তুলিছিল ৷ আনহাতে ঈশা আম্বানীৰ লুকে বলীউডৰ সুন্দৰীকো চেৰ পেলোৱা দেখা যায় ৷ ঈশা আম্বানীৰ মেট গালাৰ লুকে লাভ কৰিছে ব্যাপক চৰ্চা (Isha Ambani Met Gala 2023) ৷

Isha Ambani stuns at Met Gala 2023 in black saree gown decked with thousands of crystals
মেট গালা ২০২৩ ত ঈশা আম্বানীৰ লুক

মেট গালাত ঈশা আম্বানীয়ে নিজৰ কল্পনাতীত ফেশ্বন প্ৰদৰ্শন কৰিছিল । ঈশা আম্বানীয়ে পৰিধান কৰিছিল ক’লা ৰঙৰ শাৰী গাউন । ছ’চিয়েল মিডিয়াত ঈশাৰ এই ষ্টানিং লুকক বহুত প্ৰশংসা কৰিছে । বহু বছৰৰ পাচত ঈশাই গালা ইভেণ্টত অংশগ্ৰহণ কৰিছে । ঈশাই পৰিধান কৰিছিল নেপালী-আমেৰিকান ডিজাইনাৰ প্ৰবাল গুৰুঙৰ ডিজাইনাৰ আউটফিট । ক’লা চেটিন শাৰী গাউনটো মুকুতা আৰু স্ফটিকেৰে সজাই তোলা হৈছিল (Isha Ambani in black saree) ।

ক’লা ৰঙৰ চেটিন শাৰী গাউন পৰিধান কৰি ঈশা আম্বানীয়ে নিজৰ লুকেৰে বলীউডৰ সুন্দৰীক চেৰ পেলাবলৈ সক্ষম হৈছে । ক্ৰেপ আউটফিটত ঈশা আম্বানীক অতি সুন্দৰ দেখা পোৱা গৈছিল ৷ ঈশা হাতত পটলি পাৰ্চ এটা লৈ চুলিখিনি ঢিলা কৰি থৈছে। ঈশাৰ লুকটো হীৰা নেকপিছ আৰু ব্ৰেচলেটৰ সৈতে পৰিপূৰক কৰিছিল (Isha Ambani met gala dress) ।

অৱশ্যে মেট গালাত ঈশা আম্বানী অংশগ্ৰহণ এইবাৰেই প্ৰথম নহয় (Isha Ambani met gala 2023 outfit) । ইয়াৰ পূৰ্বে ২০১৯ চনত অনুষ্ঠিত হোৱা গালা ইভেণ্টত উপস্থিত হোৱা দেখা গৈছিল ঈশা আম্বানী ৷ তেতিয়াও ডিজাইনাৰ প্ৰবাল গুৰুঙৰ ড্ৰেছ পৰিধান কৰি গালাত উপস্থিত হৈছিল ঈশা (Designer Prabal Gurung)। ঈশাই তেতিয়া প্ৰিন্সেছ গাউন পৰিধান কৰাৰ লগতে এক্সক্লুছিভ হীৰা গহনাও পৰিধান কৰিছিল । উল্লেখ্য যে, হীৰাৰ গহনাৰ মোহ থকা ঈশাই ডাঙৰ ইভেণ্টত কেৱল হীৰাৰ গহনা পৰিধান কৰাটোৱে পছন্দ কৰে ।

লগতে পঢ়ক : Met Gala 2023 : ৰেড কাৰ্পেটত ক’লা বগা সাজত নিক আৰু প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.